চাম নৃত্য (Cham dance) তিব্বতীয় বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ উৎসৱৰ লগত জড়িত পৰম্পৰাগত লোকনৃত্য। তিব্বতীয় কিছুমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত জীৱন্ত মুখাযুক্ত আৰু পোছাক পৰিহিত চাম নৃত্য চীন, ভাৰত আৰু ভূটানত প্ৰচলিত।১২ নৃত্যৰ সৈতে পৰম্পৰাগত তিব্বতীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সন্ন্যাসীসকলে লোক সংগীত গায়। নৃত্যবোৰে প্ৰায়ে প্ৰেৰিত কৰুণা বা সহানুভূতি সম্পৰ্কীয় নৈতিক নিৰ্দেশনা প্ৰদান কৰে আৰু ইয়াক অনুভৱ কৰা সকলোৰে বাবে যোগ্যতা আনিবলৈ অনুষ্ঠিত কৰা হয়।৩৪
চাম নৃত্যক ধ্যানৰ এক প্ৰকাৰ আৰু দেৱতাসকলৰ উদ্দেশ্য উছৰ্গিত এটা নৈবেদ্য বুলি গণ্য কৰা হয়।৫ চাম নৃত্যৰ নেতা সাধাৰণতে এজন সংগীতজ্ঞ। তেওঁ কিছুমান বাদ্যযন্ত্ৰ যেনে তাল ব্যৱহাৰ কৰি গীত জুৰে। ব্যতিক্ৰম হিচাপে দ্ৰামিন চামত তাল ৰাখিবলৈ দ্ৰামিন ব্যৱহাৰ কৰি ৰখা হয়।
২০ শতিকাৰ আৰম্ভণিতে প্ৰদৰ্শনৰ পশ্চিমীয়া সকলে ইয়াক "চয়তান নৃত্য" শব্দটো ব্যৱহাৰ কৰিছিল। এই নাম প্ৰদৰ্শকসকলে পিন্ধা পোছাকৰ পৰা আহৰণ কৰা হৈছিল।৫
উৎপত্তি

যদিও চাম নৃত্যৰ উৎস কি কোৱা সম্ভৱ নহয় কিন্তু তন্ত্ৰবিদ্যাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে। হিমালয়ৰ পাদদেশত ইয়াৰ উৎপত্তি হৈছিল। বহুতৰ মতে অষ্টম শতিকাৰ শেষত ৰজা ত্ৰিচং দেস্তানক এটা আশ্ৰম নিৰ্মাণৰ পৰা প্ৰতিহত কৰা হৈছিল আৰু গুৰু পদ্মসম্ভৱক অশুভ শক্তি আঁতৰ কৰিবলৈ নিৰ্দেশ দিছিল যাতে আশ্ৰমখন নিৰ্মাণ কৰিব পাৰি। গুৰু পদ্মসম্ভৱে অশুভ শক্তি আঁতৰ কৰিবলৈ চাম নৃত্য কৰে আৰু সেইঠাইত এই নৃত্যৰ উৎপত্তি হয়।
মুখা আৰু সাজ-পাৰ
চাম নৃত্যত মুখা আৰু উজ্জ্বল পোছাক পিন্ধা হয়। মুখাবোৰ বিভিন্ন অঞ্চলত বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হয়। সাধাৰণতে কাঠ, পিতল, ব্ৰঞ্জ আৰু কপাহী কাপোৰৰ মুখা ব্যৱহাৰ কৰা হয়। মুখাবোৰ উজ্জ্বল ৰঙেৰে ৰং কৰা হয়।
চাম নৃত্যৰ বিশেষ পোছাক সাধাৰণতে দৈনন্দিন কাপোৰৰ ওপৰত পিন্ধা হয়। পোছাকবোৰ উজ্জ্বল ৰঙৰ আৰু ইয়াৰ হাত বহল থাকে। ইয়াত এম্ব্ৰইডাৰী, কাঠ, ধাতু আৰু আনকি প্লাষ্টিক আৰু বিভিন্ন অলংকাৰ ব্যৱহাৰ কৰা হয়।
উৎসৱৰ সময়ত লেহ পেলেচত চাম নৃত্য]]
বিষয়বস্তু
চাম নৃত্যত প্ৰায়ে নৱম শতিকাৰ নাইংমাপা গুৰু পদ্মসম্ভৱ আৰু অন্যান্য সাধুসকলৰ জীৱনৰ ঘটনাবোৰ প্ৰদৰ্শিত কৰে।৬ দুই প্ৰধান বিতৰ্ক বা বাদ-সংবাদ মহেয়ান আৰু কমলশিলাৰ মাজত লাছা পৰিষদৰ মহান তৰ্ক কিংহাইৰ কুমবুম মঠত বছৰি এবাৰ অনুষ্ঠিত এক নিৰ্দিষ্ট চাম নৃত্যত বৰ্ণনা আৰু প্ৰদৰ্শিত কৰা হয়।৭ খ্ৰীষ্টীয় ৮৪১ চনত নিষ্ঠুৰ তিব্বতী ৰজা লাংদাৰ্মাৰ হত্যাৰ স্মৃতিৰ বাবে তিব্বতীয় নতুন বছৰ লোচাৰৰ প্ৰাকঁকালত এই নৃত্য কৰা হয়। এইটো এটা নৃত্য অশুভৰ ওপৰত শুভৰ বিজয়ৰ প্ৰতীক।৮
ব্লেক হেট বা ক'লা টুপী পৰিহিত নৃত্য এবিধ বজ্ৰকীলয়া নৃত্য আৰু চিত্ৰকলাত আটাইতকৈ সঘনাই প্ৰদৰ্শিত কৰা নৃত্য।৯
অঞ্চল
ভূটান

ভূটানত প্ৰতিখন জিলাৰ চেচু নামৰ এক বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত চাম নৃত্য কৰা হয়। এই নৃত্য সন্ন্যাসী, মঠবাসী আৰু গাওঁবাসীৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। ৰাজকীয় প্ৰদৰ্শন কলা একাডেমীয়ে চাম নৃত্য প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যসূচী পৰিচালনা কৰা হয়।
তিব্বত
এই নৃত্য সাধাৰণতে তিব্বতৰ মানলাম প্ৰাৰ্থনা উৎসৱৰ সময়ত বহুদৰ্শকৰ সন্মুখত অনুষ্ঠিত কৰা হয়।১০
ভাৰত
ভাৰতৰ ছিক্কিম, ধৰ্মশালা আৰু লাডাখৰ বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানত চাম নৃত্য কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ༈ རྫོང་ཁ་ཨིང་ལིཤ་ཤན་སྦྱར་ཚིག་མཛོད། ༼འཆ-༽. Dzongkha-English Online Dictionary. Dzongkha Development Commission, Government of Bhutan
- ↑ (1996). Tibetan-English-Dictionary of Buddhist Teaching & Practice. Diamond Way Buddhism Worldwide. Rangjung Yeshe Translations & Publications entry: 'cham
- ↑ Pearlman, Ellen. (2002). Tibetan Sacred Dance: a Journey into the Religious and Folk Traditions. Inner Traditions / Bear & Co. পৃ. 21, 32, 180. ISBN 978-0-89281-918-8
- ↑ Clements, William M. (2006). The Greenwood Encyclopedia of World Folklore and Folklife: Southeast Asia and India, Central and East Asia, Middle East. Greenwood Press. পৃ. 106–110. ISBN 978-0-313-32849-7
- ↑ Schrempf, Mona. (1995). Proceedings of the 7th Seminar of the International Association for Tibetan Studies: Graz 1995. vol. 4. Verlag der Österreichischen Akademie der Wissenschaften. পৃ. 91–102. ISBN 370012659X
- ↑ Dancing on the demon's back: the dramnyen dance and song of Bhutan, by Elaine Dobson, John Blacking Symposium: Music, Culture and Society, Callaway Centre, University of Western Australia, July 2003
- ↑ Roccasalvo, Joseph F.(1980). 'The debate at bsam yas: religious contrast and correspondence.' Philosophy East and West 30:4 (October 1980). The University of Press of Hawaii. Pp.505-520. Source: (accessed: 17 December 2007)
- ↑ Lossar Festival
- ↑ Chitipati/Shri Shmashana Adhipati (protector) - at Himalayan Art Resources
- ↑ (28 February 2010). Backgrounder: Monlam Prayer Festival. Focus on Tibet. Xinhua
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাম নৃত্য” প্ৰবন্ধৰ সংশোধন ৩৮০৮০১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।