অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অস্কাৰ বঁটা

অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৬৭০ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars)১ হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে। এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰথমে ১৯২৯ চনত 'হলিউড ৰ'জভেল্ট হোটেল'ত অনুষ্ঠিত হৈছিল। অস্কাৰ বঁটা প্ৰতিবছৰে Academy of Motion Picture Arts and Sciences (AMPAS)-ৰ উদ্যোগত প্ৰদান কৰা হয়।২৩

পোনপ্ৰথমে ১৯৫৩ দুৰদুৰ্শনযোগে প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্তমান প্ৰায় ২০০ৰো অধিক দেশত প্ৰচাৰিত হয়।৪ শেহতীয়াকৈ ৮৬ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে লছ এঞ্জেলেছৰ ড'লবি থিয়েটাৰত অনুষ্ঠিত হৈ যায়।৫

ইতিহাস

১৯২৯ চনৰ ১৬ মে' তাৰিখে হ'লিঊড ৰ'জভেল্ট হোটেলত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানত প্ৰায় ২৭০ গৰাকী দৰ্শক উপস্থিত আছিল। ইয়াৰ পৰৱৰ্ত্তী অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানটো মে'ফেয়াৰ হোটেল (Mayfair Hotel) ত অনুষ্ঠিত হয়।৬ এই অনুষ্ঠানত দৰ্শকে এটা টিকেটৰ বিনিময়ত পাঁচ ডলাৰ দিছিল। ১৯২৭-১৯২৮ বৰ্ষত পাৰদৰ্শিতা দেখুওৱা বিভিন্নজনক মুঠতে ১৫টা বঁটা প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানটো পোন্ধৰ মিনিটৰ ভিতৰতে সমাপ্ত হৈছিল।

এই অনুষ্ঠানৰ বিজেতাসকলৰ বিষয়ে তিনিমাহৰ পিছত সংবাদ মাধ্যমযোগে প্ৰচাৰিত হৈছিল। অৱশ্যে পৰৱৰ্ত্তী বৰ্ষৰ পৰাই এই বঁটাৰ বিষয়ে বঁটা প্ৰদান কৰাৰ নিশাই সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল।৬ পৰৱৰ্ত্তী কালত এবাৰ লছ এঞ্জেলেছ টাইমছ নামৰ কাকতখনে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বেই বিজেতা সকলৰ নাম ঘোষণা কৰাত ১৯৪১ চনৰ পৰা বন্ধ লেফাফা ব্যৱহাৰ কৰিবলৈ লয়।৬

প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে 'The Last COmmand' আৰু ' The Way of All Flesh' নামৰ চলচ্চিত্ৰত অভিনয় কৰা Emil Jannings এ। পোণপ্ৰথমে কলা-কুশলীসকলে তেওঁলোকে একোটা বিভাগত দেখুওৱা সকলো পাৰদৰ্শিতাৰ বাবে বঁটা লাভ কৰিছিল। উদাহৰণস্বৰূপে Jannings এ সেইসময়ত অভিনয় কৰা দুয়োখন বোলছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল। কিন্তু চতুৰ্থ অনুষ্ঠানৰ পৰা এই নিয়মৰ সলনি হয়। এইসময়ৰ পৰা কলাকুশলী বিশেষ একোখন বোলছবিৰ বাবে বঁটা প্ৰদান কৰাৰ প্ৰথা আৰম্ভ হয়।

২০১১ চনৰ ৮৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানলৈকে মুঠতে ২,৮৯৪টা অস্কাৰ বঁটা প্ৰদান কৰা হৈছে।৭ বিভিন্ন বিভাগসমূহত বৰ্তমানলৈকে ৩০২ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে অস্কাৰ বঁটা লাভ কৰিছে।

১৯৫৭ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত ২৯তম বঁটা বিতৰণী অনুষ্ঠানত 'শ্ৰেষ্ঠ বিদেশী ভাষাৰ বোলছবি' (Best Foreign Language Film) বিভাগটো আৰম্ভ কৰা হয়।

শিতানসমূহ

  • মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা-১৯২৮ চনৰ পৰা আৰম্ভ
  • শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actor)- ১৯৩৬ চনৰ পৰা
  • মুখ্য ভূমিকাত শ্ৰেষ্ঠা অভিনেত্ৰীৰ অস্কাৰ বঁটা ( Academy Award for Best Actress)-১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠা সহ অভিনেত্ৰীৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actress)-১৯৩৬ চনৰ পৰা
  • শ্ৰেষ্ঠ এনিমেটেড ফীচ্চাৰৰ অস্কাৰ বঁটা (Academy Award for Best Animated Feature) ২০০১ চনৰ পৰা
  • শ্ৰেষ্ঠ এনিমেটেড চুটি ফিল্ম ৰ অস্কাৰ বঁটা (Academy Award for Best Animated Short Film)-১৯৩১ চনৰ পৰা
  • শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফীৰ অস্কাৰ বঁটা (Academy Award for Best Cinematography) ১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Costume Design) ১৯৪৮ চনৰ পৰা
  • শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা (Academy Award for Best Director) ১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠ তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary)১৯৪৩ চনৰ পৰা
  • শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary Short) ১৯৪১ চনৰ পৰা
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Film Editing)-১৯৩৪ চনৰ পৰা
  • শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Foreign Language Film) ১৯৪৭ চনৰ পৰা
  • শ্ৰেষ্ঠ লাইভ একশ্যন চুটি চলচ্চিত্ৰৰ অস্কাৰ বঁটা Academy Award for Best Live Action Short Film) ১৯৩১ চনৰ পৰা
  • শ্ৰেষ্ঠ প্ৰসাধন তথা চুলিৰ সজ্জাৰ অস্কাৰ বঁটা (Academy Award for Best Makeup and Hairstyling) -১৯৮১ চনৰ পৰা
  • শ্ৰেষ্ঠ মৌলিক ষ্ক'ৰৰ অস্কাৰ বঁটা (Academy Award for Best Original Score) -১৯৩৪ চনৰ পৰা
  • শ্ৰেষ্ঠ মৌলিক সংগীতৰ অস্কাৰ বঁটা (Academy Award for Best Original Song)-১৯৩৪ চনৰ পৰা
  • শ্ৰেষ্ঠ মৌলিক ছবিৰ অস্কাৰ বঁটা (Academy Award for Best Picture)-১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Production Design) ১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠ শব্দ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Sound Editing) ১৯৬৩ চনৰ পৰা
  • শ্ৰেষ্ঠ চাউণ্ড মিক্সিঙৰ অস্কাৰ বঁটা (Academy Award for Best Sound) ১৯৩০ চনৰ পৰা
  • শ্ৰেষ্ঠ ভিজুৱেল এফেক্টৰ অস্কাৰ বঁটা (Academy Award for Best Visual Effects) ১৯৩৯ চনৰ পৰা
  • শ্ৰেষ্ঠ এডেপ্টেড স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Adapted Screenplay) ১৯২৮ চনৰ পৰা
  • শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Original Screenplay) ১৯৪০ চনৰ পৰা৮

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pond, Steve. (19 February 2013). AMPAS Drops '85th Academy Awards' - Now It's Just 'The Oscars'. The Wrap
  2. ↑ About the Academy Awards. Academy of Motion Picture Arts and Sciences
  3. ↑ Essex, Andrew. (14 May 1999). The Birth of Oscar. Entertainment Weekly
  4. ↑ History of the Academy Awards. Academy of Motion Picture Arts and Sciences
  5. ↑ 2014 Oscars show moves to March to avoid Winter Olympics clash. Chicago Tribune
  6. ↑ History of the Academy Awards. Academy of Motion Picture Arts and Sciences
  7. ↑ A Brief History of the Oscar. Academy of Motion Picture Arts and Sciences
  8. ↑ (2012-08-24). Music Awards | Rules for the 84th Academy Awards | Academy of Motion Picture Arts & Sciences. Oscars.org

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰৰ বঁটাআন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অস্কাৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৮৫১৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।