এখন নেদেখা নদীৰ সিপাৰে (Akhon Nedekha Nodir Sipare, ইংৰাজী শিৰোনাম As the River Flows) হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে (National Film Development Corporation, চমুকৈ NFDC) বোলছবিখন প্ৰযোজনা কৰে। চলচ্চিত্ৰখনৰ পৰিচালক মুম্বাই চহৰৰ বাসিন্দা অসমীয়া পৰিচালক বিদ্যুত কটকী।১
কাহিনী
অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি পাছত হত্যা কৰিছিল। এই ঘটনাৰ আধাৰতে এই ছবিখন নিৰ্মাণ কৰা হৈছে১। ২০১০ চনত ভূপেন হাজৰিকাই চলচ্চিত্ৰখনৰ বাবে এটি কবিতা আবৃত্তি কৰে২। পৰিচালক বিদ্যুত কটকীয়ে কয়৩,
"The poem represents the voice of the river Brahmaputra through the voice of the music maestro. Late Hazarika is known for his passion for the mighty river and is called the 'Bard of Brahmaputra'. So, when I needed someone to represent the voice of the river in my film, I immediately decided to approach Dr. Hazarika. ... He was ailing and not well when I approached him for recording the recitation for the film. However, he agreed to lend his voice and we finally recorded the recitation in February 2010."
অভিনয়
- ভিক্টৰ বেনাৰ্জী
- সঞ্জয় চুৰী
- বিদিতা বাগ
- ৰাজ জুটছী
- নকুল বৈদ
- নৱীদ আচলাম১
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। গীতৰ কথা জুবিন গাৰ্গ, বিদ্যুত কটকী, জয়ন্ত সোণোৱাল আৰু খগেন গগৈৰ।৪
বিতৰ্ক
চেন্সৰ বোৰ্ডে অসমীয়া চলচ্চিত্ৰ বুলি স্বীকৃতি দিয়াৰ পাছতো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিচাৰকমণ্ডলীয়ে এইখন অসমীয়া চলচ্চিত্ৰ নহয় বুলি বঁটাৰ কাৰণে অযোগ্য ঘোষণা কৰে৫ আৰু ইয়াৰ ফলত চলচ্চিত্ৰখন বাতৰিৰ শিৰোনামলৈ আহে।
সন্মান/পুৰস্কাৰ
- শ্ৰেষ্ঠ কাহিনীৰ পুৰস্কাৰ: ৰাজ্যিক চলচ্চিত্ৰ বঁটা১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Abdul Gani. Ekhon Nedekha Nodir Xipare at Washington DC film fest. assamtimes.org
- ↑ (2012-09-22). Assam's most celebrated voice comes alive on screen: Bidyut Kotoky's Ekhon Nedekha Nodir Xipare releases. Sentinelassam.com
- ↑ Pranjal Borah. (2012-09-17). Assam Online Portal: Bidyut Kotoky’s “Akhon Nedekha Nodir Sipare” Releases on Friday. Assamportal.com
- ↑ As The River Flows (2012). Music India Online
- ↑ (2012-09-14). Bidyut Kotoky’s "Akhon Nedekha Nodir Sipare" releases on Friday. DearCinema.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এখন নেদেখা নদীৰ সিপাৰে” প্ৰবন্ধৰ সংশোধন ৬৩৯৫০৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।