অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আখুনি (চলচ্চিত্ৰ)

আখুনি ( Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে নেটফ্লিক্সৰ মাধ্যমেৰে ভাৰতত মুক্তিলাভ কৰে।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আখুনি ( Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে নেটফ্লিক্সৰ মাধ্যমেৰে ভাৰতত মুক্তিলাভ কৰে। সাংস্কৃতিক বৈষম্য আৰু সংঘাতক প্ৰধান বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা১ এই ছবিখনত চায়ানী গুপ্তা, বিনয় পাঠক, আদিল হুছেইন, লিন লাইশ্ৰাম আদি অভিনেতাই অভিনয় কৰিছে। ছবিখনৰ ঘটনাক্ৰম উত্তৰ-পূবৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে এক বিবাহ অনুষ্ঠানৰ আয়োজন কৰিব বিচৰাক কেন্দ্ৰ কৰি আগবাঢ়িছে।২

পটভূমি

মূলতঃ জাতিগত বৈষম্য আৰু ৰক্ষণশীল সাংস্কৃতিক ভাৱধাৰাক উপজীৱ্য হিচাপে লৈয়েই আখুনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে। উত্তৰ পূবৰ লোকসকলৰ জীৱনশৈলী আৰু তেওঁলোকে সন্মুখীন হৈ অহা জাতিগত বৈষম্যক লৈ নিৰ্মিত এইখনেই প্ৰথমখন মূলসুঁতিৰ হিন্দী চলচ্চিত্ৰ।৩

দক্ষিণ দিল্লীৰ হুমায়ুনপুৰ নিবাসী উত্তৰ পুৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে এগৰাকী বান্ধৱীৰ বিবাহৰ আয়োজন কৰে। এই উপলক্ষত তেওঁলোকে আখুনি নামৰ এক বিশেষধৰণৰ ব্যঞ্জন ৰান্ধিবলৈ লোৱাক কেন্দ্ৰ কৰিয়েই কাহিনীয়ে গতি লাভ কৰিছে। আখুনি হৈছে নাগালেণ্ডত পৰম্পৰাগতভাৱে শুকুৱাই সংৰক্ষণ কৰি ৰখা ছয়াবীনৰ সৈতে ৰন্ধা গাহৰি মাংসৰ ব্যঞ্জন বিশেষ। যিসকল এই খাদ্যবিধৰ সৈতে পৰিচিত নহয় তেওঁলোকৰ বাবে আখুনিৰ তীব্ৰ গোন্ধ অস্বস্তিকৰ হ'ব পাৰে। গতিকে এই ব্যঞ্জনবিধ ৰন্ধাক লৈ ভাড়াঘৰৰ গৰাকী আৰু অন্যান্য ভাড়াতীয়াৰ সৈতে এলানি হাস্যমধুৰ ঘটনা সংঘটিত হয়।৩ আখুনিৰ উৎকট গোন্ধৰ বাবে ভাড়াঘৰৰ পঞ্জাবী মালিকনী গৰাকীয়ে মণিপুৰী যুৱতী চান্‌বি (লিন লাইশ্ৰাম) আৰু তেওঁৰ নেপালী বান্ধৱী উপাসনাক (চায়ানী গুপ্তা) খাদ্যবিধ ৰন্ধাত বাধা আৰোপ কৰিছে। ইয়াৰ ফলত তেওঁলোকে আন ঠাইলৈ আখুনি ৰান্ধিবলৈ নি বিভিন্ন অবাঞ্ছিত আৰু বৈষম্যমূলক ঘটনাৰ সন্মুখীন হৈছে।৪

অভিনয় শিল্পী

ক্ৰমিক নংঅভিনয় শিল্পীচৰিত্ৰ
১চায়ানী গুপ্তাউপাসনা
২লিন লাইশ্ৰামচান্‌বি
৩লানুআকুম আওবেনডাং
৪টেনজিং ডালহাজ'ৰেম
৫আছেনলা জামিৰমিনাম
৬মেৰেনলা ইমচঙবালামন
৭ড'লী আহলুৱালিয়াভাড়াঘৰৰ মালিকনী
৮বিনয় পাঠকভাড়াঘৰৰ মালিক
৯ৰোহন যোশীশিব
১০মিল' চুনকাহইনা
১১আকাশ ভৰদ্বাজহিৰণ্য
১২আদিল হুছেইনবিশেষ চৰিত্ৰ ৰূপায়ণ

নিৰ্মাণ আৰু মুক্তিলাভ

পৰিচালক নিক'লাছ খাৰকংগ'ৰে ২০১৭ চনত আখুনিৰ কাহিনী লিখি শেষ কৰে আৰু ২০১৮ চনৰ জুন মাহত ২৫ দিনৰ ভিতৰতে দিল্লীত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হয়।৫ পৰিচালকজনে কয় যে আখুনিৰ পটভূমি তেওঁৰ নিজৰ ব্যক্তিগত জীৱনৰ ওপৰতে আধাৰিত কাৰণ অন্য উত্তৰ-পূৰ্বাঞ্চলীয় লোকৰ দৰে তেওঁৰ নিজৰো জাতিগত বৈষম্যৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আছে। ২০১৪ চনত চুলিৰ ৰঙৰ বাবেই এনে বৈষম্যৰ চিকাৰ হৈ দিল্লীত গণপ্ৰহাৰত মৃত্যুবৰণ কৰা অৰুণাচলী ছাত্ৰ নিড' তানিয়া সম্পৰ্কেও চলচ্চিত্ৰখনত পৰোক্ষভাৱে উপস্থাপন কৰা হৈছে।৬

২০১৯ চনৰ অক্টোবৰত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত আখুনিৰ প্ৰিমিয়াৰ সম্পন্ন কৰা হয় আৰু একেই মাহতে মুম্বাই চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শন কৰা হয়।৬ ২০২০ চনৰ ১২ জুনত নেটফ্লিক্সৰ যোগেদি আখুনিয়ে ভাৰতত মুক্তিলাভ কৰে।৬

সংগীত

আখুনিৰ সংগীত পৰিচালনা তজদাৰ জুনেইদৰ।৭ ছবিখনত মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, অসম আদি ভাৰতৰ উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোকসংগীত সন্নিৱিষ্ট কৰা হৈছে।৮ পাপনে ইয়াৰে 'ডান্স ইট আউট' শীৰ্ষক এটি গীতত কণ্ঠদান কৰিছে৯ আৰু এটি টোকাৰী গীতত উমাকান্ত বৈৰাগীয়ে কণ্ঠদান কৰিছে।১০

প্ৰতিক্ৰিয়া

আখুনি চলচ্চিত্ৰখনৰ প্ৰতি সমালোচকসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া আগবঢ়ায়। কিছুসংখ্যক সমালোচকে ছবিখন "বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা সামাজিক মন্তব্য প্ৰদানকাৰী ছবি"১১ আখ্যা দিয়াৰ বিপৰীতে মিনাম চৰিত্ৰটোক অধিকাংশ সময়ত দৃশ্যপটৰ পৰা আঁ‌তৰাই ৰখাৰ বাবে সমালোচনা কৰে।১২ ইয়াৰ লগতে আখুনি সম্পৰ্কত আৰু অধিক তথ্যৰ সংযোগ কৰাৰ থল থকাৰ বিষয়েও কিছুসংখ্যক চলচ্চিত্ৰ সমালোচকে মত পোষণ কৰে।১৩

আইএমডিবিত আখুনিয়ে ১০ ৰ ভিতৰত ৭.২ তাৰকা পোৱাৰ বিপৰীতে১৪ ফাৰ্ষ্টপ'ষ্টে ইয়াক ৫ ভিতৰত ৩-ৰে মূল্যাংকন কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ Kennith Rosario. (JUNE 13, 2020). ‘Axone’ movie review: Witty and culturally-rooted. The Hindu
  2. ↑ Axone (2019). imdb.com
  3. ↑ Seema Sinha. (Jun 14, 2020). Sayani Gupta on playing a Northeastern character in Netflix film Axone: Authenticity is most important. Firstpost
  4. ↑ Akanksha Bhatia. (Jun 15, 2020). 17 Scenes From ‘Axone’ That Truly Captured The Pain Of Being The ‘Other’ In Your Own Country. Scoopwhoop.com
  5. ↑ MYITHILI HAZARIKA. (3 June, 2020). Northeast filmmaker’s ‘Axone’ ready for Netflix with its distinctive cast, theme and aroma. The Print
  6. ↑ Nandini Ramnath. (Oct 09, 2019). North Eastern food ingredient axone plays a starring role in a film about racism and friendship. Scroll.in
  7. ↑ Axone. Pune International Film Festival
  8. ↑ Axone Review: A Rare Slice-Of-Life Portrayal Of The Life Of North Easterners. Box Office Worldwide
  9. ↑ (11 June 2020). PAPON’S SONG ‘DANCE IT OUT’ FOR MOVIE AXONE RELEASED. newslivetv.com
  10. ↑ Axone – Music Review (Bollywood Movie Soundtrack). www.musicaloud.com
  11. ↑ Aakash Mishra. (12 June 2020). Axone Film Review: A delightful and compelling satire on discrimination faced by the Northeast Indian community. The Scrbblr
  12. ↑ Donna. (2 October 2019). BFI #LFF 2019: AXONE FILM REVIEW. Franklymydearuk
  13. ↑ Sayed Saad Ahmed. (16 June 2020). ‘Axone’ Review: A Flavourful Tale Of Alienation And Belonging. Silverscreen India
  14. ↑ Axone (2019). IMDb
  15. ↑ Devansh Sharma. (12 June 2020). Axone movie review: A clever yet meandering satire on discrimination against Northeast migrants in Delhi. Firstpost

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আখুনি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৩৪২২ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।