অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দূৰদৰ্শন (চেনেল)

দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰসাৰ ভাৰতীৰ এটা শাখা। ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত১ ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰসাৰ ভাৰতীৰ এটা শাখা।২ ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।৩ ডিজিটেল স্থলজ প্ৰেৰকযন্ত্ৰৰ যোগেদিও সম্প্ৰচাৰ সেৱা আগবঢ়াই অহা দূৰদৰ্শনে চহৰাঞ্চল, আঞ্চলিক ভাৰতত টেলিভিছন, ৰেডিঅ', অনলাইন, ম'বাইলৰ জৰিয়তে সেৱা আগবঢ়ায়। আনহাতে বৈদেশিক ক্ষেত্ৰসমূহত ভাৰতীয় নেটৱৰ্ক ব্যৱস্থা আৰু ভাৰতীয় ৰেডিঅ'ৰ যোগেদি সেৱা আগবঢ়ায়।

ইতিহাস

আৰম্ভণি

১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত এক বিশেষ সম্পৰীক্ষণৰ জৰিয়তে দূৰদৰ্শনে সম্প্ৰচাৰ আৰম্ভ কৰিছিল। এই বিশেষ সম্পৰীক্ষণটোৱে ১৯৬৫ চনত এক সেৱালৈ ৰূপান্তৰিত হয়।৪

১৯৬৭ চনৰ ২৬ জানুৱাৰীত দূৰদৰ্শনত কৃষি দৰ্শন নামৰ অনুষ্ঠানটি পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ হয়, আৰু এইটো অনুষ্ঠান ভাৰতীয় টেলিভিছনত দীৰ্ঘতম সময়ৰ বাবে সম্প্ৰচাৰিত হোৱা অনুষ্ঠান।৫

১৯৭২ চনত টেলিভিছন সেৱা বোম্বাই(এতিয়াৰ মুম্বাই) আৰু অমৃতসৰলৈকে প্ৰসাৰিত কৰা হ'ল। ১৯৭৫ চনত ভাৰতৰ সাতখন চহৰত টেলিভিছন সেৱা উপলব্ধ হৈছিল আৰু সেইসময়ত দূৰদৰ্শনেই আছিল একমাত্ৰ যোগান-ধৰোঁতা।৪

১৯৭৬ চনৰ ১ এপ্ৰিলত ৰেডিঅ'ক টেলিভিছন সেৱাৰ পৰা পৃথক কৰা হয়।৬ অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনক দিল্লীস্থিত দুই পৃথক ডাইৰেক্টৰ-জেনেৰেলৰ অধীনলৈ আনি দুটা পৃথক ব্যৱস্থাপনা সৃষ্টি কৰা হয়। ১৯৮২ চনত,দূৰদৰ্শন ভাৰতৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক হৈ পৰে।৭

দূৰদৰ্শন ভৱন, মন্দী হাউছ, কপাৰ্নিকাছ মাৰ্গ, দিল্লী
দূৰদৰ্শন ভৱন, মন্দী হাউছ, কপাৰ্নিকাছ মাৰ্গ, দিল্লীছবি: Ekabhishek · CC BY-SA 3.0

চেনেল তালিকা

ৰাষ্ট্ৰীয় চেনেল

নামঅনুষ্ঠানৰ শ্ৰেণীভাষা
ডিডি নেছ'নেলসাধাৰণ মনোৰঞ্জনহিন্দী ভাষা আৰু ইংৰাজী
ডিডি নিউজবাতৰিহিন্দী আৰু ইংৰাজী
ডিডি ইণ্ডিয়াবাতৰিইংৰাজী
ডিডি স্পৰ্টছ্ক্ৰীড়াহিন্দী আৰু ইংৰাজী
ডিডি ভাৰতীকলা আৰু সাংস্কৃতিক তথ্য-মনোৰঞ্জনহিন্দী আৰু ইংৰাজী
ডিডি কিষাণকৃষিভিত্তিক তথ্য-মনোৰঞ্জনহিন্দী
ডিডি উৰ্দুতথ্য-মনোৰঞ্জনউৰ্দু ভাষা

আঞ্চলিক চেনেল

নামভাষাক্ষেত্ৰ
ডিডি অৰুণপ্ৰভাহিন্দী আৰু ইংৰাজীঅৰুণাচল প্ৰদেশ
ডিডি বাংলাবঙালীপশ্চিমবংগ
ডিডি বিহাৰহিন্দী আৰু বিহাৰীবিহাৰ
ডিডি চন্দনাকন্নড় ভাষাকৰ্ণাটক
ডিডি গিৰনাড়গুজৰাটীগুজৰাট
ডিডি কাশীৰকাশ্মিৰী আৰু উৰ্দু ভাষাজম্মু আৰু কাশ্মীৰ
ডিডি মধ্য প্ৰদেশহিন্দীমধ্য প্ৰদেশ
ডিডি মালায়ালমমালয়ালম ভাষাকেৰালা
ডিডি নৰ্থ ইষ্টঅসমীয়া, হিন্দী আৰু ইংৰাজীউত্তৰ-পূব ভাৰত
ডিডি ওড়িয়াওড়িয়াওড়িশা
ডিডি পড়িগাইতামিলতামিলনাডু
ডিডি পঞ্জাবীপঞ্জাবীপঞ্জাব
ডিডি ৰাজস্থানহিন্দী আৰু ৰাজস্থানীৰাজস্থান
ডিডি সাহয়াদ্ৰিমাৰাঠীমহাৰাষ্ট্ৰ
ডিডি সপ্তগিৰিতেলেগুঅন্ধ্ৰপ্ৰদেশ
ডিডি উত্তৰ প্ৰদেশহিন্দীউত্তৰ প্ৰদেশ
ডিডি য়াদাগিৰিতেলেগুতেলংগানা

ৰাজ্যিক নেটৱৰ্ক

নামভাষাক্ষেত্ৰ
ডিডি ছত্তীছগঢ়হিন্দীছত্তীসগঢ়
ডিডি হাৰিয়ানাহিন্দীহাৰিয়ানা
ডিডি হিমাচল প্ৰদেশহিন্দীহিমাচল প্ৰদেশ
ডিডি ঝাৰখণ্ডহিন্দীঝাৰখণ্ড
ডিডি মণিপুৰমণিপুৰীমণিপুৰ
ডিডি মেঘালয়খাচী আৰু ইংৰাজীমেঘালয়
ডিডি মিজোৰামমিজোমিজোৰাম
ডিডি নাগালেণ্ডইংৰাজীনাগালেণ্ড
ডিডি ত্ৰিপুৰাবঙালী আৰু ককবৰক ভাষাত্ৰিপুৰা
ডিডি উত্তৰাখণ্ডহিন্দীউত্তৰাখণ্ড

স্বায়ত্ত্ব-শাসিত নেটৱৰ্ক

নামভাষাক্ষেত্ৰ
ডিডি আন্দামান আৰু নিক'বৰহিন্দী, বঙালী, তামিল, তেলেগু আৰু মালায়লমআন্দামান আৰু নিক'বৰ দ্বীপপুঞ্জ
ডিডি চণ্ডীগড়হিন্দী আৰু পঞ্জাবীচণ্ডীগড়
ডিডি দাদ্ৰা আৰু নগৰ হাভেলীহিন্দী, গুজৰাটী আৰু মাৰাঠীদাদ্ৰা আৰু নগৰ হাভেলী
ডিডি দমন আৰু ডিউহিন্দী, গুজৰাটী আৰু মাৰাঠীদমন আৰু ডিউ
ডিডি দিল্লীহিন্দীদিল্লী
ডিডি লাক্ষাদ্বীপমালায়লমলাক্ষাদ্বীপ
ডিডি পণ্ডীচেৰীতামিল, তেলেগু আৰু মালায়লমপণ্ডিচেৰী

বন্ধ চেনেল আৰু পুনৰ নামকৰণ

  • ডিডি২(১৯৮৪–১৯৯৩): নতুন নাম-ডিডি মেট্ৰ'.
  • ডিডি মেট্ৰ'(১৯৯৩–২০০৩): ডিডি নিউজলৈ ৰূপান্তৰ
  • মেট্ৰ' গ'ল্ড(অক্টোবৰ ২০০০–ছেপ্টেম্বৰ ২০০১): ডিডি মেট্ৰ'ৰ যোগেদি সম্প্ৰচাৰ
  • ডিডি ইণ্টাৰনেছ'নেল(মাৰ্চ ১৯৯৫–ছেপ্টেম্বৰ ২০০০): ডিডি ৱৰ্ল্ডলৈ নামসলনি।
  • ডিডি ৱৰ্ল্ড(ছেপ্টেম্বৰ ২০০০–জানুৱাৰি২০০২): ডিডি ইণ্ডিয়ালৈ নাম-সলনি
  • ডিডি চিএনএনআই(৩০ জুন ১৯৯৫–৩১ মে' ১৯৯৭)
  • ডিডি৩(১৯৯৫–১৯৯৬):ডিডি মুভি ক্লাৱৰ লগৰ সংযোজন আৰু ডিডি৩-মুভি ক্লাৱলৈ নামসলনি
  • ডিডি মুভি ক্লাৱ(১৯৯৫–১৯৯৬):ডিডি ৩ৰ লগত সংযোজন আৰু ডিডি৩-মুভি ক্লাৱলৈ নামসলনি
  • ডিডি৩-মুভি ক্লাৱ(১৯৯৬–১৯৯৮):ডিডি স্পৰ্টছলৈ সলনি

সমালোচনা

২০০৪ চনত দূৰদৰ্শনে জৰুৰীকালীন সময়ৰ বিৰোধী নেতা জয়প্ৰকাশ নাৰায়ণৰ সন্দৰ্ভত এখন বিতৰ্কিত তথ্যচিত্ৰ চেন্সৰ কৰিছিল।৮ যেতিয়া দূৰদৰ্শনে ৰাষ্ট্ৰীয় সমাজসেৱক সংঘৰ দলপতি মোহন ভাগৱতৰ সত্তৰ-মিনিটীয়া বিজয়া-দশমীৰ বক্তৃতা সম্প্ৰচাৰ কৰিছিল, তেতিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ভাৰতীয় জনতা পাৰ্টী দলটো ৰাজহুৱা সম্প্ৰচাৰকৰ অপব্যৱহাৰ কৰাৰ বাবে সমালোচিত হৈছিল। ডিডি ডাইৰেক্টৰ-জেনেৰেল অৰ্চনা দত্তৰ মতে, সেই বক্তৃতাটো "অইন বক্তৃতাৰ দৰেই আছিল, সেইকাৰণে আমি সেইটো সম্প্ৰচাৰ কৰিছিলোঁ। "৯১০১১

যিহেতু ১৯৯১ চনত ব্যক্তিগত টেলিভিছন চেনেলক ক্ষমতাপ্ৰদান কৰা হয়, তেতিয়া দূৰদৰ্শনৰ দৰ্শকৰ সংখ্যা তীব্ৰগতিত হ্ৰাস পাবলৈ ধৰে। যদিও ক্ৰিকেটকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান নাইবা ঘটনাৱলী সম্প্ৰচাৰ কৰোঁতে দূৰদৰ্শনে বাধ্যতামূলক স্বত্বৰ বাবে বিজ্ঞাপনসমূহৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ আদায় কৰে,১২ তথাপিও টেলিভিছনৰ স্বত্ব আহৰণ কৰোঁতে একধৰণৰ মূল্য-আৰোপিত অনুজ্ঞা-পত্ৰৰ দ্বাৰা সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে।১৩

৯ মাৰ্চ ২০১৯ত,প্ৰচাৰ ভাৰতীয়ে তেওঁলোকৰ বিনামূলীয়া ছেটেলাইট সেৱাত ১১টা নতুন ডিডি চেনেল সংযোজন কৰে। ইয়াৰে মাজত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পাঁচটা নতুন চেনেল আছে। চেনেলবোৰ হৈছে–ডিডি চত্তিশগড়, ডিডি হাৰিয়ানা, ডিডি হিমাচল প্ৰদেশ, ডিডি ঝাৰখণ্ড, ডিডি মণিপুৰ, ডিডি মেঘালয়, ডিডি মিজোৰাম, ডিডি নাগালেণ্ড, ডিডি ত্ৰিপুৰা, আৰু ডিডি উত্তৰাখণ্ড। ১৪১৫

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Govt plans own channel, real autonomy for Doordarshan. The Times of India
  2. ↑ The future of Doordarshan is on the block
  3. ↑ Doordarshan turns 57; watch video of its first telecast plus 7 lesser-known facts about DD
  4. ↑ Doordarshan-AboutDoordarshan-About
  5. ↑ Sharmila Mitra Deb. Indian Democracy: Problems and Prospects. Anthem Press, 2009. ISBN 978-81-907570-4-1
  6. ↑ Kamat, Payal. Short essay on Development of Television in India
  7. ↑ shodhganga.inflibnet.ac.in/bitstream/10603/94199
  8. ↑ Kuldip Nayar Posted: 9 November 2004 at 0012 hrs IST. (9 November 2004). Censoring his own past. The Indian Express
  9. ↑ (3 October 2014). Doordarshan telecasts RSS chief's speech live, stirs controversy. The Times of India
  10. ↑ Kalbag, Chaitanya. (3 October 2014). A dangerous line was crossed when Doordarshan telecast Bhagwat's speech live. Quartz
  11. ↑ (3 October 2014). RSS chief Mohan Bhagwat's speech covered just like a news event: Doordarshan. The Indian Express
  12. ↑ (23 July 2002). DD leads viewership sweepstakes — Tops among all homes nationwide, but lowest in C&S. Business Line
  13. ↑ Himanshi Dhawan. (10 July 2007). Govt mulls 'licence fee' on every colour TV. The Times of India
  14. ↑ 11 more State DD Channels on Satellite footprint. NewsOnAIR
  15. ↑ Prasar Bharati brought 11 more state Doordarshan channels on satellite footprint: PM Modi. TheIndianExpress

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন কেন্দ্ৰভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দূৰদৰ্শন (চেনেল)” প্ৰবন্ধৰ সংশোধন ৬২২৯৮৪ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।