কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাম নৱমী
ৰাম নৱমী (সংস্কৃত: राम नवमी, ৰোমানীকৃত: ৰামনাৱমী) হৈছে হিন্দু ধৰ্মৰ অন্যতম জনপ্ৰিয় দেৱতা ৰাম, যাক বিষ্ণুৰ সপ্তম অৱতাৰ বুলিও জনা যায়, ৰামৰ জন্ম উদযাপন কৰা এক হিন্দু উৎসৱ।
-
অথেলো (চলচ্চিত্ৰ)
অথেলো হৈছে ২০১৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক আছিল হেমন্ত কুমাৰ দাস। মানবেন্দ্ৰ অধিকাৰীয়ে অৰ্থ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছিল। ৰঞ্জিত শৰ্মাই ৰচনা কৰা কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনে ২০১৫ চনত "শ্ৰেষ্ঠ অসমীয়া ছবি"ৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।
-
অপুৰ সংসাৰ
অপুৰ সংসাৰ (Apura Sansar or The World of Apu ) ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত আৰু বঙালী ভাষাত নিৰ্মিত এখন ধ্ৰুপদী চলচ্চিত্ৰ। পৰিচালনা আৰু ৰচনা সত্যজিত ৰায়ৰ। অপু নামৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি ৰায়ে নিৰ্মাণ কৰা অপু ত্ৰিল’জীৰ এইখন তৃতীয় ছবি। ইয়াত অপুৰ যুবাৱস্থাৰ চিত্ৰায়ণ কৰা হৈছে।
-
অভিমান
অভিমান (Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।
-
অমৰ প্ৰেম
অমৰ প্ৰেম (Amar Prem) শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ১৯৭২ চনৰ ২৮ জানুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অৰবিন্দ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত নিশি পদ্ম শীৰ্ষক বঙালী চিনেমাখনৰ পুনৰ্নিমাণ।
-
আজ তক
আজ তক (Aaj Tak; ) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ বাতৰি চেনেল।
-
আজান ফকীৰ চাহেব (চলচ্চিত্ৰ)
আজান ফকীৰ চাহেব হৈছে বাণী কলিতা পৰিচালিত আৰু আছিফ ইকবাল হুছেইন প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০৮ চনৰ ২৫ এপ্ৰিল তাৰিখে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। বাগদাদৰ পৰা অসমলৈ অহা ছুফী সন্ত আজান ফকীৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি বোলছবিখন নিৰ্মাণ কৰা হয়।
-
আল্পনা
আল্পনা বা ৰংগোলী হৈছে পিঠাগুড়ি, আটা আদিত ৰং মিহলাই তাৰ সহায়েৰে উপাসনাৰ স্থান, ঘৰৰ দুৱাৰ-মুখ আদিত অঁকা মাঙ্গলিক চিত্ৰ। আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে।
-
ইটো সিটো বহুতো
ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
ক'ৰিয়'গ্ৰাফী (নৃত্য)
ক'ৰিয়'গ্ৰাফী (Choreography) বুলিলে নৃত্যৰ সৃষ্টি আৰু পৰিচালনা কৰা কলাক বুজায়। এই শব্দটো গ্ৰীক শব্দ khoreia (নৃত্য) আৰু graphy (লিখা)ৰ পৰা আহিছে। এই অৰ্থমতে শব্দটোৱে আগতে নৃত্যৰ লিখিত নথিক বুজাইছিল।
-
কাৰাটে
কাৰাটে (Karate) একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।
-
কুশান নৃত্য
কুশান নৃত্য ( Kushan Dance) অথবা কুশান গান কৃত্তিবাসী ৰামায়ণৰ আধাৰত সৃষ্টি কৰা কোচ ৰাজবংশীসকলৰ এক লোককলা৷ কুশান নামটোৰ উৎপত্তিৰ সৈতে বহুতৰ মাজত মতভেদ আছে৷ কোনো কোনোৰ মতে, কোচ জাতিৰ নামৰ পৰাই কুশান নাম হৈছে; কোনোৰ মতে, ৰামায়ণৰ কুশৰ নামৰে কুশান হৈছে আৰু আন কিছুমানৰ মতে ৰামায়ণৰ পূৰ্বৰ পৰাই কুশান…
-
কেলেণ্ডাৰ (চলচ্চিত্ৰ)
কেলেণ্ডাৰ (calendar) ২০১৮ৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এনাজৰী টকীজৰ বেনাৰত হিমজ্যোতি তালুকদাৰে ছবিখনৰ পৰিচালনা কৰিছে। ছবিখন প্ৰযোজনা কৰিছে হিমজ্যোতি তালুকদাৰ আৰু দিক্ষিত দাসে। ছবিখনত চৰিত্ৰসমূহত মলয়া গোস্বামী, অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ আৰু ৰিমঝিম ডেকাই অভিনয় কৰিছে।
-
কেৰালাৰ সংস্কৃতি
কেৰালাৰ সংস্কৃতি বহু হাজাৰ বছৰ ধৰি গঢ়ি উঠিছে। ইয়াৰ ওপৰত ভাৰতৰ অন্যান্য অংশ আৰু বিদেশৰ প্ৰভাৱ পৰিছে। এই সংস্কৃতি ইয়াৰ প্ৰাচীনতা আৰু মালয়ালী লোকসকলৰ ধাৰাবাহিকতাৰ বাবে জনাজাত। প্ৰাচীন কালত ভাৰতৰ বিভিন্ন প্ৰান্ত আৰু বিদেশৰপৰা অহা প্ৰব্ৰজনৰ বাবে আধুনিক কেৰালা সমাজখন গঢ়ি উঠিছিল।
-
খ্ৰীং খ্ৰীং বাইথ' পূজা
খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ। এই উৎসৱ বাইথ' থান নামৰ পৰম্পৰাগত দেউশালত অনুষ্ঠিত কৰা হয় আৰু এই উৎসৱত লগত হাইদাং নামৰ এবিধ গীত গোৱা হয়।
-
গাঁঠিয়ন খুন্দা
গাঁঠিয়ন খুন্দা উজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক সামাজিক আচাৰ। বিবাহৰ সতে জড়িত বহু আচাৰ অনুষ্ঠানৰ দৰে গাঁঠিয়ন খুন্দা পৰ্বটোৰো বিশেষ বৈশিষ্ট আছে। গাঁঠিয়ন হৈছে সুগন্ধি কাণ্ডৰে সৈতে এবিধ উদ্ভিদ প্ৰজাতি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Kaempferia galanga L. উদ্ভিদবিধ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত।
-
গৰবা
গৰবা (Garba) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাৰম্পৰিক লোকনৃত্য। গৰবা নামটো সংস্কৃত শব্দ 'গৰ্ভ' আৰু 'দীপ'ৰ পৰা আহৰণ কৰা হৈছে। এই নৃত্য বিশেষকৈ নৱৰাত্ৰিত কেন্দ্ৰীয়ভাৱে জ্বলোৱা চাকি বা দেৱী শক্তিৰ ছবি বা মূৰ্তিৰ চাৰিওফালে পৰম্পৰাগতভাৱে ঘূৰি ঘূৰি কৰা হয়।
-
ঘুগুৰা
ঘুগুৰা (Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে। ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট পৃথক হয়।
-
ঘুমৰ নৃত্য
ঘুমৰ নৃত্য (Ghoomar) ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জনজাতিৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য কৰিছিল। পিছলৈ আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে। ঘাঘৰা নামৰ প্ৰবাহিত পাৰম্পৰিক পোছাক পিন্ধি ওৰণিলোৱা মহিলাসকলে ঘুমৰ নৃত্য প্ৰদৰ্শন কৰে।
-
চলচ্চিত্ৰ সমালোচনা
চলচ্চিত্ৰ সমালোচনা (Film Criticism) হৈছে চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ মাধ্যমৰ বিশ্লেষণ আৰু মূল্যায়ন। সাধাৰণতে চলচ্চিত্ৰ সমালোচনাক দুটা ভাগত ভাগ কৰিব পাৰি: সাংবাদিকতামূলক সমালোচনা (Journalistic Film Criticism)- যি বাতৰি কাকত, আলোচনী আৰু অন্যান্য জনপ্ৰিয় গণমাধ্যমসমূহত নিয়মিতভাৱে প্ৰকাশ পায়।
-
চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)
চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰু সম্পাদনাৰ সকলো কাম কলকাতাতে কৰা হৈছিল।
-
চুলতান (চলচ্চিত্ৰ)
চুলতান হ'ল ২০১৬ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় চলচ্চিত্ৰ। আলী আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত তথা আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত চলন্ত খান আৰু অনুষ্কা শৰ্মা হ'ল মুখ্য অভিনেতা-অভিনেত্ৰী। ইয়াত মুখ্য চৰিত্ৰত চলমান খান উপস্থিত আছে, লগতে অনুষ্কা শৰ্মা, অমিত সাধ আৰু ৰণদীপ হুডাও দেখা গৈছে।
-
জনা গাভৰুৰ গীত
জনা গাভৰুৰ গীত এটি প্ৰাচীন মালিতা। গীতটিৰ কাহিনীটো যিমান প্ৰাচীন লক্ষণাক্ৰান্ত,তাৰ ৰচনা-ৰীতি সিমান অৰ্বাচীন। গীতত ব্যবহাৰ হোৱা গোটাচেৰেক শব্দলৈ চাই মান আৰু চিংফৌ ৰণৰ পিছত ৰচিত বুলি ধাৰণা হয়। কলিধন নটে গোপীচন কোঁৱৰক কৈছে— মানৰো ৰণলৈ গ'লে সখিদেউ
-
জুয়ে পোৰা সোণ
জুয়ে পোৰা সোণ (Juye Poora Xoon) হৈছে ২০০৪ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ লিখাৰ লগতে পৰিচালনাৰ দায়িত্বও পালন কৰিছিল সঞ্জীৱ সভাপণ্ডিতে।
-
জেং বিহু
জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে।
-
ঝপতাল
ঝপতাল (হিন্দী: झपताल) হৈছে হিন্দুস্তানী সংগীতত ব্যৱহৃত এটা তাল। ই তিনতালৰপৰা যথেষ্ট ভিন্ন ছন্দময় গঠন উপস্থাপন কৰে কাৰণ ই সমমিত নহয়। ইয়াক মধ্যলয় (মধ্যম-গতি) খেয়ালত ব্যৱহাৰ কৰা হয়।
-
তিনি তালাক
ভাৰতত তিনি তালাক (Triple talaq), যাক তালাক-ই-বিদ্দাত, তাৎক্ষণিক বিবাহ বিচ্ছেদ বা তালাক-ই-মোগললাজা (অপৰিৱৰ্তিত বিবাহ বিচ্ছেদ) বুলিও কোৱা হয়, হৈছে এক প্ৰকাৰৰ বিবাহ বিচ্ছেদৰ প্ৰথা যি ভাৰতৰ মুছলমানসকলৰ মাজত প্ৰচলিত হৈ আহিছে।
-
তুলা আৰু তেজা (চলচ্চিত্ৰ)
তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাকচনৰ বেনাৰত জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে জোনমণি দেৱী খাউণ্ডে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তুলা আৰু তেজা" নামৰ সাধুৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়।
-
থানাকা
থানাকা(Thanaka) পিহি লোৱা গছৰ বাকলিৰ পৰা তৈয়াৰী পেষ্ট। ম্যানমাৰৰ সংস্কৃতিৰ ই এক সুকীয়া বৈশিষ্ট্য, সাধাৰণতে মহিলা আৰু ছোৱালীৰ মুখমণ্ডল আৰু কেতিয়াবা বাহুত প্ৰয়োগ কৰা দেখা যায় আৰু কম পৰিমাণে পুৰুষ বা ল’ৰাসকলেও ব্যৱহাৰ কৰা দেখা যায়।
-
থ্ৰী ইডিয়টচ্
থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস Five Point Someone-What not to do at IIT!ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল…