অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰত ৰত্ন

ভাৰত ৰত্ন (भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া বা জেম অৱ ইণ্ডিয়া) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ "উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতা"ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৯৩
সংশোধনৰ পৰামৰ্শ

ভাৰত ৰত্ন (भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া১ বা জেম অৱ ইণ্ডিয়া২) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।৩ জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ "উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতা"ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়। নিজ নিজ ক্ষেত্ৰলৈ অপৰিসীম অৱদান আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। এই বঁটা প্ৰথমে কলা, সাহিত্য, বিজ্ঞান, আৰু ৰাজহুৱা সেৱাৰ কৃতিত্বৰ মাজতে সীমাবদ্ধ আছিল যদিও ভাৰত চৰকাৰে ২০১১ চনৰ ডিচেম্বৰ মাহত এই মাপকাঠী সম্প্ৰসাৰণ কৰি "মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰ"ক সামৰি লয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।৪ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে (২০২৪ চন) ৫৩ গৰাকী ব্যক্তিক এই সম্মান প্ৰদান কৰা হৈছে। ভাৰতীয় সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফৰ খান (পাকিস্তান), নেলছন মেণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল।

২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।৫

বঁটাৰ গঠন

ভাৰত ৰত্নৰ মূল নিৰ্দিষ্ট বিৱৰণ অনুসৰি, এই বঁটাটো এটা বৃত্তাকাৰ সোণৰ পদক যাৰ মাজত অঙ্কিত বস্তুবোৰৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু নীতিবাক্য সন্নিবিষ্ট কৰা হৈছে। এই বিৱৰণী অনুসাৰে কেতিয়া ভাৰত ৰত্ন পদকটো নিৰ্মাণ কৰা হৈছিল সেইটো জনা নাযায়। প্ৰকৃত পদকটি আঁহত পাতৰ আকাৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ একোণত দেৱনাগৰী লিপিত “ভাৰত ৰত্ন” শব্দ দুটি লিপিবদ্ধ কৰা হৈছে আৰু ওপৰৰ দিশত জাতীয় প্ৰতীক আৰু নীতিবাক্যটি খোদিত আছে।

ইতিহাস

১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত অৰ্থাৎ জানুৱাৰী, ১৯৫৪ চনত মৰোণত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা নাছিল। এই কাৰণতেই হয়তো মহাত্মা গান্ধীক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা নহ’ল। ১৯৫৫ চনৰ জানুৱাৰীৰ পৰাহে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। পৰৱৰ্তী সময়ত সুভাষ চন্দ্ৰ বসু সহ মুঠ ১২ জনক মৰোণত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হয়। কিন্তু পাছত আইনী জটিলতাৰ বাবে সুভাষচন্দ্ৰ বসুৰ ভাৰত ৰত্ন ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ বাধ্য হয়। এইটোৱেই পুৰস্কাৰ প্ৰত্যাহাৰৰ একমাত্ৰ নিদৰ্শন। ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত প্ৰায় তিনি বছৰ মোৰাৰজী দেশাই পৰিচালিত চৰকাৰৰ আমোলাত অন্যান্য পদ্ম পুৰস্কাৰৰ লগত ভাৰত ৰত্নও ৰদ কৰা হৈছিল।

বিজয়ীসকল

তলৰ তালিকাত ভাৰত ৰত্ন বিজয়ীসকলৰ তথ্য দিয়া হৈছে:৬

+ সংকেত
+ভাৰত ৰত্ন বিজয়ীসকলৰ তালিকা৭
বৰ্ষবিজয়ীটোকা
১৯৫৪C Rajagopalachari Feb 17 2011.JPGচক্ৰৱৰ্তী ৰাজাগোপালাচাৰীস্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তিম গৱৰ্ণৰ জেনেৰেল৮
Photograph of Sarvepalli Radhakrishnan presented to First Lady Jacqueline Kennedy in 1962.jpgসৰ্বপল্লী ৰাধাকৃষ্ণণদাৰ্শনিক, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি (১৯৫২-৬২) আৰু দ্বিতীয় ৰাষ্ট্ৰপতি (১৯৬২-৬৭)।৯১০ ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিন ৫ ছেপ্টেম্বৰটো ভাৰতত শিক্ষক দিৱসৰূপে পালন কৰা হয়।১১
Sir CV Raman.JPGচি ভি ৰামনন'বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী১২
১৯৫৫Bhagwan Das 1969 stamp of India.jpgভগৱান দাসস্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালৱীয়ৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপনৰ বাবেও কাম কৰে।১৩
Vishveshvarayya in his 30's.jpgমোক্ষগুণ্ডম বিশ্বেশ্বৰায়অভিযন্তা, লোকনায়ক, মহীশূৰৰ দেৱান (১৯১২-১৮)। তেখেতৰ জন্মদিন ১৫ ছেপ্টেম্বৰটো ভাৰতত অভিযন্তা দিৱসৰূপে পালন কৰা হয়।১৪
জৱাহৰলাল নেহৰুস্বাধীনতা সংগ্ৰামী, লিখক, স্বাধীন ভাৰতৰ প্ৰথম আৰু সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী (১৯৪৭–৬৪)।১৫১৬
১৯৫৭Pandit Govind Ballabh Pant.jpgগোবিন্দ বল্লভ পণ্টস্বাধীনতা সংগ্ৰামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী১৭
১৯৫৮Dr Dhondo Keshav Karve Cropped.pngধন্দ কেশৱ কৰ্ৱেশিক্ষক, সমাজ সংস্কাৰক১৮
১৯৬১বিধান চন্দ্ৰ ৰয়চিকিৎসক, পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী।১৯ তেখেতৰ জন্ম আৰু মৃত্যুৰ দিন ১ জুলাইক ভাৰতত "চিকিৎসক দিৱস" ৰূপে পালন কৰা হয়।২০
পুৰুষোত্তম দাস টেণ্ডনস্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ। ৰাজৰ্ষি উপাধিৰে পৰিচিত টেণ্ডনে হিন্দী ভাষাক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা বিচাৰি কৰা অভিযানত অংশ লৈছিল।২১
১৯৬২ৰাজেন্দ্ৰ প্ৰসাদস্বাধীনতা সংগ্ৰামী, ন্যায়াধীশ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি২২ He was later elected as the first President of India (1950–62).৯
১৯৬৩জাকিৰ হুছেইনস্বাধীনতা সংগ্ৰামী, পণ্ডিত, গান্ধীবাদী, ভাৰতৰ দ্বিতীয় উপ-ৰাষ্ট্ৰপতি (১৯৬২-৬৭) আৰু তৃতীয় ৰাষ্ট্ৰপতি (১৯৬৭-৬৯)৯১০
পাণ্ডুৰাংগ বমন কানেভাৰততত্ত্ববিদ আৰু সংস্কৃত পণ্ডিত২৩
১৯৬৬লালবাহাদুৰ শাস্ত্ৰীস্বাধীনতা সংগ্ৰামী, ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী (১৯৬৪–৬৬)১৫২৪
১৯৭১ইন্দিৰা গান্ধীস্বাধীনতা সংগ্ৰামী, ভাৰতৰ চতুৰ্থ আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী১৫২৫
১৯৭৫বৰাহগিৰি ভেংকট গিৰিট্ৰেড ইউনিয়িন নেতা আৰু চতুৰ্থ ৰাষ্ট্ৰপতি (১৯৬৯–৭৪)৯২৬২৭
১৯৭৬কে কামৰাজস্বাধীনতা সংগ্ৰামী, মাদ্ৰাছ জিলাৰ মুখ্যমন্ত্ৰী২৮২৯
১৯৮০মাদাৰ টেৰেছা১৯৭৯ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী৩০
১৯৮৩বিনোৱা ভাৱেসমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, মহাত্মা গান্ধীৰ অন্যতম প্ৰধান শিষ্য।৩১ তেওঁক আচাৰ্য উপাধিৰে বিভূষিত কৰা হয় আৰু ১৯৫৮ চনত ৰমন মেগছেছে বঁটা প্ৰদান কৰা হয়।৩২
১৯৮৭খান আব্দুল গফ্ফৰ খানছৰহদী গান্ধী (সীমান্তৰ গান্ধী) নামেৰে জনাজাত স্বাধীনতা সংগ্ৰামী আৰু পাখতুন নেতা, প্ৰথম অধিকাৰপ্ৰাপ্ত ভাৰতীয় নাগৰিক৩৩
১৯৮৮এম জি ৰামচন্দ্ৰনচলচ্চিত্ৰ অভিনেতা, তামিলনাডুৰ মুখ্যমন্ত্ৰী২৮
১৯৯০ভীমৰাও ৰামজী আম্বেদকাৰভাৰতীয় সংবিধানৰ ৰূপকাৰ, দলিত নেতা, সমাজ সংস্কাৰক, অৰ্থনীতিবিদ আৰু পণ্ডিত৩৪৩৫
নেলছন মেণ্ডেলাদ্বিতীয় অনাগৰিক আৰু প্ৰথম অভাৰতীয়, দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য নীতি বিৰোধী আন্দোলনৰ নেতা আৰু ৰাষ্ট্ৰপতি, ১৯৯৩ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী।৩৬ তেখেতক "দক্ষিণ আফ্ৰিকাৰ গান্ধী" নামেৰেও জনা যায়।৩৭
১৯৯১ৰাজীৱ গান্ধীভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী (১৯৮৪-৮৯)১৫
বল্লভভাই পেটেলস্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। তেওঁক চৰ্দাৰ উপাধিৰে জনা গৈছিল৩৮৩৯
মোৰাৰজী দেশাইস্বাধীনতা সংগ্ৰামী, ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী (১৯৭৭–৭৯)।১৫ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান নিচান-এ-পাকিস্তান লাভ কৰা তেখেত হৈছে একমাত্ৰ ভাৰতীয় নাগৰিক।৪০
১৯৯২আবুল কালাম আজাদস্বাধীনতা সংগ্ৰামী, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী। তেওঁৰ জন্ম দিন ১১ নৱেম্বৰটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।৪১
জাহাংগীৰ ৰতনজী দাদাভাই টাটাউদ্যোগপতি আৰু সমাজসেৱক৪২
সত্যজিৎ ৰায়বঙালী চলচ্চিত্ৰ নিৰ্মাতা। তেখেতৰ পৰিচালিত পথেৰ পাঁচালী (১৯৫৫) ছবিৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আহে।৪৩ ১৯৮৪ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।৪৪
১৯৯৭গুলজাৰিলাল নন্দাস্বাধীনতা সংগ্ৰামী, ভাৰতৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী (১৯৬৪, ১৯৬৬) আৰু পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ১৫৪৫
অৰুণা আছফ আলিস্বাধীনতা সংগ্ৰামী, দিল্লীৰ প্ৰথম মেয়ৰ। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত বোম্বাইৰ গোৱালিয়া টেংক ময়দানত ইউনিয়ন জেক নমাই আনি তাৰ ঠাইত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে জনা যায়।৪৬
এ পি জে আব্দুল কালামবিজ্ঞানী আৰু ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি (২০০২-০৭)।৯ ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ যান বিকাশ কৰাৰ প্ৰকল্পটো তেখেতে পৰিচালনা কৰিছিল। তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক "ভাৰতৰ মিছাইল মানৱ" নামেৰেও জনা যায়।৪৭
১৯৯৮এম এছ চুব্বালক্ষ্মীকণ্ঠশিল্পী, কৰ্ণাটক শাস্ত্ৰীয় সঙ্গীতজ্ঞ৪৮
চিদাম্বৰম সুব্ৰমনিয়ামস্বাধীনতা সংগ্ৰামী, কৃষিমন্ত্ৰী। ভাৰতৰ সেউজ বিপ্লৱলৈ কৰা অৱদানৰ বাবে তেখেতক জনা যায়।৪৯
১৯৯৯জয়প্ৰকাশ নাৰায়ণস্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। "লোক নায়ক" নামেৰে বিখ্যাত।৫০
অমৰ্ত্য সেনঅৰ্থনীতিবিদ আৰু ১৯৯৮ চনত অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী।৫১
গোপীনাথ বৰদলৈস্বাধীনতা সংগ্ৰামী, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী (১৯৪৬-৬০)।৫২ "লোকপ্ৰিয়" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ প্ৰথম ব্যক্তি।৫৩
ৰবি শংকৰগ্ৰেমী বঁটা বিজয়ী চিতাৰ বাদক৫৪
২০০১লতা মংগেশকাৰনেপথ্য কণ্ঠশিল্পী। ৫৫ ১৯৯৮ চনত তেখেতলৈ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।৪৪
বিছমিল্লাহ খানভাৰতীয় শাস্ত্ৰীয় চেহনাই বাদক৫৬
২০০৮ভীমসেন যোশীভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী৫৭৫৮
২০১৪চি এন আৰ ৰাওৰসায়ন বিজ্ঞানী৫৯
শচীন তেণ্ডুলকাৰক্ৰিকেটাৰ৬০৬১
২০১৫মদন মোহন মালৱীয়শিক্ষাবিদ আৰু ৰাজনীতিবিদ, অখিল ভাৰতীয় হিন্দু মহাসভাৰ আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি৬২
অটল বিহাৰী বাজপায়ীভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী১৫
২০১৯প্ৰণব মুখাৰ্জীভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি
ভূপেন হাজৰিকাগায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক। "সুধাকণ্ঠ" উপাধিৰে বিভূষিত, ভাৰত ৰত্ন লাভ কৰা তেওঁ অসমৰ দ্বিতীয় ব্যক্তি।৬৩
নানাজী দেশমুখসমাজকৰ্মী, ৰাজনীতিবিদ। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল।
২০২৪কৰ্পূৰী ঠাকুৰৰাজনীতিবিদ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী। ভাৰতত প্ৰথমবাৰৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ প্ৰণেতা।৬৪
লালকৃষ্ণ আদৱানীভাৰতীয় ৰাজনীতিবিদ আৰু ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সহ-প্ৰতিষ্ঠাপক৬৫
পি ভি নৰসিংহ ৰাওএগৰাকী ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ অৰ্থনীতিৰ উদাৰীকৰণ সংস্কাৰ প্ৰৱৰ্তনৰ বাবে জনাজাত।৬৬
চৌধুৰী চৰণ সিংকৃষক নেতা, ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৬৭
এম এছ স্বামীনাথনভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী আৰু প্ৰশাসক। তেওঁ সেউজ বিপ্লৱৰ বিশ্বব্যাপী নেতা হিচাপে জনাজাত। তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি গণ্য কৰা হয়।৬৮

টোকা

মৰণোত্তৰভাৱে বঁটা প্ৰদান

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mahajan, Vidya Dhar. (1971). The Constitution of India. Eastern Book Company. পৃ. 169
  2. ↑ Hoiberg, Dale. (2000). Students' Britannica India. Encyclopedia Britannica (India). পৃ. Vol. 3, p198. ISBN 0-85229-760-2
  3. ↑ Pylee, Moolamattom Varkey. (1971). The Constitution of India. S. Chand & Company Ltd. পৃ. 114. ISBN 978-81-219-2203-6
  4. ↑ Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃ. 9
  5. ↑ (16 December 2011). Govt changes criteria for Bharat Ratna; now open for all. The Hindu. Press Trust of India
  6. ↑ ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭). ভাৰতৰ গৃহ মন্ত্ৰালয়
  7. ↑ List of recipients of Bharat Ratna (1954–2015). Ministry of Home Affairs (India)
  8. ↑ Profile: Chakravarti Rajagopalachari. Encyclopædia Britannica * Government of Tamil Nadu: Chief Ministers of Tamil Nadu since 192. Government of Tamil Nadu
  9. ↑ Former President of India. The President's Secretariat
  10. ↑ Former Vice President of India. The Vice President's Secretariat
  11. ↑ Dr. Sarvepalli Radhakrishnan: The Philosopher President. Press Information Bureau (PIB)
  12. ↑ The Nobel Prize in Physics 1930. Nobel Foundation * Sir Venkata Raman Facts. Nobel Foundation
  13. ↑ About Us—Mahatma Gandhi Kashi Vidyapith Varanasi. Mahatma Gandhi Kashi Vidyapith * Masih, Niha. (1 January 2015). Varanasi: The City of Bharat Ratnas. NDTV
  14. ↑ (15 September 2012). Engineer's Day in India: celebrating M. Visvesvaraya's birthday. IBN Live * The Architect of India's Nuclear Programme. Vigyan Prasar
  15. ↑ Prime Ministers of India. Prime Minister's Office (India)
  16. ↑ Guha, Ramachandra. (11 January 2014). Leave it to history: India's best and worst prime ministerse. The Telegraph
  17. ↑ Chief Minister of Uttar Pradesh. Uttar Pradesh Legislative Assembly * Nation pays homage to Pandit Govind Ballabh Pant on his 127th birth anniversary. Business Standard
  18. ↑ Osnes 2013, পৃ. 104
  19. ↑ Kalra, R.N. (3 July 2011). A doctor par excellence. The Hindu
  20. ↑ Premiers/Chief Ministers of West Bengal. West Bengal Legislative Assembly
  21. ↑ Profile: Purushottam Das Tandon. Encyclopædia Britannica
  22. ↑ Profile: Rajendra Prasad. Encyclopædia Britannica
  23. ↑ Mumbai University Alumni. University of Mumbai
  24. ↑ Profile: Lal Bahadur Shastri. Encyclopædia Britannica
  25. ↑ Profile: Indira Gandhi. Encyclopædia Britannica
  26. ↑ Mansingh, Surjit. (2006). Historical Dictionary of India. Scarecrow Press. পৃ. 240. ISBN 978-0-8108-6502-0
  27. ↑ Dubey, Scharada. (2009). First among equals President of India. Westland. পৃ. 37–44. ISBN 978-81-89975-53-1
  28. ↑ Details of terms of successive legislative assemblies constituted under the constitution of India. Tamil Nadu Legislative Assembly
  29. ↑ Profile: Kumaraswami Kamaraj. Encyclopædia Britannica
  30. ↑ Profile: Blessed Mother Teresa. Encyclopædia Britannica * Mother Teresa—Biographical. Nobel Foundation * The Nobel Peace Prize 1979. Nobel Foundation
  31. ↑ Profile: Vinoba Bhave. Encyclopædia Britannica
  32. ↑ Ramon Magsaysay Award winners. Ramon Magsaysay Award Foundation
  33. ↑ Profile: Abdul Ghaffar Khan. Encyclopædia Britannica
  34. ↑ Profile: Bhimrao Ramji Ambedkar. Encyclopædia Britannica
  35. ↑ Some Facts of Constituent Assembly. Parliament of India. National Informatics Centre
  36. ↑ Profile: Nelson Mandela. Encyclopædia Britannica
  37. ↑ (7 December 2013). Nelson Mandela, the 'Gandhi of South Africa', had strong Indian connections. Deccan Chronicle. Press Trust of India
  38. ↑ (13 December 2013). Patel's communalism—a documented record. Frontline * Sardar Patel: Builder of a Steel Strong India. Press Information Bureau * (19 November 2013). Who betrayed Sardar Patel?. The Hindu
  39. ↑ Profile: Vallabhbhai Jhaverbhai Patel. Encyclopædia Britannica
  40. ↑ Bhatia, Shyam. (11 July 2001). When India and Pakistan almost made peace. Rediff.com
  41. ↑ (14 November 2011). National Education Day celebrated. The Hindu * Sharma, Arun Kumar. (7 November 2010). Visionary educationist. The Tribune
  42. ↑ Profile: J.R.D. Tata. Encyclopædia Britannica * Shah, Shashank; Ramamoorthy, V.E. (2013). Soulful Corporations: A Values-Based Perspective on Corporate Social Responsibility. Springer Science & Business Media. পৃ. 149. ISBN 978-81-322-1275-1
  43. ↑ Sight and Sound Poll 1992: Critics. California Institute of Technology * Kevin Lee. (5 September 2002). A Slanted Canon. Asian American Film Commentary * Greatest Film Directors and Their Best Films. Filmsite.org * The Greatest Directors Ever by Total Film Magazine. Filmsite.org
  44. ↑ Dadasaheb Phalke Awards. Directorate of Film Festivals
  45. ↑ (15 January 1998). Former PM Gulzarilal Nanda dead. Rediff.com
  46. ↑ Singh, Kuldeep. (31 July 1996). Obituary: Aruna Asaf Ali. The Independent
  47. ↑ (26 July 2002). Bio-data: Avul Pakir Jainulabdeen Abdul Kalam. Press Information Bureau (PIB)
  48. ↑ (12 December 2004). M S Subbulakshmi: 'Nightingale' of Carnatic music. Rediff.com * (16 September 2013). M. S. Subbulakshmi commemorated with a doodle. Rediff.com
  49. ↑ (18 February 1998). C Subramaniam awarded Bharat Ratna. Rediff.com
  50. ↑ Merchant, Minhaz; Bobb, Dilip; Louis, Arul B. (6 March 2014). Jayapraksh Narayan: A leader betrayed. India Today
  51. ↑ The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 1998. Nobel Foundation
  52. ↑ Assam Legislative Assembly—Chief Ministers since 1937. Assam Legislative Assembly
  53. ↑ Phukan, Sandeep. (8 February 2014). In Assam, Narendra Modi describes how Congress 'betrayed' it. NDTV
  54. ↑ Profile: Ravi Shankar. Encyclopædia Britannica
  55. ↑ Gulzar Nihalani Chatterjee, পৃ. 486, 487
  56. ↑ (21 August 2006). Indian music's soulful maestro. BBC News
  57. ↑ Jamkhandi, Gururaj. (26 January 2011). Torch-bearers of kirana gharana, and their followers. The Times of India
  58. ↑ Thakur 2010, পৃ. 77–86
  59. ↑ Indian Fellow: Professor Chintamani Nagesa Ramachandra Rao. Indian National Science Academy * Profile: Rao C.N.R. Jawaharlal Nehru Centre for Advanced Scientific Research * Research: Rao C.N.R. Jawaharlal Nehru Centre for Advanced Scientific Research
  60. ↑ Profile: Sachin Tendulkar. Encyclopædia Britannica
  61. ↑ (13 September 2015). Records/Combined Test, ODI and T20I records/Batting records; Most runs in career. ESPNcricinfo
  62. ↑ Profile: Madan Mohan Malaviya. Encyclopædia Britannica * (23 August 2011). History of BHU: The Capital of all Knowledge. Banaras Hindu University * (27 December 2011). Speech of Prime Minister at the Commemoration of 150th Birth Anniversary of Mahamana Madan Mohan Malaviya inaugural function. Press Information Bureau
  63. ↑ Singh, Bikash. (2019-01-25). Assam celebrates Bharat Ratna to Dr Bhupen Hazarika. The Economic Times
  64. ↑ (23 January 2024). Two-time Bihar CM Karpoori Thakur to be conferred Bharat Ratna posthumously. The Indian Express
  65. ↑ Members Bioprofile. Lok Sabha of India/National Informatics Centre, New Delhi
  66. ↑ (9 February 2024). Bharat Ratna for former PMs PV Narasimha Rao, Chaudhary Charan Singh and scientist MS Swaminathan: PM Modi. Hindustan Times
  67. ↑ (9 February 2024). Bharat Ratna for P.V. Narasimha Rao, M.S. Swaminathan, Charan Singh. দ্য হিন্দু
  68. ↑ (9 February 2024). PM's Big Announcement: Bharat Ratna For Two Former PMs Charan Singh, PV Narasimha Rao. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত ৰত্ন” প্ৰবন্ধৰ সংশোধন ৬৪০০৯৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।