অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জেং বিহু

জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে।

হালনাগাদ: ৯ মে’ ২০২১ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, ম'হৰ শিঙৰ পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে। বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। জেং বিহু নামটো কোনে কেতিয়া দিছিল তাৰ ইতিহাস পাবলৈ নাই। হেমকোষ, চন্দ্ৰকান্ত অভিধান বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসমূহতো জেংবিহু শব্দটো পোৱা নাযায়।

মতভেদ

জেংবিহু নামকৰণত বহু মতভেদ আছে। যেনে-

বিহু মাৰতীহঁতে হেনো বিহু মৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লয় আৰু পিছত হেনো তাতেই সেউজীয়া ডালপাত লগাই দিয়ে"ব্যাখ্যাৰ প্ৰয়োজন নাই যে, জেং থিয়কৈ লোৱাৰ বাবে জেংবিহু নামটো আহিছে। (ড° মহেশ্বৰ নেওগ)
আহোমসকলে আদিতে বোলা জেং নাং পঈ কালক্ৰমত জেংবিহু হ'লগৈ। (প্ৰদীপ চলিহা)
জেং পুতি বিহু মৰা গাভৰু বিহুক জেংবিহু নামকৰণ কৰা হয় যদিও জেংবিহু আচলতে টাই গাভৰুসকলে মৰা গাভৰু বিহুহে হ'ব লাগে। (হেম বুঢ়াগোহাঁই)
প্ৰতিযোগিতাৰ যুগত মঞ্চত গছৰ ডাল এটা বা জেং এডাল পুতি তাতে গামোচা এখন আঁৰি দিয়া বাবেহে সৰ্বসাধাৰণৰ মাজত ভুলতে জেং বিহু শব্দটো অধিক জনপ্ৰিয় হ'ল। (জয়কান্ত গন্ধীয়া)

এই সূত্ৰসমূহৰ মতে ্জেং বিহুত জেং এডালৰ প্ৰয়োজন। জেং থকা বাঁহ অথবা গছৰ ডাল এটা পুতিও এই বিহু অনুষ্ঠিত কৰা হৈছিল। কোনো কোনোৱে সেই জেঙতে বিহু ডাঙৰীয়ালৈ বুলি এখনি ফুলাম অসমৰ গামোচা আগবঢ়ায়। কোনোৱে গুৱা-পাণ এজোৰ অথবা ফুলৰ মালা এধাৰি আঁৰি দিয়ে। আগৰ দিনত গাভৰু ছোৱালীয়ে গছৰ তলত পতা গাভৰু বিহুৰ ইয়াৰ সাদৃশ্য ভালেখিনি। প্ৰদীপ চলিহাৰ মতে,"জেং বিহুৰ অৰ্থ নিভাঁজ বিহু অৰ্থাৎ নিভাঁজ গাভৰু বিহু।" হাত চাপৰিৰ উপৰি টকা আৰু গগনা বজাই গাভৰুহঁতে জেংবিহু পাতিছিল। ডেকাৰ প্ৰৱেশ ৰুদ্ধ এই জেং ডালে প্ৰতীক ৰূপ গ্ৰহণ কৰা বুলি কোৱা হয়। আগেয়ে জেংবিহু তিনিদিন ধৰি চলিছিল। আজিকালি উজনিৰ ভিতৰুৱা গাঁৱত এদিন বা দুদিনহে চলে। বৰ্তমান মঞ্চত গছৰ ডাল এডাল পুতি গাভৰুৱে মৰা বিহুকেই জেংবিহু আখ্যা দিয়া দেখা যায়।১

জেং বিহু সম্পৰ্কীয় বিহুগীত

তামোল কাটি কাটি অকলে নাখাবা আমাকো এখন দিবা

জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা।

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি

গছৰ ডালত বিনালে ঐ কুলি,

জীয়ৰী-বোৱাৰী ওলাই ঐ আহিছোঁ

বিহুকে মাৰোগৈ বুলি(যোজনা)

বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ

ঘনাই মাৰিছিলো অ' মাকো,

আঁহতৰ তলতে টকাৰ মাত শুনিলোঁ অ'

ঘৰত মই কেনেকৈ থাকোঁ।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সংস্কৃতিৰ কণিকা. নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী

সম্পৰ্কিত শ্ৰেণী

অসমৰ নৃত্যসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেং বিহু” প্ৰবন্ধৰ সংশোধন ২৭৪৮১২ (৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।