অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অৰ্জুন বঁটা

অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।

হালনাগাদ: ৬ এপ্ৰিল ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।১ হিন্দু ধৰ্মত তেওঁক কঠোৰ পৰিশ্ৰমী, নিষ্ঠা আৰু একাগ্ৰতাৰ প্ৰতীক হিচাপে ধৰা হয়।২ ইয়াক বছৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা হয়। ১৯৯১–১৯৯২ চনত মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰৱৰ্তনৰ পূৰ্বে অৰ্জুন বঁটাই ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান আছিল।৩ এই বঁটাৰ বাবে মনোনয়ন পত্ৰ সকলো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচন, ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ (এছ এ আই), ক্ৰীড়া প্ৰচাৰ আৰু নিয়ন্ত্ৰণ ব'ৰ্ড, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু বিগত বৰ্ষৰ মেজৰ ধ্যানচন্দ্ৰ খেলৰত্ন, অৰ্জুন আৰু দ্ৰোনাচাৰ্য বঁটা বিজয়ীৰ পৰা লোৱা হয়। বঁটা প্ৰাপকসকলক মন্ত্ৰালয়ে গঠন কৰা এখন সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “চাৰি বছৰৰ সময়ছোৱাত ক্ৰীড়াৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন’’ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত “নেতৃত্ব, ক্ৰীড়াশৈলী আৰু অনুশাসনৰ গুণ’’ প্ৰদৰ্শন কৰাৰ বাবে সন্মানিত কৰা হয়। ২০২০ চনৰ হিচাপত এই বঁটাত আছে, “অৰ্জুনৰ ব্ৰঞ্জৰ মূৰ্তি, প্ৰমাণপত্ৰ, আনুষ্ঠানিক অংগবস্ত্ৰ, আৰু ১৫ লাখ টকা (১৮,০০০ মাৰ্কিন ডলাৰ) নগদ পুৰস্কাৰ। ’’

১৯৬১ চনত দেশৰ অসাধাৰণ ক্ৰীড়াবিদসকলক সন্মান জনাবলৈ সৃষ্টি কৰা,৪ বহু বছৰ ধৰি প্ৰচলিত এই বঁটাটোৰ কেইবাটাও সম্প্ৰসাৰণ, পৰ্যালোচনা আৰু যুক্তিসংগতকৰণ কৰা হৈছে। ১৯৭৭ চনত এই বঁটাটোৱে সকলো স্বীকৃতিপ্ৰাপ্ত শাখাকে সামৰি লোৱাৰ লগতে ১৯৯৫ চনত থলুৱা খেল আৰু শাৰীৰিকভাৱে অক্ষম শাখাৰো প্ৰৱৰ্তন কৰে আৰু ১৯৯৫ চনত “আজীৱন অৱদান’’ৰ শিতান প্ৰৱৰ্তন কৰি ২০০২ চনত সুকীয়া ধ্যান চান্দ বঁটাৰ সৃষ্টি কৰে।৫৬ ২০১৮ চনৰ শেহতীয়া সংশোধনীত উল্লেখ কৰা হৈছে যে, এই বঁটা কেৱল অলিম্পিক গেমছ, পেৰা-অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বিপ আৰু বিশ্বকাপৰ দৰে ইভেণ্টত অন্তৰ্ভুক্ত শাখাসমূহৰ লগতে ক্ৰিকেট, পৰম্পৰাগত খেল আৰু পেৰাস্প’ৰ্টছকহে প্ৰদান কৰা হয়। তদুপৰি বছৰত মাত্ৰ পোন্ধৰটা বঁটা দিয়াৰ কথা বিবেচনা কৰা হৈছে, তাৰ ভিতৰত বৃহৎ বহু-ক্ৰীড়া অনুষ্ঠানত উৎকৃষ্ট প্ৰদৰ্শনৰ ক্ষেত্ৰত শিথিলতা, দলীয় ক্ৰীড়া, লিংগ অনুসৰি আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানজনক শ্ৰেণীক অন্ততঃ এটা বঁটা প্ৰদান কৰা।

ইতিহাস

২০০১ চনৰ পৰা এই বঁটা কেৱল তলত উল্লেখ কৰা শাখাসমূহৰ অন্তৰ্গত শাখাসমূহতহে প্ৰদান কৰা হয়।

  • অলিম্পিক গেমছ / এছিয়ান গেমছ / কমনৱেলথ গেমছ / বিশ্বকাপ / বিশ্ব চেম্পিয়নশ্বিপ শাখা আৰু ক্ৰিকেট
  • পৰম্পৰাগত খেল
  • বিশেষভাৱে সক্ষমসকলৰ বাবে ক্ৰীড়া

প্ৰাপকৰ তালিকা

  • অৰ্জুন বঁটা প্ৰাপকৰ তালিকা (১৯৬১-১৯৬৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (১৯৭০-১৯৭৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (১৯৮০–১৯৮৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (১৯৯০–১৯৯৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (২০০০–২০০৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা (২০১০–২০১৯)
  • অৰ্জুন বঁটা প্ৰাপ্তৰ তালিকা(২০২০-২০২৯)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Davis, Richard H. (26 October 2014). The Bhagavad Gita. ISBN 978-0-691-13996-8
  2. ↑ (26 August 2009). Sports Ministry unveils new look Sports Awards. Press Information Bureau, India
  3. ↑ (18 August 1992). Vishwanathan Anand gets Rajiv Gandhi Khel Ratna Award. Press Information Bureau, India
  4. ↑ Bhardwaj, D. K. India in Sports: Some Fabulous Achievements. Press Information Bureau, India
  5. ↑ (12 October 1977). Cash awards for Arjuna winners. Press Information Bureau, India
  6. ↑ (24 May 1995). Arjuna Awards further expanded. Press Information Bureau, India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানঅৰ্জুন বঁটা বিজয়ীভাৰতৰ ক্ৰীড়াভিত্তিক বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন বঁটা” প্ৰবন্ধৰ সংশোধন ৬০০০৭০ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।