অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গাঁঠিয়ন খুন্দা

গাঁঠিয়ন খুন্দা উজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক সামাজিক আচাৰ। বিবাহৰ সতে জড়িত বহু আচাৰ অনুষ্ঠানৰ দৰে গাঁঠিয়ন খুন্দা পৰ্বটোৰো বিশেষ বৈশিষ্ট আছে। গাঁঠিয়ন হৈছে সুগন্ধি কাণ্ডৰে সৈতে এবিধ উদ্ভিদ প্ৰজাতি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Kaempferia galanga L. উদ্ভিদবিধ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত।

হালনাগাদ: ১ জুন ২০২৩ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

গাঁঠিয়ন খুন্দা উজনি অসমৰ বিবাহ অনুষ্ঠানৰ এক সামাজিক আচাৰ। বিবাহৰ সতে জড়িত বহু আচাৰ অনুষ্ঠানৰ দৰে গাঁঠিয়ন খুন্দা পৰ্বটোৰো বিশেষ বৈশিষ্ট আছে।

গাঁঠিয়ন হৈছে সুগন্ধি কাণ্ডৰে সৈতে এবিধ উদ্ভিদ প্ৰজাতি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Kaempferia galanga L. উদ্ভিদবিধ Zingiberaceae পৰিয়ালৰ অন্তৰ্গত। অসমীয়া বিবাহ অনুষ্ঠানত নিয়ম-নীতিৰ মাজেৰে এইবিধ উদ্ভিদৰ মূঢ়া খুন্দা হয়। এই খুন্দা পৰ্বটোকে 'গাঁঠিয়ন খুন্দা' বুলি কোৱা হয়।

লোকাচাৰ

গাঁঠিয়ন খুন্দা পৰ্বটো বিয়াৰ অধিবাসৰ দিনা পালন কৰা হয়। অধিবাস পূজা সম্পাদন কৰাৰ অন্তত কইনাক মড়লৰ কাষত বহুওৱা হয়। তেওঁৰ সন্মুখত এখন শিলৰ পটা ৰখাৰ লগতে গাঁঠিয়ন মুঠা, গন্ধ-বিৰিণা আদি ৰখাৰ নিয়ম। কইনাক পটাখনৰ ওপৰত থকা পটাগুটিটো ধৰিবলৈ দিয়া হয়। সেই সময়ত তেওঁক বেৰি ধৰি থকা আন চাৰিগৰাকী অকুমাৰী ছোৱালীয়ে কইনাৰ লগতে পটাগুটিত ধৰি গাঁঠিয়ন খুন্দিব লাগে। অৱশ্যে কিছু কিছু অঞ্চলত চাৰিগৰাকী অকুমাৰী ছোৱালীৰ পৰিৱৰ্তে কইনাকে ধৰি সাতগৰাকী আয়তীয়ে গাঁঠিয়ন খুন্দাৰ নিয়ম ৷ এনেদৰে গাঁঠিয়ন খুন্দি থকাৰ সময়ত তাত উপস্থিত থকা আয়তীসকলে নাম গায় আৰু উৰুলি দিয়ে। এই সময়ত গোৱা নাম এনেধৰণৰ—

"শদিয়া ৰাজৰে খুন্দে গাঁঠিয়ন,

নামনি ৰাজৰে পটা ৰাম হৰি হৰি ৷

কন্যাৰ মাক অতি সুলক্ষণী,

আপুনি ধৰিলে পটা ৰাম হৰি হৰি ৷

বেৰৰ মকৰা এ স্বৰ্গৰ অপেচৰা,

কি কৈ বিয়া ৰাম হৰি হৰি ৷

দিনত বন্দী হ'ল এ তেজী সূৰুয,

ৰাতি বন্দী হ'ল তৰা ৰাম হৰি হৰি ৷

মকৰা জালতে এ কৃষ্ণ বন্দী হ'ল,

কিনো ৰুক্মিণীৰ মায়া ৰাম হৰি হৰি ৷

চন্দ্ৰও চিকণ এ সূৰুযো চিকণ,

চিকণ স্বৰ্গৰ তৰা ৰাম হৰি হৰি ৷

সদৌতকৈ চিকণ এ আমাৰে ময়নী,

সবাৰে মন মোহিত কৰা ৰাম হৰি হৰি ৷

বাঁৰীও নাহিবি এ খাঁৰীও নাহিবি,

আহিবি স্বামী শুৱা ৰাম হৰি হৰি ৷

সাত আয়তীয়ে এ গাঁঠিয়ন খুন্দিছে,

উৰুলি এজোকা দিয়া ৰাম হৰি হৰি।"

গাঁঠিয়ন খুন্দাৰ সময়ছোৱাত কইনা আৰু আয়তীসকলৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি থকাৰ নিয়ম। এনেদৰে কাপোৰ ধৰি থকাৰ সুবিধা লৈ আয়তীসকলৰ মাজত এক নিৰ্দোষ ধেমালি কৰাৰ সুযোগো ওলায়। কাপোৰখনৰ আঁৰ লৈ ইগৰাকী আয়তীয়ে সিগৰাকীৰ চাদৰ বা কাপোৰত কাঠৰ টুকুৰা, শিল, ইটা আদি বান্ধি উঠিব নোৱৰা অৱস্থা কৰে। এয়া তেওঁলোকৰ বাবে আনন্দৰ উৎস। খুন্দাৰ পিছত গাঁঠিয়নখিনি তেলত ডুবাই দূবৰিৰ আগেৰে কইনাৰ মূৰত অলপ অলপকৈ দিয়াৰ নিয়ম৷ গাঁঠিয়ন খুন্দা শেষ হোৱাৰ পিছত ঘৰৰ এজন সদস্যই কইনাক তিনিবাৰ হবিষান্ন খুৱাই দিয়ে। ইয়াৰ পিছত মোমায়েকে ভিতৰলৈ দাঙি নিয়াৰ নিয়ম৷ এনেদৰেই গাঁঠিয়ন খুন্দা পৰ্বটোৰ সামৰণি পৰে।

তথ্যসূত্ৰ

  • 'অসমৰ সংস্কৃতি কোষ' — ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), ড° পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ: মাৰ্চ, ২০০৯, পৃষ্ঠা, ১৭০, ১৭১

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিবিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাঁঠিয়ন খুন্দা” প্ৰবন্ধৰ সংশোধন ৩৬৭৮২১ (১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।