অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উৎসৱ

উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্বয় গঢ়ি উঠে৷১

অসমত প্ৰচলিত কেইটামান প্ৰধান লোক-উৎসৱ হৈছে-ব'হাগ বিহু, মাঘ বিহু, কাতি বিহু, ঈদ ইত্যাদি। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাৰ্ষিক উৎসৱৰ ভিতৰত কৃষ্ণ জন্মাষ্টমী, দুৰ্গা পূজা, সৰস্বতী পূজা। ইছলাম ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত আছে ঈদ-উল ফিতৰ আৰু ঈদ-উল-আজহা আদি।

গুৰুত্বপূৰ্ণ সামৰিক বিজয় বা নতুন দেশ গঠনৰ দৰে ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঘটনাকো কেতিয়াবা উৎসৱ হিচাপে পালন কৰা হয়। এনে উৎসৱৰ প্ৰথম উদাহৰণ হৈছে প্ৰাচীন মিছৰৰ ফেৰাউন ৰামেছেছ তৃতীয় (Pharaoh Ramesses III)ই লিবিয়ান জয় কৰাৰ পিছত উৎসৱ উদযাপন কৰিছিল।২ সেইদৰে অযোধ্যাৰ ৰজা ৰামইও লংকা জয় কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল। প্ৰায়বোৰ উৎসৱেই বছৰেকৰ মূৰত পালন কৰা হয়।

ধৰ্মীয় উৎসৱ

সামাজিক উৎসৱ

সামাজিক উৎসৱসমূহ সাধাৰণতে বিভিন্ন সমাজৰ মাজত কোনো এটা নিৰ্দিষ্ট দিনত উদযাপন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Caves, R. W. (2004). Encyclopedia of the City. Routledge. পৃ. 264
  2. ↑ Berrett, LaMar C.; Ogden D. Kelly. (1996). Discovering the world of the Bible. Grandin Book Co. পৃ. 289. ISBN 0-910523-52-5

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩০৯৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।