অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰূপক তাল

ৰূপক তাল হৈছে হিন্দুস্তানী সংগীতত এটা জনপ্ৰিয় তাল, যি ভজন আৰু গীতত সাধাৰণ। ইয়াত সাতটা মাত্ৰা (বিট) তিনিটা বিভাগত বিভক্ত। জনপ্ৰিয় তিনতালৰ বিপৰীতে, ৰূপক তালৰ বিভাগসমূহৰ দৈৰ্ঘ্য সমান নহয়। লগতে, ৰূপক তালৰ খালি আৰু সম দুয়োটা প্ৰথম মাত্ৰাত পৰে।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰূপক তাল হৈছে হিন্দুস্তানী সংগীতত এটা জনপ্ৰিয় তাল, যি ভজন আৰু গীতত সাধাৰণ।১ ইয়াত সাতটা মাত্ৰা (বিট) তিনিটা বিভাগত বিভক্ত। জনপ্ৰিয় তিনতালৰ বিপৰীতে, ৰূপক তালৰ বিভাগসমূহৰ দৈৰ্ঘ্য সমান নহয়। লগতে, ৰূপক তালৰ খালি আৰু সম দুয়োটা প্ৰথম মাত্ৰাত পৰে।

আৱৰ্তন

ৰূপক তালৰ আৱৰ্তন (চক্ৰ)ত তিনিটা বিভাগ আছে। প্ৰথম বিভাগত তিনিটা মাত্ৰা আৰু দ্বিতীয় আৰু তৃতীয় বিভাগত দুটা মাত্ৰা আছে। সম প্ৰথম বিভাগৰ প্ৰথম মাত্ৰাত পৰে। ৰূপক তালৰ আৱৰ্তন নিম্নলিখিতভাৱে লিখা হ’ব পাৰে:

১২৩৪৫৬৭
তিন তিন নাধিন নাধিন না

উদাহৰণ

ৰূপক তালৰ বহুতো উদাহৰণ আছে যি ব্যৱহৃত যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়। নিম্নলিখিত উদাহৰণসমূহ তবলাৰ বাবে প্ৰযোজ্য।

থেকা

ৰূপক তালৰ সৰ্বাধিক সাধাৰণ থেকাত 'তিন', 'না', আৰু 'ধিন' বোল থাকে (এই বোলসমূহৰ ট্ৰেন্সলিটাৰেশ্যন ব্যক্তিভেদে বহুত ভিন্ন হ’ব পাৰে)। এই থেকা নিম্নলিখিতভাৱে গঠিত:

তিন তিন না X | ধিন না ২ | ধিন না ৩১

প্ৰকাৰ

প্ৰকাৰসমূহ প্ৰদৰ্শকৰ ব্যক্তিগত শৈলীৰ বাবে যথেষ্ট মুকলি। তথাপি, নিম্নলিখিতত তিনিটা সাধাৰণ ৰূপক তালৰপ্ৰকাৰৰ উদাহৰণ দিয়া হৈছে:

তিন তিন না | ধিন না না | ধিন না না২
তিন তিন না | ধা ধা তিৰকিত | ধা ধা তিৰকিত
তিন তিন না না | ধিৰক্ত না না | ধিৰক্ত না না
তিন তিন না না | ধিৰক্ত তক্তক | ধিৰক্ত তক্তক

তিহাই

ৰূপক তালৰ এটা তিহাই সমত শেষ হ’বলৈ তৃতীয় বা ষষ্ঠ মাত্ৰাত আৰম্ভ হ’ব লাগিব।৩ নিম্নলিখিতটো ৰূপক তালৰ এটা সৰল তিহাইৰ উদাহৰণ যি তৃতীয় মাত্ৰাত আৰম্ভ হয়:

X X ত্ৰ | কৎ ত্ৰ | কৎ ত্ৰ
দা X X | X X | X X

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  • 'Chapter 21: Theka, Prakar, and Laggi', in KKSongs Tabla Guide, <http://kksongs.org/tabla/chapter21.html>, viewed May 10, 2008.
  • Lipiczky, T 1985, 'Tihai Formulas and the Fusion of "Composition" and "Improvisation" in North Indian Music', in The Music Quarterly, Vol. 71, No. 2, pp. 157–171.
  • Ram Avatar 'Vir' 2002, Learn to Play on tabla - 2 (Advance Course), Pankaj Publications, New Delhi.

তথ্যসূত্ৰ

  1. ↑ Ram Avatar 'Vir' 2002, p. 33
  2. ↑ 'Chapter 21: Theka, Prakar, and Laggi'
  3. ↑ Lipiczky 1985, p. 163

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপক তাল” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৮৭ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।