অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাৰুলতা

চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৭ জুলাই ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।

ছবিখনৰ প্ৰথম আৰু শেষ দুয়োটা দৃশ্যই সমালোচকৰ প্ৰশংসা লাভ কৰিছে। প্ৰায় কোনো সংলাপ নথকা প্ৰথম দৃশ্যটোত চাৰুৰ নিসংগতা দেখুওৱা হৈছে। শেষৰ দৃশ্যটোত যেতিয়া চাৰু আৰু তাইৰ স্বামীয়ে ওচৰ চাপি দুয়ো দুয়োৰ হাত খামুচি ধৰিবলৈ ওলাইছে, তেতিয়াই দৃশ্যটো ফ্ৰিজ হৈ যায়। এই দৃশ্যটোক চলচ্চিত্ৰত ফ্ৰিজ ফ্ৰেমৰ সুন্দৰ ব্যৱহাৰ বুলি বৰ্ণনা কৰা হয়।১

কুশীলৱ

  • মাধৱী চেটাৰ্জী (চাৰুলতা)
  • সৌমিত্ৰ চেটাৰ্জী (অমল)
  • শৈলেন মুখাৰ্জী (ভূপতি দত্ত)
  • শ্যামল ঘোষ (উমাপদ)
  • গীতালী ৰায় (মাণ্ডা)
  • ভোলানাথ কোয়াল (ব্ৰজ)
  • সুকু মুখাৰ্জী (নিশিকান্ত)
  • দিলীপ বসু (শশাংক)
  • জয়দেৱ (নীলোৎপল)
  • বংকিম ঘোষ (জগন্নাথ)

বঁটা-বাহন

  • বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা

শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ শ্ৰেষ্ঠ পৰিচালক- সত্যজিৎ ৰায় শ্ৰেষ্ঠ চিত্ৰনাট্য- সত্যজিৎ ৰায় শ্ৰেষ্ঠ সংগীত পৰিচালক- সত্যজিৎ ৰায় শ্ৰেষ্ঠ অভিনেতা- শৈলেন মুখাৰ্জী শ্ৰেষ্ঠ অভিনেত্ৰী- মাধৱী মুখাৰ্জী

  • ১৯৬৫: বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

শ্ৰেষ্ঠ পৰিচালনাৰ চিলভাৰ বিয়েৰ OCIC বঁটা

অধিক জানিবলৈ পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ray, Satyajit. (2015). Prabandha Sangraha. Ananda Publishers. পৃ. 43–48. ISBN 978-93-5040-553-6

সম্পৰ্কিত শ্ৰেণী

১৯৬৪ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰুলতা” প্ৰবন্ধৰ সংশোধন ৬২০১৪৪ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।