অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দেৱালী

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫৪৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে।১২ এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়"ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়।৩৪ দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়।৫ দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।

দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়।৬ দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।৭৮৯

দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়।১০ ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী-পূজা আৰু পূব ভাৰতৰত কালী-পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে।১১ ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে কেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে।১২১৩

দীপাৱলীৰ তাৎপৰ্য

ভাৰতত দীপাৱলীৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক তাৎপৰ্য অপৰিসীম।

ধৰ্মীয় তাৎপৰ্য্য

দীপাৱলী মূলতঃ হিন্দু উৎসৱ, কিন্তু জৈন আৰু শিখ ধৰ্মৰ দৰে অন্যান্য ধৰ্মইও ইয়াক পালন কৰে। ই বেয়াৰ ওপৰত ভালৰ জয় আৰু আন্ধাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক। দীপাৱলীৰ সময়ত মানুহে ধনৰ দেৱী লক্ষ্মী আৰু বাধা আঁতৰোৱা ভগৱান গণেশক প্ৰাৰ্থনা কৰে।

সামাজিক তাৎপৰ্য্য

দীপাৱলী বছৰৰ এনে এক সময় যেতিয়া পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একত্ৰিত হৈ উদযাপন কৰে। মানুহে উপহাৰ, মিঠাই, শুভেচ্ছা আদান-প্ৰদান কৰে আৰু ই দিয়া-গ্ৰহণৰ সময়। ভাৰততো দীপাৱলীৰ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণি হয়, আৰু মানুহে নিজৰ ব্যৱসায় আৰম্ভ কৰে পৰিষ্কাৰ স্লেটৰ সৈতে।

সাংস্কৃতিক তাৎপৰ্য্য

দীপাৱলী সমগ্ৰ ভাৰততে পালন কৰা এক উৎসৱ, আৰু বিভিন্ন অঞ্চলত ইয়াৰ সাংস্কৃতিক তাৎপৰ্য্য বেলেগ বেলেগ। ভাৰতৰ কোনো কোনো ঠাইত শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়, আন কোনো ঠাইত বছৰৰ শেষৰ ফালে পালন কৰা হয়। দীপাৱলীতো মানুহে নিজৰ ঘৰ-বাৰী আৰু ৰাস্তা-ঘাট লাইট আৰু ৰেংগোলি (ৰঙীন পাউদাৰেৰে তৈয়াৰী সজ্জাৰ আৰ্হি)ৰে সজাই তোলে।

ভাৰতৰ অন্যান্য ধৰ্মাৱলম্বী সকলে দেৱালীৰ লগতে নিজা উৎসৱ পালন কৰে। জৈন সকলে দেৱালীৰ লগতে তীৰ্থকৰ মহাবীৰৰ জ্ঞান প্ৰাপ্তি উদযাপন কৰে।১৪১৫ সেইদৰে শিখ সকলে মোগল কাৰাগাৰৰ পৰা গুৰু হৰগোবিন্দৰ মুক্তিৰ স্মৃতিত বন্দী চৰ দিৱস পালন কৰে।১৬ বৌদ্ধ ধৰ্ম পালন কৰা নেৱাৰ সকলে দেৱালীৰ লগত লক্ষ্মী পূজা আৰু বঙালী সকলে কালী পূজা অনুষ্ঠিত কৰে।১৭ মূল দেৱালী উৎসৱৰ দিনা ফিজি,১৮ গুৱানা,১৯ ভাৰত, মালয়েছিয়া (শ্ৰাৱকৰ বাদে),২০ মৰিছাছ, ম্যানমাৰ,২১ নেপাল,২২ ছিংগাপুৰ,২৩ শ্ৰীলংকা, চুৰিনাম, আৰু ট্ৰিনিদাদ আৰু টবাগ'ত চৰকাৰী বন্ধৰ দিন।২৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The New Oxford Dictionary of English (1998) . p. 540 "Diwali /dɪwɑːli/ (also Divali) noun a Hindu festival with lights..."
  2. ↑ Diwali Encyclopædia Britannica (2009)
  3. ↑ Vasudha Narayanan; Deborah Heiligman. (2008). Celebrate Diwali. National Geographic Society. পৃ. 31. ISBN 978-1-4263-0291-6, Quote: "All the stories associated with Deepavali, however, speak of the joy connected with the victory of light over darkness, knowledge over ignorance, and good over evil"
  4. ↑ Jean Mead, How and why Do Hindus Celebrate Divali?
  5. ↑ Frank Salamone (2004), Encyclopedia of Religious Rites, Rituals and Festivals,, Routledge, pp. 112–13, 174, 252
  6. ↑ Pramodkumar. (March 2008). Meri Khoj Ek Bharat Ki. ISBN 978-1-4357-1240-9
  7. ↑ India Journal: ‘Tis the Season to be Shopping Devita Saraf, The Wall Street Journal (August 2010)
  8. ↑ Henry Johnson 2007, পৃ. 71–73
  9. ↑ Kelly 1988, পৃ. 40–55
  10. ↑ Karen Bellenir (1997), Religious Holidays and Calendars: An Encyclopedic Handbook, 2nd Edition,, Omnigraphics
  11. ↑ Rajat Gupta; Nishant Singh; Ishita Kirar. Hospitality & Tourism Management. Vikas. পৃ. 84. ISBN 978-93-259-8244-4
  12. ↑ Kristen Haar; Sewa Singh Kalsi. (2009). Sikhism. Infobase Publishing. পৃ. 98–99. ISBN 978-1-4381-0647-2
  13. ↑ Shobhna Gupta. (2002). Festivals of India. Har-Anand. পৃ. 84. ISBN 978-81-241-0869-7
  14. ↑ Sharma, S.P.; Gupta, Seema. (2006). Fairs and Festivals of India. Pustak Mahal. পৃ. 79. ISBN 978-81-223-0951-5
  15. ↑ Upadhye, A.N. (Jan–Mar 1982). Mahavira and His Teachings. Journal of the American Oriental Society. পৃ. 231–32
  16. ↑ Geoff Teece. (2005). Sikhism. পৃ. 23. ISBN 978-1-58340-469-0
  17. ↑ Prem Saran. (2012). Yoga, Bhoga and Ardhanariswara: Individuality, Wellbeing and Gender in Tantra. Routledge. পৃ. 175. ISBN 978-1-136-51648-1
  18. ↑ Public জHolidays, Government of Fiji
  19. ↑ Public Holidays, Guyana
  20. ↑ Public Holidays, Government of Malaysia
  21. ↑ Public Holidays, Government of Myanmar
  22. ↑ Public Holidays, Government of Nepal
  23. ↑ Public Gazetted Holidays, Government of Singapore
  24. ↑ ut/p/a1/jdDBDoIwDAbgp-FKC8tUvHFARUwMGBV2MWjmwCAjY4KPL3ozKNpbm-9P_hQYxMDKtMlFqnNZpsVzZ6NDENpIfYfgOkQH7ci3PKQBmY9JB5I3EM1nHfCotQh2BBH_y-OXcX_mN7yEPbBBtqQ90K_5AgM9lsBEIY-vnyRueSQTAUzxM1dcmTfVnTOtq3pqoIFt25pCSlFw8ySvBn6KZLLWEL9LqK7b-O5faNGs3AdjOzzp/dl5/d5/L2dBISEvZ0FBIS9nQSEh/?WCM_GLOBAL_CONTEXT=/gortt/wcm/connect/gortt+web+content/ttconnect/non-national/role/anationalabroad/generalinformation/official+public+holidays Official Public Holidays, Government of Trinidad & Tobago

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱালী” প্ৰবন্ধৰ সংশোধন ৬২৪৮৫৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।