অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক অহিংসা দিৱস

আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০১৯ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মোহনদাস কৰমচান্দ গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।

ইতিহাস

২০০৪ চনৰ জানুৱাৰী মাহত ইৰানৰ নোবেল বঁটা বিজয়ী শ্বিৰীন ইবাদীয়ে মুম্বাইৰ বিশ্ব সামাজিক মঞ্চৰ পেৰিচ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ হিন্দী শিক্ষক এজনৰ পৰা আন্তৰ্জাতিক অহিংসা দিৱসৰ ধাৰণা লাভ কৰিছিল। এই ধাৰণাৰ প্ৰতি ভাৰতৰ কিছুমান কংগ্ৰেছ পাৰ্টিৰ নেতা আকৃষ্ট হৈছিল। ২০০৭ চনৰ জানুৱাৰী মাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা এক সত্যাগ্ৰহ সভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু নোবেল বঁটা বিজয়ী ডেছমণ্ড টুটোয়ে ৰাষ্ট্ৰসংঘক এই দিৱসৰ ধাৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।১

ছুইডেনৰ মালমোত অৱস্থিত অহিংসা ভাস্কৰ্য
ছুইডেনৰ মালমোত অৱস্থিত অহিংসা ভাস্কৰ্যছবি: Wusel007 · CC BY-SA 4.0

২০০৭ চনৰ ১৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ভোটৰ যোগেৰে ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱসৰূপে ঘোষণা কৰে।২

সাধাৰণ সভাই ২ অক্টোবৰত "শিক্ষাৰ যোগেৰে অহিংসাৰ উপযুক্ত বাৰ্তা বাহক আৰু সমাজ সচেতনতা অনা"ৰ বাবে সকলো সদস্য ৰাষ্ট্ৰক আহ্বান জনায়।৩

ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ডাক বিভাগে ভাৰতীয় দূতাবাসৰ অনুৰোধত নিউয়ৰ্ক চহৰত এক বিশেষ টিকট উন্মোচন কৰে। এই মোহৰ জেনেভা আৰু ভিয়েনাৰ বাহিৰে আন সকলো ঠাইতে প্ৰযোজ্য হয়। এই টিকট ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাষ্ট্ৰসংঘৰ প্ৰশাসনিক ডাক বিভাগৰ প্ৰতিটো চিঠি বা বাৰ্তাত সংযোজিত হৈ থাকে।৪

মহাত্মা গান্ধী
মহাত্মা গান্ধীছবি: Unknown author · Public domain

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Conference calls for declaring International day of non-violence
  2. ↑ (15 June 2007). UN declares 2 October, Gandhi’s birthday, as International Day of Non-Violence. ৰাষ্ট্ৰসংঘ
  3. ↑ (15 June 2007). General Assembly Adopts Texts On Day Of Non-Violence, Ethiopian Millennium; Pays Tribute To Former Secretary-General Kurt Waldheim. United Nations
  4. ↑ Topical Philately Related to Mohandas K. Gandhi. gandhi.topicalphilately.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক অহিংসা দিৱস” প্ৰবন্ধৰ সংশোধন ১৯০৮৭৩ (১৬ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।