অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক নাৰী দিৱস

আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্‌যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৭৬৪ শব্দ · ৪ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক নাৰী দিৱস (পূৰ্বৰ নাম আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস) প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।১ সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্‌যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন উদ্‌যাপনৰ মুখ্য বিষয় হয়, অন্য ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাই অধিক গুৰুত্ব পায়।

ইতিহাস

এই দিৱস উদ্‌যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰিৰ ক্ষেত্ৰত দেখা পোৱা বৈষম্য, কামৰ সময় নিৰ্দিষ্ট কৰা, কৰ্মক্ষেত্ৰৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰপৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজ তাত্ত্বিকসকল আগবাঢ়ি আহে। ১৯১৪ চনৰপৰা কেইবাখনো দেশত ৮ মাৰ্চ দিনটো পালন কৰিবলৈ আৰম্ভ কৰা হ’ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সম অধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভিপ্সা লৈ পালন কৰা হৈছে।

আধুনিক সংস্কৃতি

বিশ্বৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাৱে চৰকাৰী ছুটীৰ দিন ঘোষণা কৰা হয়। তাৰে ভিতৰত - আফগানিস্তান,২ আৰ্মেনিয়া,৩ আজাৰবাইজান,৪ বেলাৰুছ,৫ বুৰকিনা ফাচো,৬ কম্বোডিয়া,৭ কিউবা, জৰ্জিয়া, গিনি-বিচাউ,২ ইৰিত্ৰিয়া,২ কাজাখাস্তান,৮ কিৰগিজিস্তান,৯ লাওচ,১০ মলদভা,১১ মংগোলিয়া,১২ মন্টেনিগ্ৰো, ৰুছিয়া,২ তাজাকিস্তান,২ তুৰ্কমেনিস্তান,২ উগাণ্ডা,২ ইউক্ৰেইন,২ উজবেকিস্তান,১৩ ভিয়েটনাম১৩ আৰু জাম্বিয়া।১৪

তাৰোপৰি চীন,১৫ মেচিডনিয়া, মাদাগাস্কাৰ,১৬ নেপালত২ কেৱল নাৰীসকলে চৰকাৰী ছুটীৰ দিন উপভোগ কৰে।

নাৰী দিৱসত ৰাষ্ট্ৰসংঘৰ প্ৰতিপাদ্য

বছৰৰাষ্ট্ৰসংঘৰ প্ৰতিপাদ্য ১৭
১৯৯৬অতীত উদযাপন আৰু ভৱিষ্যৎ পৰিকল্পনা (Celebrating the Past, Planning for the Future)
১৯৯৭নাৰী আৰু শান্তি (Women and the Peace Table)
১৯৯৮নাৰী আৰু মানৱাধিকাৰ (Women and Human Rights)
১৯৯৯নাৰীৰ প্ৰতি হিংসামুক্ত পৃথিৱী (World Free of Violence Against Women)
শান্তি স্থাপনত ঐক্যবদ্ধ নাৰী (Women Uniting for Peace)
২০০১নাৰী আৰু শান্তি: সংঘাতৰ সময়ত নাৰীৰ অৱস্থান (Women and Peace: Women Managing Conflicts)
২০০২আফগানিস্তানৰ নাৰীসকলৰ বাস্তৱ অৱস্থা আৰু ভৱিষ্যৎ (Afghan Women Today: Realities and Opportunities)
২০০৩লিংগ সমতা আৰু সহস্ৰাব্দ উন্নয়ন লক্ষ্যমাত্ৰা (Gender Equality and the Millennium Development Goals)
২০০৪নাৰী আৰু এইচ আই ভি/ এইডচ্ (Women and HIV/AIDS)
২০০৫লিংগ সমতাৰ মাধ্যমত নিৰাপদ ভৱিষ্যৎ (Gender Equality Beyond 2005; Building a More Secure Future)
২০০৬সিদ্ধান্ত গ্ৰহণত নাৰী (Women in Decision-making)
২০০৭নাৰী আৰু কন্যাৰ ওপৰত হিংসা দায়মুক্তিৰ সমাপ্তি (Ending Impunity for Violence Against Women and Girls)
২০০৮নাৰী আৰু ও কিশোৰীসকলৰ ক্ষেত্ৰত বিনিয়োগ(Investing in Women and Girls)
২০০৯নাৰী আৰু কিশোৰীৰ প্ৰতি হিংসাৰ বিৰুদ্ধে ঐক্যবদ্ধ নাৰী পুৰুষ (Women and Men United to End Violence Against Women and Girls)
২০১০সম-অধিকাৰ, সম-সুযোগ: সকলোৰ প্ৰগতি (Equal Rights, Equal Opportunities: Progress for All)
২০১১শিক্ষা, প্ৰশিক্ষণ, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত নাৰীৰ সমান অংশগ্ৰহণ (Equal Access to Education, Training, and Science and Technology: Pathway to Decent Work for Women)
২০১২গ্ৰামীণ নাৰীসকলৰ ক্ষমতায়ন- ক্ষুধা আৰু দৰিদ্ৰতা সমাপ্তি (Empower Rural Women, End Poverty and Hunger)
২০১৩এক প্ৰতিশ্ৰুতি: নাৰীৰ সৈতে সংঘটিত হোৱা হিংসামূলক কাৰ্য বন্ধৰ বাবে পদক্ষেপ লোৱাৰ সময় (A Promise is a Promise: Time for Action to End Violence Against Women)
২০১৪নাৰীৰ সমান অধিকাৰ সকলোৰ অগ্ৰগতিৰ নিশ্চয়তা (Equality for Women is Progress for All)
২০১৫নাৰীৰ ক্ষমতায়ন আৰু মানৱতাৰ উন্নয়ন (Empowering Women, Empowering Humanity: Picture it!)
২০১৬২০৩০ চনত পৃথিৱী ৫০-৫০: লিংগ সমতাৰ দিশত এক খোজ ( Planet 50-50 by 2030: Step It Up for Gender Equality)

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Origins and Evolution: Perspectives of Two International Days
  2. ↑ Angola
  3. ↑ Armeniainfo.am
  4. ↑ MSNtour.az
  5. ↑ President's decree on public holidays in Belarus
  6. ↑ Visarequest.co.za
  7. ↑ Cambodiaevisa.com
  8. ↑ E.gov.kz
  9. ↑ Kyrgyz and American Holidays (In Russian). U.S. Embassy Bishkek
  10. ↑ Laoyp.com
  11. ↑ Article 111 (1c) of the work codex of Moldova, PDF, page 53 "Article 111. Non-working holidays. (1) in Moldova, non-working holidays, maintaining the average salary, are: (...) c) March 8 - International Women's Day; (...)"
  12. ↑ Mongolia-web.com
  13. ↑ National Holidays (In Russian). Ministry of Foreign Affairs of the Republic of Uzbekistan
  14. ↑ QPPstudion.net।
  15. ↑ Mofcom.gov.cn
  16. ↑ QPPstudion.net
  17. ↑ {{cite web|url=http://www.un.org/womenwatch/feature/iwd/index.html |title=WomenWatch: International Women's Day |publisher=Un.org |date= |accessdate=2013-02-21}}

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক নাৰী দিৱস” প্ৰবন্ধৰ সংশোধন ৬২৮৬৫৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।