ভাৰতীয় ধ্ৰুপদী সংগীত (ইংৰাজী: Indian classical music) ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী সংগীত।১ এই সংগীতক সাধাৰণতে শাস্ত্ৰীয় সংগীত আৰু মাৰ্গ সংগীত বুলিও কোৱা হয়।২৩ ইয়াৰ দুটা প্ৰধান পৰম্পৰা আছে: হিন্দুস্তানী নামেৰে জনাজাত উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু কৰ্ণাটকী নামেৰে জনাজাত দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় সংগীত।৪ প্ৰায় ১৫ শতিকালৈকে এই দুয়োটা পৰম্পৰা সুকীয়া নাছিল। ভাৰত উপমহাদেশৰ মোগল শাসনৰ সময়ছোৱাত পৰম্পৰাবোৰ পৃথক হৈ সুকীয়া ৰূপত বিকশিত হৈছিল। হিন্দুস্তানী সংগীতে ৰাগৰ সকলো দিশৰ উন্নয়নশীলতা আৰু অন্বেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে কৰ্ণাটকী পৰিবেশন চুটি ৰচনাভিত্তিক হোৱাৰ প্ৰৱণতা থাকে।৫ কিন্তু দুয়োটা ব্যৱস্থাৰ পাৰ্থক্যতকৈ অধিক সাধাৰণ বৈশিষ্ট্য অব্যাহত আছে।৬ ভাৰতৰ পূব অংশৰ আন এক অনন্য শাস্ত্ৰীয় সংগীতৰ পৰম্পৰা হৈছে বিগত দুহাজাৰ বছৰত বিকশিত হোৱা ওড়িছী সংগীত।
ভাৰতৰ ধ্ৰুপদী সংগীতৰ মূল হিন্দু ধৰ্মৰ বৈদিক সাহিত্য আৰু ভৰত মুনিৰ পৰিবেশন কলাৰ ধ্ৰুপদী সংস্কৃত গ্ৰন্থ প্ৰাচীন নাট্য শাস্ত্ৰত পোৱা যায়।৭৮ ত্ৰয়োদশ শতিকাৰ সংস্কৃত গ্ৰন্থ সাৰংগদেৱৰ সংগীত-ৰত্নাকৰক হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত পৰম্পৰা দুয়োটাই নিৰ্দিষ্ট গ্ৰন্থ হিচাপে গণ্য কৰে।৯১০
ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মূল উপাদান আছে, ৰাগ আৰু তাল। স্বৰৰ বিভিন্ন বিন্যাসৰ ওপৰত ভিত্তি কৰি নিৰ্মিত ৰাগে গভীৰভাৱে জটিল সুৰৰ আচ্ছাদন গঠন কৰে, আনহাতে তালে সময়ৰ চক্ৰ জুখিব পাৰে।১১ ৰাগৰ যোগেদি এজন শিল্পীয়ে শব্দৰ পৰা সুৰ নিৰ্মাণ কৰে, আনহাতে তালে তেওঁলোকক সময় ব্যৱহাৰ কৰি ছন্দময় আৰোহনৰ বাবে এক সৃষ্টিশীল কাঠামো প্ৰদান কৰে।১২১৩১৪ ভাৰতীয় শাস্ত্ৰীয় সংগীতত স্বৰৰ মাজৰ স্থানটো প্ৰায়ে স্বৰৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ আৰু ই পৰম্পৰাগতভাৱে পশ্চিমীয়া ধ্ৰুপদী ধাৰণা যেনে ঐকতান, কাউণ্টাৰপইণ্ট, স্বৰসমষ্টি (chord) বা মডুলেচনক পৰিহাৰ কৰে।১৫১৬১৭
তথ্যসূত্ৰ
- ↑ Nettl et al. 1998, পৃ. 573–574
- ↑ Definition
- ↑ Definition
- ↑ Sorrell Narayan 1980, পৃ. 3–4
- ↑ Sorrell Narayan 1980, পৃ. 3–4
- ↑ Sorrell Narayan 1980, পৃ. 4–5
- ↑ Rowell 2015, পৃ. 9–10, 59–61
- ↑ Beck 2012, পৃ. 107–108, Quote: "The tradition of Indian classical music and dance known as Sangeeta is fundamentally rooted in the sonic and musical dimensions of the Vedas (Sama veda), Upanishads and the Agamas, such that Indian music has been nearly always religious in character"
- ↑ Rens Bod. (2013). A New History of the Humanities: The Search for Principles and Patterns from Antiquity to the Present. Oxford University Press. পৃ. 116. ISBN 978-0-19-164294-4
- ↑ Reginald Massey; Jamila Massey. (1996). The Music of India. Abhinav Publications. পৃ. 42. ISBN 978-81-7017-332-8
- ↑ Sorrell Narayan 1980, পৃ. 1–3
- ↑ Nettl 2010
- ↑ James B. Robinson. (2009). Hinduism. Infobase Publishing. পৃ. 104–106. ISBN 978-1-4381-0641-0
- ↑ Vijaya Moorthy. (2001). Romance of the Raga. Abhinav Publications. পৃ. 45–48, 53, 56–58. ISBN 978-81-7017-382-3
- ↑ Austin IFA: Introduction to Carnatic Music. austinifa.org
- ↑ Music. Ravi Shankar
- ↑ Music (GCSE – Indian music and Gamelan). trinity.nottingham.sch.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ধ্ৰুপদী সংগীত” প্ৰবন্ধৰ সংশোধন ৪৩৯৬৩৭ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।