কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পদ্মশ্ৰী
পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
-
সাহিত্য অকাডেমি বঁটা
সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়।
-
ন'বেল বঁটা
ন'বেল বঁটা (Nobel Prize, ) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়।
-
ফিল্মফেয়াৰ বঁটা
ফিল্মফেয়াৰ বঁটা হৈছে হিন্দী ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ শৈল্পিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ সম্মানাৰ্থে প্ৰদান কৰা এক বঁটা। ফিল্মফেয়াৰ অনুষ্ঠানটো ভাৰতৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ অনুষ্ঠান। বঁটাবোৰ প্ৰথমবাৰৰ বাবে ১৯৫৪ চনত টাইমচ গ্ৰুপৰ দ্বাৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিচাপে আৰম্ভ হৈছিল।
-
চলচ্চিত্ৰ
চলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি (Cinema বা Film), মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি।
-
পদ্মভূষণ
পদ্মভূষণ (पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।
-
পদ্মবিভূষণ
পদ্মবিভূষণ (Padma Vibhushan, पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়।
-
অৰ্জুন বঁটা
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।
-
বলিউড
জনপ্ৰিয়ভাৱে বলিউড (Bollywood) আৰু পূৰ্বতে বম্বে চিনেমা বুলি জনাজাত হিন্দী চিনেমা প্ৰধানকৈ মুম্বাইত নিৰ্মাণ কৰা হয়। জনপ্ৰিয় শব্দ বলিউড হৈছে "বম্বে" (মুম্বাইৰ পূৰ্বৰ নাম) আৰু "হলিউড"ৰ এটা সংযুক্ত শব্দ।
-
ভাৰতনাট্যম
ভাৰতনাট্যম (Bharat Natyam) দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰতনাট্যম হয়।
-
অস্কাৰ বঁটা
অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে।
-
ভাৰত ৰত্ন
ভাৰত ৰত্ন (भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া বা জেম অৱ ইণ্ডিয়া) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ "উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতা"ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
-
নাটক
নাটক (Drama) সাহিত্যৰ এটি বিশেষ ধৰণ বা বিধা। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে।
-
ভাৰতীয় চলচ্চিত্ৰ
ভাৰতীয় চলচ্চিত্ৰই (Cinema of India) বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰেলা (ৰাজ্য), মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ…
-
কলা
দৃশ্যমান বা অদৃশ্য কোনো ভাবৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্য এনে শিল্পকলাৰ অজস্ৰ ৰূপ বিদ্যমান।
-
কথক
কথক নৃত্য (ইংৰাজী: Kathak Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অৰ্থ হৈছে কথাৰ বৰ্ণনা দিয়া।
-
সংগীত
সংগীতৰ দ্বাৰা গীত, বাদ্য, নৃত্য এই তিনিটা বিষয়ৰ সমাবেশক উল্লেখ কৰা হয়। সংগীতৰ সাধাৰণ সংজ্ঞাত পিচ (যিটো সুৰ তথা ঐক্যন পৰিচালনা কৰে), ছন্দ (আৰু ইয়াৰ লগত সম্পৰ্কিত ধাৰণাবোৰ টেম্পো, মিটাৰ আৰু উচ্চাৰণ), গতিশীলতা (কঠোৰতা আৰু কোমলতা), আৰু গঠন আৰু গাঁথনি ধ্বনিগত গুণাৱলী (যিটো হ'ল কেতিয়াবা কেতিয়াবা…
-
ঢোল
ঢোল সমগ্ৰ ভাৰতীয় উপমহাদেশতে আঞ্চলিক তাৰতম্যৰ সৈতে বহুলভাৱে ব্যৱহৃত এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ। ভাৰত উপমহাদেশ বিভিন্ন অঞ্চলত ঢোলৰ ব্যৱহাৰ কৰা হয় বিশেষকৈ উত্তৰ অঞ্চলৰ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, দিল্লী, কাশ্মীৰ, সিন্ধ, অসম উপত্যকা, উত্তৰাখণ্ড, পশ্চিম বংগ, ওড়িশা, গুজৰাট, মহাৰাষ্ট্ৰ, কংকন,…
-
নাৰী শক্তি পুৰস্কাৰ
নাৰী শক্তি পুৰস্কাৰ (পূৰ্বতে স্ত্ৰী শক্তি পুৰস্কাৰ) মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়।
-
ৰাগ
ৰাগ (;,; ) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত তাৎক্ষণিক সুৰ সৃষ্টিৰ বাবে এক সুৰৰ সুৰৰ পদ্ধতি অনুৰূপ গঠন। এইটো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কেন্দ্ৰীয় বিষয়। প্ৰতিটো ৰাগ সাংগীতিক মোটিফৰ সৈতে সুৰৰ গঠনৰ এক শৃংখলাৰে গঠিত; আৰু, ভাৰতীয় পৰম্পৰাৰ দৃষ্টিভংগীত, ফলত সৃষ্টি হোৱা সংগীতে দৰ্শকসকলৰ আৱেগক জড়িত কৰি "মনক…
-
লোক-সংগীত
লোক-সংগীত (ইংৰাজী: Folk music) হৈছে পৰম্পৰাগত লোক-সংগীত আৰু বিংশ শতিকাৰ লোক পুনৰুজ্জীৱনৰ সময়ত পূৰ্বৰ পৰা বিকশিত হোৱা সমসাময়িক ধাৰাটোক সামৰি লোৱা এটা সংগীত ধাৰা। কিছুমান লোক-সংগীতৰ প্ৰকাৰক বিশ্ব সংগীত বুলি ক’ব পাৰি।
-
ফাকুৱা
ফাঁকুৱা (Holi, होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।
-
সংস্কৃতি
সংস্কৃতি: (culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি। সাধাৰণ অৰ্থত, গীত-মাত, নৃত্য, অভিনয়, চিত্ৰকলা আদি অৰ্থত সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা হয়।
-
ভাৰতীয় ধ্ৰুপদী সংগীত
ভাৰতীয় ধ্ৰুপদী সংগীত (ইংৰাজী: Indian classical music) ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী সংগীত। এই সংগীতক সাধাৰণতে শাস্ত্ৰীয় সংগীত আৰু মাৰ্গ সংগীত বুলিও কোৱা হয়।
-
আন্তৰ্জাতিক নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ।
-
পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী
পৰ্ণগ্ৰাফি চলচ্চিত্ৰৰ অভিনেতা/অভিনেত্ৰী বুলি ক'লে সিহঁতক বুজায় যিয়ে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰত প্ৰদৰ্শিত যৌনতাক দৃশ্যৰ মাধ্যমত উপস্থাপন কৰে। পৰ্ণগ্ৰাফিক ভিডিঅ' নিৰ্মাণ কৰাৰ আগতে অভিনেতা/অভিনেত্ৰীসকলক তেওঁলোকৰ ধাৰা আৰু উপধাৰাৰ ওপৰত ভিত্তি কৰি এনেদৰে বাছনি কৰা হয় যাতে তেওঁলোকে মানুহৰ যৌন কল্পনা পূৰণ…
-
তবলা
তবলা ভাৰতীয় সংগীতৰ এটা জনপ্ৰিয় বাদ্য। বহুতৰ মতে দিল্লীৰ সুধাৰ খাঁ (সিদ্ধাৰ খাঁ) ঢাঢ়ীহে তবলাবাদ্যৰ জন্মদাতা। সুধাৰ খাঁ আছিল ষোড়শ শতিকাৰ সম্ৰাট আকবৰৰ দিনৰ তবলাবাদক। সুধাৰ খাঁৰ তবলা আবিষ্কাৰ কৰাৰ সন্দৰ্ভত কাহিনী এটিও আছে। সেই সময়ত দিল্লীত ভগবান দাস নামৰ আৰু এজন পাখোৱাজ বাদক আছিল।
-
দূৰদৰ্শন (চেনেল)
দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰসাৰ ভাৰতীৰ এটা শাখা। ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।
-
দেৱালী
দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে।
-
উৎসৱ
উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি।