ৰেলৰ আলিৰ দুবৰি বন (Relar Alir Dubori Bon) ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত দশৰথ দাসৰ। গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ 'ৰজতকমল' বঁটা লাভ কৰিছিল।১
নিৰ্মাণৰ আঁৰৰ কাহিনী
ৰেলৰ আলিৰ দুবৰি বনৰ চিত্ৰনাট্য লিখি গুৱাহাটী দূৰদৰ্শনৰ ওচৰলৈ যায়। তেতিয়া কেন্দ্ৰ সঞ্চালক আছিল ৰণেন চক্ৰৱৰ্তী। চক্ৰৱৰ্তীয়ে জনায় যে দূৰদৰ্শনে ছবিখন প্ৰযোজনা কৰিব নোৱাৰে, কাৰণ গগৈয়ে কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ বঁটা লাভ কৰা নাই। তেতিয়া গগৈয়ে কয় যে তেওঁ পুৰষ্কাৰ পাই দেখুৱাব। সেইমতে ছবিখন নিৰ্মাণ হ'ল আৰু ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ই শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিলে। ছবিখন হ'লে চিত্ৰগৃহত মুক্তি দিয়া নহ'ল। বাজেট আছিল ৪,৩৫,০০০ টকা। বঁটা-বাহন, দূৰদৰ্শনৰ প্ৰদৰ্শন আদিৰ যোগেদি ছবিখন প্ৰায় নলাখ টকা সংগ্ৰহ কৰিছিল।২
কাহিনী
কাৰ্তিক এজন মটৰ মেকানিক। ৰেখাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্বন্ধ গঢ়ি উঠে। ৰেখাৰ মাক ফুকনৰ গৃহকৰ্ত্ৰী। কাৰ্তিকে ৰেখাক এবাৰ ফুকনৰ যৌন আতিসহ্যৰ পৰা বচাইছিল।১
কাৰ্তিকে এদিন তাৰ লগৰ এজনৰ লগত আগন্তুক নিৰ্বাচন সম্পৰ্কে কথা পাতি আছিল; যিটো নিৰ্বাচনত ফুকনেও প্ৰতিদ্বন্দিতা কৰিছিল। সি ফুকনৰ বিৰুদ্ধে মত আগবঢ়াইছিল। এই কথাটো গৈ ফুকনৰ সমৰ্থক মেকানিক এজনে ফুকনক লগালে। ফুকনে কাৰ্তিকৰ ওপৰত আক্ৰমণ চলালে আৰু চেতনাহীন হৈ পৰা তাৰ দেহটো ৰাষ্টাত পেলাই দিবলৈ ড্ৰাইভাৰক আদেশ দিলে। ৰেখাই মনেমনে ড্ৰাইভাৰজনৰ লগ লাগি তাক সুৰক্ষিত ঠাইলৈ লৈ গ'ল।১
কাৰ্তিক ৰেখাহঁতে কৰা সহায়ৰ প্ৰতি কৃতজ্ঞ। কিন্তু সি অনুভৱ কৰিলে যে তাৰ নিচিনা তুচ্চ মানুহ এটা পৃথিৱীত জীয়াই থকাৰ কোনো অৰ্থ নাই। আত্মহত্যা কৰাৰ মানসেৰে সি ৰেল লাইনৰ ওপৰত শুই পৰিল।১
অভিনয় শিল্পী
মূল চৰিত্ৰ কাৰ্তিক আৰু ৰেখাৰ ভূমিকাত অমিতাভ গগৈ আৰু দীপিকা শৰ্মাই অভিনয় কৰিছিল। খলনায়ক ফুকনৰ ভাওত আছিল উপকুল বৰদলৈ।১
বঁটা আৰু সন্মান
'ৰেলৰ আলিৰ দুবৰি বন আছিল দুখীয়াৰ ওপৰত চলা শোষণ, তেওঁলোকৰ যন্ত্ৰণা আৰু অসহায় অৱস্থাটোৰ অভিনৱ শৈলীৰে কৰা এক কৰুণ চিত্ৰায়ণ!' সেইবাবেই ছবিখনক ৪০তম চলচ্চিত্ৰ মহোৎসৱত (১৯৯৩) শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটাৰে সন্মানিত কৰা হৈছিল। পুলক গগৈলৈ ৰজতকমলৰ উপৰিও প্ৰযোজক ৰূপে নগদ ২০,০০০ টকা আৰু পৰিচালক ৰূপে নগদ ১০,০০০ টকা আগবঢ়োৱা হৈছিল।১
তথ্যসূত্ৰ
- ↑ 40th National Film Festival, PDF Page 58, 156
- ↑ অতনু ভট্টাচাৰ্য. (২০১৮). মোৰ ইচ্ছামৃত্যু হ'ব যেন লাগে. সাতসৰী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেলৰ আলিৰ দুবৰি বন” প্ৰবন্ধৰ সংশোধন ২৯০৮৬২ (১৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।