অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাদিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখন ফ্ৰান্স, ভাৰত, নেদাৰলেণ্ড, লাক্সেমবাৰ্গ আৰু ইটালীৰ কোম্পানীসমূহৰ সৈতে জড়িত এক আন্তঃৰাষ্ট্ৰীয় সহযোগী প্ৰযোজনা।
২০২৪ চনৰ ২৩ মে'ত ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল৷১৯৯৪ চনৰ পিছত ভাৰতৰ পৰা কাঁনৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা এইখনেই হৈছে প্ৰথমখন ছবি৷ ইয়াৰোপৰি ছবিখন প্ৰথমখন ভাৰতীয় ছবি হিচাপে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে৷
পটভূমি
প্ৰভা আৰু অনু মুম্বাইত বাস কৰা দুগৰাকী মালয়ালী নাৰ্ছ৷ প্ৰভাই তেওঁৰ পৰা বিচ্ছিন্ন হৈ থকা স্বামীৰ পৰা এটি অনাকাংক্ষিত উপহাৰ লাভ কৰে৷ উপহাৰটো লাভ কৰি তেওঁ অশান্তিত ভোগে৷ আনহাতে তেওঁৰ কনিষ্ঠ ৰুমমেট অনুৱে প্ৰেমিকৰ লগত অন্তৰংগ হ’বলৈ চহৰত ঠাই বিচাৰিবলৈ চেষ্টা কৰে যদিও সেই চেষ্টাত তেওঁ বিফল হয়৷ এইদৰেই দুয়োগৰাকী নিজৰ-নিজৰ ব্যক্তিগত কিছুমান সম্পৰ্কৰ জৰিয়তে অশান্তি আৰু বিব্ৰতবোধত আক্ৰান্ত হয়৷ এদিন দুয়োগৰাকীয়ে এখন চহৰলৈ ফুৰিবলৈ যায় আৰু তাত তেওঁলোকৰ বাবে "ৰহস্যময় অৰণ্যখন সপোন প্ৰকাশৰ এক স্থান হৈ পৰে।"১২৩

অভিনয়ত
- প্ৰভাৰ চৰিত্ৰত কানি কুশ্ৰুতি
- অনুৰ চৰিত্ৰত দিব্যা প্ৰভা
- পাৰ্বতীৰ চৰিত্ৰত ছায়া কদম
- ছিয়াজৰ চৰিত্ৰত হৃদু হাৰুণ
- ড° মনোজৰ চৰিত্ৰত আজীছ নেদুমংগদ
- নাৰ্ছ শ্বেনেটৰ চৰিত্ৰত টিনটুমল জোচেফ
প্ৰযোজনা
থমাছ হেকিম আৰু জুলিয়ান গ্ৰাফে তেওঁলোকৰ ফ্ৰান্সৰ কোম্পানী পেটিট কেঅ’ছৰ (Petit Chaos) জৰিয়তে ভাৰতীয় কোম্পানী চক এণ্ড চীজ ফিল্মছ আৰু এনাদাৰ বাৰ্থৰ সহযোগত ছবিখন নিৰ্মাণ কৰিছিল৷ ইয়াৰ লগতে নেদাৰলেণ্ডৰ বাল্ডাৰ ফিল্ম, লাক্সেমবাৰ্গৰ লেছ ফিল্মছ ফ’ভছ, ইটালীৰ পুলপা ফিল্মছ আৰু ফ্ৰান্সৰ আৰ্টে ফ্ৰান্স চিনেমাৰো ছবিখনৰ নিৰ্মাণত সহযোগ আছিল। ২০১৮ চনত ৬৮ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হেকিমে প্ৰথমবাৰৰ বাবে কাহিনীকাৰ আৰু নিৰ্মাতা কাপাডিয়াক লগ পাইছিল। এইখন আছিল ভাৰতীয় কোম্পানী চক এণ্ড চীজৰ দ্বাৰা নিৰ্মিত প্ৰথমখন ছবি৷ তেওঁলোকে ইয়াৰ পূৰ্বে প্ৰায় ৯ বছৰ ধৰি বিজ্ঞাপন প্ৰস্তুত কৰিছিল।৪৫
কাপাডিয়াই হেকিমৰ সৈতে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ ইউৰোপত বাস কৰিবলগীয়া হৈছিল৷ ইয়াৰ বাবে তেওঁ হুব বালছ আৰু চিনেফণ্ডেচনৰ পুঁজি ব্যৱহাৰ কৰিছিল। ছবিখনৰ বাবে আৰ্টে, চিনেৱৰ্ল্ড, চিএনচি, কণ্ডাৰ, ইউৰিমেজেছ, গ্যান ফাউণ্ডেচন, হুবাৰ্ট বালছ ফাণ্ড, লাক্সবক্স, পুলপা ফিল্ম আৰু ভিজনছ ছাড ইষ্টৰ পৰা পুঁজি লাভ কৰা হৈছিল।৪
ছবিখনৰ দৃশ্যগ্ৰহণ পঁচিশ দিন মুম্বাইত আৰু তাৰ পিছৰ পোন্ধৰ দিন ৰত্নগিৰিত কৰা হৈছিল।৪
মুক্তি
২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত পালম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অল উই ইমাজিন এজ লাইট নিৰ্বাচিত হৈছিল৷ ২৩ মে'ত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল৷৬ ছবিখনে প্ৰদৰ্শনৰ শেষত আঠ মিনিটৰ ষ্টেণ্ডিং অৱেচন লাভ কৰিছিল।৭ ১৯৯৪ চনত শ্বাহামৰ পিছত কানত অনুষ্ঠিত হোৱা মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইখন ভাৰতৰ প্ৰথমখন ছবি আৰু কাপাদিয়া হৈছে প্ৰথম ভাৰতীয় মহিলা চলচ্চিত্ৰ নিৰ্মাতা।৪ছবিখনে গ্ৰেণ্ড প্ৰিক্স লাভ কৰে৷ ছবিখনে এই বঁটা লাভ কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।৮
জানুছ ফিল্মছ আৰু বিতৰণ অংশীদাৰ চাইডশ্ব'ৱে ২০ মে'ত ছবিখনৰ উত্তৰ আমেৰিকাৰ বিতৰণৰ অধিকাৰ লাভ কৰে।৯ ২০২৪ চনৰ ৫ ছেপ্টেম্বৰত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখন প্ৰদৰ্শিত হয়।১০ ইয়াক ফ্ৰান্সত কাণ্ডাৰ ডিষ্ট্ৰিবিউচনে ২০২৪ চনৰ ২ অক্টোবৰত মুক্তি দিয়াৰ কথা আছে।১১ ২০২৪ চনৰ ৯ ছেপ্টেম্বৰত ভাৰতীয় অভিনেতা ৰাণা ডাগ্গুবাটীয়ে প্ৰতিষ্ঠা কৰা স্পিৰিট মিডিয়াই ছবিখনৰ ভাৰতীয় বিতৰণৰ অধিকাৰ লাভ কৰা বুলি ঘোষণা কৰা হয়।১২ ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰত স্পিৰিট মিডিয়াই ঘোষণা কৰে যে ছবিখনে ২১ ছেপ্টেম্বৰৰ পৰা কেৰালাত সীমিত থিয়েটাৰত মুক্তিৰ সৈতে অস্কাৰৰ যোগ্যতা অৰ্জনকাৰী মুক্তিৰ আৰম্ভণি কৰিব, য'ত ইয়াক মালায়ালম শিৰোনাম প্ৰভায়ায় নিনাচাথেল্লামৰ হিচাপে মুক্তি দিয়া হ'ব৷ তাৰ পিছত সমগ্ৰ ভাৰতৰ ডাঙৰ চহৰসমূহত ছবিখনে মুক্তি পাব।১৩
সমালোচনাত্মক সঁহাৰি
ৰিভিউ এগ্ৰিগেটৰ ৱেবছাইট ৰটেন টমেটোছত ছবিখনে ৫০ জন সমালোচকৰ পৰ্যালোচনাৰ ভিত্তিত ১০০% ইতিবাচক আৰু ১০ৰ ভিতৰত ৯ গড় ৰেটিং লাভ কৰে। মেটাক্ৰিটিকে ১২ জন সমালোচকৰ ভিত্তিত ছবিখনক ১০০ ৰ ভিতৰত ৯৩ নম্বৰ দিয়ে, যি "সাৰ্বজনীন প্ৰশংসা"ৰ ইংগিতবাহী। ছবিখনৰ প্ৰিমিয়াৰৰ পাছত সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে।১৪১৫
পিটাৰ ব্ৰেডশ্ব'ৱে দ্য গাৰ্ডিয়ানত ছবিখনক পাঁচটা ষ্টাৰ দিছিল আৰু ইয়াক "মানৱতাৰে পূৰ্ণ তিনিগৰাকী নাৰ্ছৰ অন্তৰ্ভেদী কাহিনী" বুলি প্ৰশংসা কৰে।১৬ বিবিচিত নিকোলাছ বাৰ্বাৰেও ছবিখনক পাঁচটা ষ্টাৰ দিছিল।১৭
ছবিখন ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি শাখাৰ বাবে ফ্ৰান্সে আনুষ্ঠানিক দাখিল হিচাপে নিৰ্বাচিত কৰা আৰু ফ্ৰান্সৰ অস্কাৰ কমিটীয়ে চৰ্টলিষ্ট কৰা ৪খন ছবিৰ ভিতৰত অন্যতম আছিল।১৮১৯
বঁটা-সন্মান
| বঁটা | Date of ceremony | Category | Recipient(s) | Result | |
|---|---|---|---|---|---|
| কান চলচ্চিত্ৰ মহোৎসৱ | ২৫ মে ২০২৪ | গ্ৰেণ্ড পিক্স | পায়ল কাপাডিয়া | ২০ | |
| প্ৰিক্স ডেছ চিনেমাছ আৰ্ট এট এছাই – বিশেষ উল্লেখ | ২১ | ||||
| ছিডনি চলচ্চিত্ৰ মহোৎসৱ | ১৬ জুন ২০২৪ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | অল উই ইমাজিন এজ লাইছ | ২২ | |
| ছেন চেবাষ্টিয়ান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২৮ ছেপ্টেম্বৰ ২০২৪ | RTVE-Another Look Award | ২৩ | ||
| চিকাগো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২৭ অক্টোবৰ ২০২৪ | গোল্ড হিউগো | ২৪ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ All We imagine as light. IMDB
- ↑ (11 April 2024). Payal Kapadia's All We Imagine as Light is first Indian film in 30 years to make it to Cannes' competition section. Indian Express
- ↑ Chhabra, Aseem. (24 May 2024). All We Imagine as Light: Indian sisterhood story earns glowing reviews at Cannes. BBC Home
- ↑ Ntim, Zac. (18 May 2024). Made In India: The World's Biggest Film Industry Hasn't Had A Film In The Cannes Competition Since 1994 .. Until Now. Deadline Hollywood
- ↑ Hopewell, John. (7 August 2022). Cannes Best Doc Laureate Payal Kapadia Next Racks Up Production Partners for Petit Chaos (EXCLUSIVE). Variety
- ↑ (8 May 2024). The Screenings Guide of the 77th Festival de Cannes. Cannes Film Festival
- ↑ (23 May 2024). Payal Kapadia's 'All We Imagine As Light', The First Indian Film In The Cannes Competition In 30 Years, Gets 8-Minute Ovation Following World Premiere. Deadline
- ↑ Das, Santanu. (25 May 2024). Cannes Film Festival: All We Imagine As Light scripts history, becomes first Indian film to win Grand Prix. হিন্দুস্তান টাইমছ
- ↑ Keslassy, Elsa. (20 May 2024). Sideshow, Janus Films Buy Payal Kapadia's Cannes Competition Entry 'All We Imagine as Light' for North America (EXCLUSIVE). Variety
- ↑ All We Imagine as Light. Toronto International Film Festival
- ↑ All We Imagine as Light. Condor
- ↑ 'Baahubali' Star Rana Daggubati's Spirit Media Acquires India Rights to Payal Kapadia's Cannes Winner 'All We Imagine as Light' (EXCLUSIVE). Variety
- ↑ Cannes Prizewinner 'All We Imagine as Light' to Begin Indian Oscar-Qualifying Run With Kerala Theatrical Release (EXCLUSIVE). Variety
- ↑ (23 May 2024). 'All We Imagine as Light' Review: A Glowing Portrait of Urban Connection and Unexpected Sisterhood. Variety
- ↑ (23 May 2024). Payal Kapadia's 'All We Imagine As Light', The First Indian Film In The Cannes Competition In 30 Years, Gets 8-Minute Ovation Following World Premiere. Deadline
- ↑ Bradshaw, Peter. (23 May 2024). All We Imagine As Light review – dreamlike and gentle modern Mumbai tale is a triumph. The Guardian
- ↑ Barber, Nicholas. (24 May 2024). All We Imagine as Light review: Will this 'magical' ode to nocturnal Mumbai win the Palme d'Or?. BBC
- ↑ Payal Kapadia's All We Imagine As Light shortlisted by France for Oscars. News Mintue
- ↑ Cannes Winner 'All We Imagine as Light' at Center of Oscar Entry Battle Between France and India (EXCLUSIVE). Variety
- ↑ Richlin, Harrison. (25 May 2024). 'Anora' Wins the Palme d'Or at Cannes (Complete Winners List). Indiewire
- ↑ Prix des Cinémas Art et Essai 2024: LES GRAINES DU FIGUIER SAUVAGE de Mohammad Rasoulof. Association Française des Cinémas d'Art et d'Essai
- ↑ Rosser, Michael. (7 May 2024). Sydney Film Festival reveals 2024 competition line-up. Screen Daily
- ↑ (28 September 2024). Todos los ganadores del Festival de San Sebastián 2024. Escribiendo Cine
- ↑ Kay, Jeremy. (20 September 2024). 'All We Imagine As Light', 'The End', 'Harvest' among Chicago International Film Festival line-up (exclusive). ScreenDaily
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অল উই ইমাজিন এজ লাইট” প্ৰবন্ধৰ সংশোধন ৪৩৪৯১৬ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।