ক: য়াদ (ইংৰাজী নাম: Ko: Yad -A Silent Way) হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমৰ চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই এই উপন্যাসখনৰ কাহিনীভাগেৰে একে নামেৰে মিচিং ভাষাত ছবিখন নিৰ্মান কৰে।
পটভূমি
ক: য়াদ ছবিখনৰ কাহিনীভাগত পৌকাম নামৰ চৰিত্ৰটোৱে জীৱনত বহু বঞ্চনাৰ সম্মুখীন হোৱাৰ পিছত তেওঁৰ জীৱনৰ নিৰাশা বৰ্ণিত হৈছে। বয়স বাঢ়ি অহাত পৌকামে দেউতাকে তেওঁক দি যোৱা নাওখনেৰে ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰ পৰা খৰি বুটলি জীৱন নিৰ্বাহ ব্যৱস্থা কৰে। ছবিখনত পৌকামৰ ল'ৰালি দিনৰে পৰা আৰম্ভ কৰি বিবাহ, সন্তানৰ জন্ম আৰু তাৰপিছত বৃদ্ধাৱস্থালৈকে তেওঁৰ জীৱনৰ কাহিনী বৰ্ণিত হৈছে। নিজৰ পৰিয়ালৰ বাবে হাঁড়ক মাটি কৰি শ্ৰম কৰা পৌকামে অৱশ্যে জীৱনত তেওঁৰ বন্ধুবৰ্গ, ঋণদাতা আৰু নিজৰ সন্তানৰ পৰাই প্ৰৱঞ্চনাৰ মুখামুখি হ'ব লগা হয়। আনকি শেষত নৈখনেও তেওঁক বঞ্চণা কৰে।১ ২
অভিনয় শিল্পী
সেৱান সিং য়েইন, তৰুলতা কুটুম, বিদুৰ মিলি, দিগন্ত পাংগিং আৰু অন্যান্য শিল্পী। ৩
চিত্ৰগ্ৰহণ
ক: য়াদৰ ২৫ দিনজোৰা চিত্ৰগ্ৰহণ ৪ জুলাইৰ পৰা আৰম্ভ হৈছিল। ছবিখনৰ প্ৰাৰম্ভিক চিত্ৰগ্ৰহণ দিচাংমুখৰ এক মনোমোহা স্থানত হৈছিল। ছবিখনৰ সহকাৰী পৰিচালক ৰূপে আছে- লোহিত দত্ত, ফুল ডাউকা, ঘনশ্যাম কলিতা, ৰূপম চেতিয়া আৰু দিবাকৰ পেগু। ছবিখনৰ সম্পাদনা কৰিছিল এ শ্ৰীকৰ প্ৰসাদে। সংগীত পৰিচালনা কৰিলা থমাছ কটুকাপল্লীয়ে। AAAS প্ৰডাকছনৰ বেনাৰত ছবিখন ৩৫ মিলিমিটাৰ চিনেমাস্কোপত ড'লবী ডিজিটেল ছাউণ্ড প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মান কৰা হৈছে। ছবিখনৰ সাজ সজ্জাৰ দায়িত্বত আছিল জীৱন ডাউকা। ১
সাফল্য
ক: য়াদ চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছিল। ৪ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবি (চিত্ৰভাৰতী) শিতানৰ বিচাৰক এছ কে ভগৱানে এইদৰে কৈছিল যে, মঞ্জু বৰাৰ ছবি ক: য়াদ-এ অসমৰ এখন সৰু গাঁৱৰ মিচিং মানুহৰ কাহিনী অতি সূক্ষ্মভাৱে বৰ্ণিত পৰিৱেশৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ কৰিছে। ৫
প্ৰদৰ্শন তথা সন্মান
- লাডাখ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। ৬৭
- দ্য ইণ্ডিয়ান ফিল্মছ কম্পিটিশ্যন জুৰীৰ সুচিত্ৰ সন্মান- ২০১৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত ষষ্ঠ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা। ৮ ৯
- পঞ্চদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত। ১০ ৩ ১১
- ২০১২ চনৰ ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা। ১২
- ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অষ্টম অনুসূচীত অনা-অন্তৰ্ভুক্ত ভাষাৰ ছবিৰ শ্ৰেণীত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা। ১৩ ১৪
- ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বঁটা: সুধীৰ পলচানে। ১৫ ১৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইটত ক: য়াদ
- ↑ মঞ্জু বৰাৰ অফিছিয়েল ৱেবচাইট
- ↑ বাজ ইন টাউন
- ↑ ক: য়াদৰ প্ৰশংসা
- ↑ দ্য হিন্দু
- ↑ টাইম আউট মুম্বাইত কঃ য়াদ
- ↑ কঃ য়াদৰ বাবে মঞ্জু বৰালৈ বঁটা
- ↑ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইট
- ↑ আই এম ডি বি
- ↑ বাৰ্প.ইন
- ↑ টাইমছ চিটী
- ↑ মিছিং ভাষাৰ শ্ৰেষ্ঠ ছবি
- ↑ ৰজত কমল ক: য়াদলৈ
- ↑ ক: য়াদলৈ ৰজত কমল
- ↑ টাইমছ অৱ ইণ্ডিয়া
- ↑ দ্য আসাম ট্ৰিবিউন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক: য়াদ” প্ৰবন্ধৰ সংশোধন ৫৩৮৬৪৮ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।