কুম্মাট্টিকলি (ইংৰাজী ভাষা: Kummattikali) হৈছে কেৰালাৰ এক বিখ্যাত আৰু ৰঙীন মুখা-নৃত্য। এই নৃত্য প্ৰধানকৈ ত্ৰিছূৰ জিলা, পালক্কাড জিলা আৰু দক্ষিণ মালাবাৰৰ কিছু অংশত প্ৰচলিত। ওনাম উৎসৱৰ সময়ত কুম্মাট্টিকলি শিল্পীসকলে মানুহৰ ঘৰে ঘৰে গৈ সৰু সৰু উপহাৰ সংগ্ৰহ কৰে আৰু লোকসকলক মনোৰঞ্জন প্ৰদান কৰে। ওনামৰ সময়ত ত্ৰিছূৰ জিলাত কুম্মাট্টি নৃত্য ব্যাপকভাৱে দেখিবলৈ পোৱা যায়। এই কুম্মাট্টিকলিৰ আটাইতকৈ আদিম বা প্ৰকৃত ৰূপটো পালক্কাড জিলাৰ ভদ্ৰকালী মন্দিৰত দেখা যায়।১
সাজ-পোছাক
কুম্মাট্টিকলিৰ সাজ-পোছাকসমূহ ইয়াৰ আটাইতকৈ আকৰ্ষণীয় দিশ।২ নৰ্তকসকলে কৃষ্ণ, নাৰদ, কিৰাত, দাৰিকা বা চিকাৰীৰ মুখমণ্ডল অংকন কৰা গধুৰভাৱে ৰং কৰা ৰঙীন কাঠৰ মুখা পৰিধান কৰে। এই মুখাবোৰ সাধাৰণতে ভেঁকুৰজাতীয় গছ, কঁঠাল গছ, ছতিয়ন গছ, অমৰা গছ বা মদাৰ গছৰ কাঠেৰে তৈয়াৰ কৰা হয়।৩
নৰ্তকসকলে শুকান ঘাঁহেৰে গুঁথি পৰিধান কৰা স্কাৰ্ট পিন্ধে। কিছুমানে অধিক জোপোহা দেখাবৰ বাবে গোটেই শৰীৰটো ঘাঁহৰ গোছাৰে ঢাকি লয়। মুখাৰ বাহিৰৰফালে লগোৱা তাল্লাৰদ্বাৰা ইয়াক দেখিবলৈ অধিক আমোদজনক কৰা হয়, যিয়ে এখন দাঁতহীন মেল খাই থকা মুখৰ আকৃতি দিয়ে। নৰ্তকসকলে কৃষি কাৰ্যৰ অৱশিষ্ট উৎপাদনেৰে তৈয়াৰী দীঘল লাঠি হাতত লৈ ঘূৰায়, যাক কুম্মাট্টিকলি বুলি কোৱা হয়; এই লাঠিডালৰপৰাই এই নৃত্যৰ নামটো আহিছে। তেওঁলোকৰ এই নৃত্য শৈৱ পৌৰাণিক কাহিনীৰ সৈতে জড়িত। থাম্মা (এগৰাকী বৃদ্ধা মহিলা) নামৰ এক চৰিত্ৰই লাঠি এডালৰ সহায়ত সমদলৰ আগে আগে খোজ কাঢ়ি যায়। থাম্মাক সকলো জীৱ আৰু বস্তুৰ মাতৃৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
ঘৰে ঘৰে গৈ গুৰ, চাউল বা অলপ নগদ ধন সংগ্ৰহ কৰি ফুৰা কুম্মাট্টি নৰ্তকসকলক চোৱাটো এক উল্লেখনীয় দৃশ্য। দৰ্শকসকলে, বিশেষকৈ শিশুসকলে তেওঁলোকৰ এই প্ৰদৰ্শনত অতি আনন্দ লাভ কৰে।
প্ৰদৰ্শন
এই নৃত্যৰ খোজৰ ছন্দ প্ৰদান কৰা হয় অনাভিল্লু নামৰ এক ধনুসদৃশ বাদ্যযন্ত্ৰৰ তাঁৰ কঁপাই। এই ধনুখন তৈয়াৰ কৰিবলৈ তামোল গছৰ কাঠ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ তাঁৰবোৰত বাঁহৰ মিহি কাঠিৰে কোবাই বাদ্য বজোৱা হয়।৪
কুম্মাট্টিকলিৰ বিষয়-বস্তুসমূহ মূলতঃ ৰামায়ণৰ কাহিনী, দাৰিকা বধম, শিৱৰ কাহিনী আৰু মঞ্জন নায়াৰে পাত্তুৰ দৰে লোককথাৰপৰা লোৱা হয়।
উল্লেখ কৰিব পাৰি যে কেৰালাৰ লোকশিল্পক প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি— ধৰ্মীয় আচাৰ-অনুষ্ঠানযুক্ত আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানহীন। ধৰ্মীয় আচাৰ-অনুষ্ঠানযুক্ত শিল্পক পুনৰ দুটা ভাগত ভগাব পাৰি— কোনো এক নিৰ্দিষ্ট দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ কৰা ভক্তিমূলক কলা আৰু যাদুকৰী কলা। থেয়্যাম, থিৰা, পুথানথিৰা, কান্নিয়াৰ কালী আৰু কুম্মাট্টিকলি আদি হৈছে কিছুমান ভক্তিমূলক লোকশিল্প।
জনপ্ৰিয় সংস্কৃতিত
২০২০ চনৰ মালায়ালম একচন চলচ্চিত্ৰ অয়্যাপ্পনুম কোশীয়ুমত মূল চৰিত্ৰ অয়্যাপ্পনে এসময়ত কুম্মাট্টি শিল্পীৰ ছদ্মৱেশত এজন সজাগ হত্যাকাৰী হিচাপে কাম কৰাৰ অতীত কাহিনীটো ছবিখনৰ মূল প্লট আছিল। অয়্যাপ্পনৰ কলৰী সমৰকলাৰ পাৰদৰ্শিতাৰ বাবেই তেওঁ শ্ৰমিক সংঘৰ সদস্যসকলে নিৰ্মূল কৰিবলৈ দুষ্ট জমিদাৰসকলে পঠোৱা কুম্মাট্টিৰ ছদ্মৱেশত অহা ১৩ জন হত্যাকাৰীক বধ কৰিবলৈ সক্ষম হৈছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুম্মাট্টিকলি” প্ৰবন্ধৰ সংশোধন ৬২৬৭৮৩ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।