নাৰী শক্তি পুৰস্কাৰ (পূৰ্বতে স্ত্ৰী শক্তি পুৰস্কাৰ) মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়। কঠিন পৰিস্থিতিৰ মাজতো মহিলায়ে অদম্য সাহসৰ বলত ব্যক্তিগত, সামাজিক আৰু পেছাদাৰী জীৱনত উৎকৃষ্ট ফলাফল দেখুৱা নাৰীক এই বঁটা প্ৰদান কৰা হয়। লগতে মহিলা সবলীকৰণ আৰু মহিলাৰ সামাজিক স্থিতিৰ উন্নতি সাধন কৰাৰ স্বীকৃতি স্বৰূপ এই বঁটা প্ৰদান কৰা হয়।১
ইতিহাস
১৯৯১ চনত পোন প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। সেই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখে নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটাৰ শুভাৰম্ভভণি কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে এই বঁটা প্ৰদান কৰা হয়। পূৰ্বতে এই বঁটাৰ নাম স্ত্ৰী শক্তি পুৰস্কাৰ আছিল। পিছলৈ ইয়াৰ নাম নাৰী শক্তি পুৰস্কাৰ কৰা হল। এই বঁটাৰ লগতে পূৰ্বতে ১ লাখ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছিল। বৰ্তমান ইয়াৰ অৰ্থমুল্য ৩ লাখ টকা কৰা হল।২
বঁটাসমূহ
এই বঁটা ভাৰতীয় ইতিহাসৰ বীৰাংগনাৰ নামেৰে নামকৰণ কৰা হৈছে। তলত উল্লেখ কৰা শ্ৰেণী সমূহত এই বঁটা প্ৰদান কৰা হয়:১৩
- দেৱী অহল্যা বাঈ হলকাৰ বঁটা: ১৮শ শতিকাৰ মালৱা ৰাজ্যৰ ৰাণী অহল্যাবাই হোলকাৰৰ নামত
- কান্নাগী বঁটা: কিংবদন্তিমূলক তামিল মহিলা কান্নাগীৰ নামত
- মাতা জিজাবাঈ বঁটা: ১৭শ শতিকাৰ মাৰাঠা সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা ছত্ৰপতি মাতৃ জিজাবাইৰ নামত
- ৰাণী গাইডিনলিউ জেলিয়াং বঁটা: বিংশ শতিকাৰ নগা আধ্যাত্মিক তথা ৰাজনৈতিক নেত্ৰী ৰাণী গাইডিনলিউৰ নামত
- ৰাণী লক্ষ্মীবাঈ বঁটা: স্বাধীনতা সংগ্ৰামী ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ নামত
- ৰাণী ৰুদ্ৰাম্মা দেৱী বঁটা (এই বঁটা মহিলা আৰু পুৰুষ উভকে প্ৰদান কৰা হয়): ১৩শ শতিকাৰ ডেক্কান মালভূমিৰ ৰাণী ৰুদ্ৰাম্মা দেৱীৰ নামত
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Stree Shakti Puraskar. Ministry of Women and Child Development
- ↑ Press Information Bureau. Government of India
- ↑ Women's Award. Ministry of Women and Child Development
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰী শক্তি পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ২৫৪৯৩২ (১৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।