সংস্কৃতি: (culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি।১ সাধাৰণ অৰ্থত, গীত-মাত, নৃত্য, অভিনয়, চিত্ৰকলা আদি অৰ্থত সংস্কৃতি শব্দটো ব্যৱহাৰ কৰা হয়। উৎসৱ-পাৰ্বণ, ধৰ্মীয় আচাৰ আদিকো তাৰ লগতে সামৰি লৈ সংস্কৃতি বুলি ধাৰণা কৰা হয়। কিন্তু, বহল অৰ্থত সংস্কৃতি মানুহৰ জীবন প্ৰবাহ, ই ব্যক্তি নিৰ্ভৰ নহয়, বৰং সমাজ নিৰ্ভৰ।
ব্যুৎপত্তি
'সংস্কৃতি' শব্দটো সংস্কৃত শব্দ। সংস্কৃত ভাষাৰ কৃ ধাতুৰ লগত সম্ আৰু ক্তি প্ৰত্যয়ৰ যোগত শব্দটো সাধিত হৈছে সম্+কৃ+ক্তি=সংস্কৃতি।২ ৩ ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি। 'সংস্কৃতি' পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত। যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়। গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট। মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে। সেয়ে ই পৰিৱৰ্তনশীল। নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে।
সংস্কৃতিৰ প্ৰকাৰ
সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। বিভিন্নজনে বিভিন্ন ধৰণে সংস্কৃতিৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছে। সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি৪ সংস্কৃতিৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে:
- অভিজাত সংস্কৃতি
- লোকসংস্কৃতি আৰু
- জনজাতীয় সংস্কৃতি
আনহাতে নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিকসকলে সংস্কৃতিক দুটা বহল ভাগত ভগাইছে৫:
- বস্তুবাদী সংস্কৃতি (Material Culture)
- অবস্তুবাদী সংস্কৃতি (Non-material Culture)
সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি
অভিজাত সংস্কৃতি
অভিজাত সংস্কৃতিক শাস্ত্ৰীয় বা বৈদিকী (sanskritic) বা মাৰ্গী বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি। সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ লোকসংস্কৃতিৰ পূৰ্বে হৈছিল নে পিছত হৈছিল সঠিককৈ কোৱা টান। ভাৰতবৰ্ষৰ প্ৰসংগত ক’ব পাৰি যে, ২৫০০ বছৰৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ জন্ম হৈছে। অভিজাত সংস্কৃতিক “গ্ৰেট ট্ৰেডিছন” আখ্যা দিব পাৰি। লোকসংস্কৃতি নাইবা জনজাতীয় সংস্কৃতিৰ তুলনাত অভিজাত সংস্কৃতি অধিক ৰীতিবদ্ধ, সুনিৰ্দিষ্ট আৰু আত্মসচেতন। সেয়েহে ইয়াৰ পৰিৱৰ্তন লেহেম গতিত হয়।
লোক-সংস্কৃতি
সাধাৰণ লোকৰ সৈতে জড়িত সংস্কৃতিয়েই লোক-সংস্কৃতি। 'লোক' শব্দৰ অৰ্থজন বা ব্যক্তি, 'সংস্কৃতি'ৰ অৰ্থ আচাৰ-আচৰণ, গীত-মাত,অনুষ্ঠান-প্ৰতিষ্ঠান অৰ্থাৎ ব্যক্তিৰ সমগ্ৰ জীৱন-প্ৰক্ৰিয়াক সামৰি লয়। লোক-সংস্কৃতিৰ ইংৰাজী প্ৰতিশব্দ হিচাপে 'folk culture' আৰু 'folklore' ব্যৱহাৰ কৰা হয়। কিন্তু 'folklore' শব্দটোৰ অন্য অৰ্থ হ’ল লোকবিদ্যা। লোকসংস্কৃতিৰ উদ্ভৱ আৰু বিকাশৰ পটভূমি সাধাৰণতে লোকসমাজ অৰ্থাৎ 'folk society'। সম্পূৰ্ণ কৃষিভিত্তিক সমাজখনক লোকসমাজ আখ্যা দিব পাৰি। বৰ্তমান যি সমাজ মহান সভ্যতা(great civilization)ৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাকৈ আছে সেই সমাজক লোক সমাজ আখ্যা দিব পাৰি। কৃষক সমাজক লোক সমাজ আখ্যা দিয়াৰ সপক্ষে মতপোষণ কৰিছে ৰবাৰ্ট ৰেডফিল্ডে। এই সমাজ ব্যৱস্থাৰ সংস্কৃতি ব্যৱস্থাটোক লোক-সংস্কৃতি বুলিব পাৰি। ৰিচাৰ্ড এম্.ডৰচনৰ মতে লোকসংস্কৃতিৰ ভাগ চাৰিটা৬:
- মৌখিক সাহিত্য (oral literature),
- ভৌতিক সংস্কৃতি (material culture),
- সামাজিক লোক ৰীতি-নীতি (social folk custom), আৰু
- লোক পৰিৱেশ্য কলা (performing folk arts)।
জনজাতীয় সংস্কৃতি
জনজাতীয় লোকসকলৰ জীৱন-প্ৰণালীৰ লগত জড়িত সংস্কৃতিয়েই জনজাতীয় সংস্কৃতি। লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। জনজাতীয় সংস্কৃতি স্বয়ংসম্পূৰ্ণ (self contained)। কিন্তু, কেতিয়াবা অভিজাত বা লোকসংস্কৃতিৰ প্ৰভাৱ পৰিলে ইয়াৰ স্বতন্ত্ৰতা নষ্ট হ'ব পাৰে। জনজাতীয় সংস্কৃতি বহু পৰিমাণে অক্ষত হৈ থাকে। জনজাতীয় সংস্কৃতিৰ দ্বাৰা অভিজাত সংস্কৃতি বা লোকসংস্কৃতি প্ৰভাৱান্বিত হোৱা দেখা যায়।
নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিকসকলৰ মতে
বস্তুবাদী সংস্কৃতি
মানৱসৃষ্ট সকলোবিলাক ইন্দ্ৰিয়গ্ৰাহ্য বস্তু বা সামগ্ৰীকে বস্তুবাদী সংস্কৃতি বুলিব পাৰি, যেনে - সা- সামগ্ৰী, ঘৰ-দুৱাৰ, আচবাব, স্থাপত্য-ভাস্কৰ্য, চিত্ৰকলা আদি।
অবস্তুবাদী সংস্কৃতি
এই সংস্কৃতি স্পৰ্শ কৰিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পাৰি। এই সংস্কৃতি অভ্যন্তৰীণ আৰু প্ৰমূল্যগত। মানুহৰ চিন্তাধাৰা, ৰীতি-নীতি, মূল্যবোধ, আচাৰ -ব্যৱহাৰ, পৰম্পৰা আদিৰ জৰিয়তে অবস্তুবাদী সংস্কৃতিৰ প্ৰকাশ পায়।
তথ্যসূত্ৰ
- ↑ হেমকোষ, পৃ: নং, ১২৫৫; সম্পা: দেবানন্দ বৰুৱা, ২০১৫
- ↑ (2024-12-06). সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপ বিচাৰ. Assameses Culture and Civilization
- ↑ শৰ্মা, ড॰ নবীন চন্দ্ৰ. (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস. বাণী প্ৰকাশ
- ↑ শৰ্মা,ড॰ নবীন চন্দ্ৰ. (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস. বাণী প্ৰকাশ. পৃ. ৪০
- ↑ Macionis, John J; Gerber, Linda Marie. (2011). Sociology. Pearson Prentice Hall. পৃ. 53. ISBN 978-0-13-700161-3
- ↑ শৰ্মা, ড॰ নবীন চন্দ্ৰ. (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস'. বাণী প্ৰকাশ. পৃ. ৪৯,৫০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৬৩১৬৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।