অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কলকা

কলকা বা পেইজলি হৈছে অলংকাৰিক বস্ত্ৰ ডিজাইন বা বুটা। যিটো ওপৰৰ মূৰৰফালে বক্ৰৰ সৈতে চকুলোৰ টোপাল আকৃতিৰ মটিফ। পাৰ্চী মূলৰ পেইজলি ডিজাইনসমূহ ১৮ আৰু ১৯ শতিকাত পশ্চিমীয়া দেশত জনপ্ৰিয় হৈ পৰে, ভাৰতৰ পৰা এই ডিজাইনৰ মোগল সাম্ৰাজ্যৰ পিছৰ সংস্কৰণ আমদানি কৰাৰ পিছত, বিশেষকৈ কাশ্মীৰ চাদৰ আকাৰত আৰু তাৰ পিছত…

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৪ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

কলকা বা পেইজলি হৈছে অলংকাৰিক বস্ত্ৰ ডিজাইন বা বুটা। যিটো ওপৰৰ মূৰৰফালে বক্ৰৰ সৈতে চকুলোৰ টোপাল আকৃতিৰ মটিফ। পাৰ্চী মূলৰ পেইজলি ডিজাইনসমূহ ১৮ আৰু ১৯ শতিকাত পশ্চিমীয়া দেশত জনপ্ৰিয় হৈ পৰে, ভাৰতৰ পৰা এই ডিজাইনৰ মোগল সাম্ৰাজ্যৰ পিছৰ সংস্কৰণ আমদানি কৰাৰ পিছত, বিশেষকৈ কাশ্মীৰ চাদৰ আকাৰত আৰু তাৰ পিছত স্থানীয়ভাৱে প্ৰতিলিপি কৰা হয়।১ কলকাৰ আকৃতিক ফল আমৰ লগত তুলনা কৰা হৈছে; উত্তৰ ভাৰতত কলকাক কাইৰী অৰ্থাৎ কেঁ‌চা আম বুলি জনা যায়। ই কোনো ষ্টাইলাইজড পাত বা গছকো প্ৰতিনিধিত্ব কৰিব পাৰে।

জুইৰ শিখাৰ সৈতেও ইয়াৰ সাদৃশ্য আছে। ইয়াক চীনৰ য়িন আৰু য়াঙৰ আধা প্ৰতীক বুলিও কোৱা হয়, যিয়ে পুৰুষ আৰু নাৰীৰ মিলনক প্ৰতিনিধিত্ব কৰে। নাকচি কন্থা, আল্পনা, শাৰী, লগতে কাশ্মীৰী চাদৰতো ব্যৱহৃত ই এক সাধাৰণ মটিফ।

পশ্চিমীয়া দেশত কলকা পেইজলি বুলি সুপৰিচিত। যদিও পাইন শঙ্কু বা আলমণ্ডৰ দৰে ৰূপটো পাৰ্চী মূলৰ, আৰু এনে চহকী আৰ্হিত গোট খোৱা বস্ত্ৰৰ ডিজাইনসমূহ মূলতঃ ভাৰতীয় আৰ্হিসমূহৰ ইংৰাজী নাম স্কটলেণ্ডৰ পশ্চিমৰ পেইজলি চহৰৰ পৰা আহিছে, এই চহৰ বস্ত্ৰশিল্পৰ কেন্দ্ৰ য'ত পেইজলি ডিজাইন প্ৰস্তুত কৰা হৈছিল।২

১৯৬০ চনৰ মাজভাগৰ পৰা শেষৰ ফালে কলকাক চাইকেডেলিক শৈলীৰ সৈতে চিনাক্ত হয় আৰু আংশিকভাৱে বিটলছ বেণ্ডটোৰ বাবে ই মূলসুঁতিৰ জনপ্ৰিয়তা লাভ কৰে।৩ ফলস্বৰূপে, ১৯৬৭ চনত ছামাৰ অৱ লাভৰ সময়ত এই শৈলী বিশেষভাৱে জনপ্ৰিয় হয়। কোম্পানী ফেণ্ডাৰে তেওঁলোকৰ টেলিকাষ্টাৰ গীটাৰৰ গোলাপী কলকা সংস্কৰণ তৈয়াৰ কৰে, আৰু গীটাৰৰ ওপৰত কলকাৰ ৱালপেপাৰ লগোৱা হৈছিল।৪৫

ব্ৰিটেইন আৰু অন্যান্য ইংৰাজী ভাষী দেশসমূহত এতিয়াও এই আৰ্হিটো সাধাৰণতে পুৰুষৰ টাই, কঁকালৰ কোট, আৰু স্কাৰ্ফত ব্যৱহাৰ হোৱা দেখা যায় আৰু ইৰাণ আৰু দক্ষিণ আৰু মধ্য এছিয়াৰ দেশসমূহত কাপোৰ আৰু বস্ত্ৰৰ অন্যান্য সামগ্ৰীত জনপ্ৰিয় হৈয়েই আছে।

মূল

ভাৰতীয় চাদৰৰ খণ্ড, ২০ শতিকা
ভাৰতীয় চাদৰৰ খণ্ড, ২০ শতিকাছবি: Unknown artist · Public domain

কোনো কোনো গৱেষকে বিশ্বাস কৰে যে বুটা হৈছে এটা আলংকাৰিক ফুলৰ বিস্তাৰ আৰু এটা চাইপ্ৰেছ গছৰ অভিসৰণ: জীৱন আৰু অনন্তকালৰ এটা প্ৰতীক।৬ এই বেঁকা আৰ্হিৰ বুটাতো শক্তি, প্ৰতিৰোধ আৰু বিনয়ৰ চিন। ফুলৰ মটিফৰ উৎপত্তি ছাছানিড বংশ আৰু পিছলৈ পাৰস্যৰ ছাফাৱী বংশত (১৫০১–১৭৩৬) হৈছিল আৰু কাজাৰ আৰু পাহলৱী বংশৰ সময়ত ইৰাণৰ এটা প্ৰধান বস্ত্ৰ আৰ্হি আছিল। এই সময়ছোৱাত এই আৰ্হিটো ৰাজকীয় ৰেগালিয়া, মুকুট আৰু দৰবাৰৰ কাপোৰ সজাবলৈ ব্যৱহাৰ কৰা হৈছিল, লগতে সাধাৰণ জনসাধাৰণে ব্যৱহাৰ কৰা বস্ত্ৰশিল্পসমূহো সজাবলৈ ব্যৱহাৰ কৰা হৈছিল। পাৰ্চী আৰু মধ্য এছিয়াৰ ডিজাইনসমূহে সাধাৰণতে মটিফসমূহ সমতলত শৃংখলাবদ্ধ শাৰীত সজোৱা আৰ্হিৰ।

তথ্যসূত্ৰ

  1. ↑ Dusenbury and Bier, 48–50
  2. ↑ Oxford English Dictionary. Oxford
  3. ↑ Paisley: The story of a classic bohemian print
  4. ↑ (2009). Paisley Teles. Telecaster Discussion Page
  5. ↑ (14 June 2011). 1968 Fender Paisley Telecaster and Telecaster Bass
  6. ↑ Indian Hand Woven Jacquard Jamavar Shawls. Zanzibar Trading

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকা” প্ৰবন্ধৰ সংশোধন ৪৪৫০৯২ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।