পদ্মভূষণ (पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।
ইতিহাস
পদ্মভূষণ সন্মানটো ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰবৰ্তন কৰা হৈছিল। দেশৰ হকে থকা যিকোনো ক্ষেত্ৰতে ভাল তথা বিৰল কামেৰে ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা ব্যক্তিলৈ এই পুৰস্কাৰ আগবঢ়োৱা হয়। ২০১০ চনৰ জানুৱাৰী মাহলৈকে ১১১১ জন ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে।১২
পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তিসকল
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৫৪-১৯৫৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৬০–১৯৬৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৭০–১৯৭৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৮০–১৯৮৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (১৯৯০–১৯৯৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০০০–২০০৯)
- পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তিৰ তালিকা (২০১০–২০১৯)
আৰু চাওক
পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা
বাহ্যিক সংযোগ
- Padma Awards. Ministry of Communications and Information Technology
- Padma Awards Directory (1954-2009). Ministry of Home Affairs
- Padma Awards Directory (2010). Ministry of Home Affairs
তথ্যসূত্ৰ
- ↑ Padma Bhushan Awardees. Ministry of Communications and Information Technology
- ↑ (25 January 2010). This Year's Padma Awards announced. Ministry of Home Affairs
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মভূষণ” প্ৰবন্ধৰ সংশোধন ৪২৮৪২৭ (৯ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।