কল্কি ২৮৯৮ এডি (KALKI 2898-A.D) হৈছে নাগ অশ্বিনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন আগন্তুক ভাৰতীয় মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক হৈছে বৈজয়ন্তি মুভিজৰ সি.অশ্বিনী দত্ত। ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, কমল হাছান, দীপিকা পাডুকন, দিশা পাটানি ইত্যাদিয়ে অভিনয় কৰিছে। এই ছবিখনৰ কাহিনীভাগ হিন্দু প্ৰভু বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ পৰা অনুপ্ৰাণিত।১
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বৈজয়ন্তি মুভিজৰ ৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰজেক্ট কে নামেৰে ছবিখন ঘোষণা কৰা হৈছিল। কিন্তু ক’ভিড-১৯ মহামাৰীৰ বাবে এবছৰ পলম হয়। ২০২১ চনৰ জুলাই মাহত হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল। উল্লেখ্য যে তেলেগু আৰু হিন্দী ভাষাত একেলগে শ্বুটিং কৰা হৈছিল।২
কলা-কুশলী
- প্ৰভাস
- অমিতাভ বচ্চন
- কমল হাছান
- দীপিকা পাডুকন
- দিশা পাটানি
- পশুপতি
- সাস্বত চেটাৰ্জী
মুক্তি
কল্কি ২৮৯৮ এডি চলচ্চিত্ৰখন ২০২৪ চনৰ ১২ জানুৱাৰীত চিনেমা হলত মুক্তি পোৱাৰ কথা।৩ প্ৰথম অৱস্থাত ২০২২ চনত মুক্তিৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই ছবিখন ক’ভিড-১৯ মহামাৰী আৰু লেহেমীয়া শ্বুটিঙৰ বাবে পলম হৈছিল। ২০২২ চনৰ জুলাই মাহত প্ৰযোজক দত্তই কৈছিল যে তেওঁলোকে ২০২৪ চনৰ জানুৱাৰী মাহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে।৪
চলচ্চিত্ৰখন তেলুগু ভাষা, হিন্দী ভাষা, তামিল ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা আৰু ইংৰাজী ভাষা ভাষাত মুক্তিৰ পৰিকল্পনা কৰা হৈছে।৫
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ (24 July 2023). Has Prabhas and Deepika Padukone's 'Kalki 2898 AD' release been postponed to May 2024?. The Times of India
- ↑ Prabhas and Deepika's 'Project K' to release on January 12 2024. The Week
- ↑ (28 July 2022). Prabhas-starrer 'Project K' makers eyeing two release dates. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (6 March 2022). Prabhas recalls his first conversation with Deepika Padukone: 'She asked me if I'm shy. I said..'. হিন্দুস্থান টাইমছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্কি ২৮৯৮ এডি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬১৮৬৬ (৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।