অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফাকুৱা

ফাঁকুৱা (Holi, होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ফাঁকুৱা (Holi, होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰততে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা কৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

পৌৰাণিক আখ্যান

পৌৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ শিৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।১

আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।১

উৎসৱৰ বিৱৰণ

ফাঁকুৱাৰ ৰঙেৰে ৰঙীন এটা শিশু
ফাঁকুৱাৰ ৰঙেৰে ৰঙীন এটা শিশুছবি: Sukanto Debnath · CC BY 2.0

ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে।১

অসমৰ দৌল উৎসৱ

বৰপেটা সত্ৰৰ ফাকুৱা উৎসৱ।
বৰপেটা সত্ৰৰ ফাকুৱা উৎসৱ।ছবি: Bhrigu bayan · CC BY-SA 4.0

ত ফাঁকুৱা উত্‍সৱ উদ্‌যাপনৰ এক মুহূৰ্ত]]

মূল প্ৰবন্ধ: দেউল

ফাঁকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়। বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।

অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই শ্ৰী শ্ৰী বটদ্ৰৱা থানত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ৰংগে ফাগু খেলে চৈতন্য বনমালী, ৰূপলেখা দেৱী, আজিৰ দৈনিক বাতৰি, গুৱাহাটী, ৮ মাৰ্চ ২০১২
  2. ↑ গণ অধিকাৰ সংবাদ-পত্ৰ, গুৱাহাটী, ৮ মাৰ্চ ২০১২

সম্পৰ্কিত শ্ৰেণী

উৎসৱহিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহবাংলাদেশৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাকুৱা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৯৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।