কেলেণ্ডাৰ (calendar) ২০১৮ৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। এনাজৰী টকীজৰ বেনাৰত হিমজ্যোতি তালুকদাৰে ছবিখনৰ পৰিচালনা কৰিছে। ছবিখন প্ৰযোজনা কৰিছে হিমজ্যোতি তালুকদাৰ আৰু দিক্ষিত দাসে। ছবিখনত চৰিত্ৰসমূহত মলয়া গোস্বামী, অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ আৰু ৰিমঝিম ডেকাই অভিনয় কৰিছে।১২
কাহিনীৰ সাৰাংশ
অৱসৰপ্ৰাপ্ত শিক্ষক হিতেশ কাকতিয়ে তেখেতৰ পত্নী মনোৰমা ককতিৰ সৈতে সৰু চহৰ এখনত সুখেৰে বসবাস কৰে। তেওঁলোকৰ একমাত্ৰ পুত্ৰ অৰুণাভ অনা-অসমীয়া পত্নীৰ সৈতে দিল্লীত থাকে। মৰমৰ পুতেক-বোৱাৰীয়েকৰ মাক-দেউতাকলৈও অগাধ ভক্তি। এবাৰ বিহুৰ সময়ত অৰুণাভ ঘৰলৈ আহি কামত হোৱা গুৰুতৰ সমস্যাৰ কথা মাকক কয়। এই কথা শুনি মাকে পুতেকক সাধ্য অনুসৰি সহায় কৰিবলৈ মন মেলে। মৰোৰমা কাকতিয়ে কেলেণ্ডাৰত তেখেতৰ মাহেকীয়া কাম-কাজবোৰ টুকি ৰাখে আৰু প্ৰতিটো ঘটনা নামৰে সৈতে গোল কৰি থয়। কিন্তু আচৰিতভাৱে তেখেতে কেইটামান দিনত একো উল্লেখ নকৰি মাত্ৰ গোল কৰি থয়। ইয়াৰ নেপথ্যৰ কাহিনীয়ে হিতেশ কাকতিৰ জীৱনলৈ ধুমুহা নমাই আনে।৩
অভিনয়ত
- মনোৰমা ককতিৰ চৰিত্ৰত মলয়া গোস্বামী
- হিতেশ কাকতিৰ চৰিত্ৰত অৰুণ নাথ
- অৰুণাভৰ চৰিত্ৰত গুঞ্জন ভৰদ্বাজ
- ৰিমঝিম ডেকা
প্ৰযোজনা আৰু বিকাশ
ছবিখনৰ চিত্ৰগ্ৰহণ দেৰগাঁও, গোলাঘাট আৰু জলখাবন্ধাত কৰা হৈছে। ২০১৭ৰ ২৭ ফেব্ৰুৱাৰীত ছবিখনৰ টীজাৰ মুক্তি দিয়া হৈছে।৪৫ ছবিগৃহত কেলেণ্ডাৰে মুক্তি পায় ২০১৮ৰ ১৬ ফেব্ৰুৱাৰীত।৬
তথ্যসূত্ৰ
- ↑ হিমজ্যোতি তালুকদাৰৰ নতুন অসমীয়া ছবি কেলেণ্ডাৰ. সাদিন
- ↑ কলিতা, কল্যান কুমাৰ। "New Assamese Film Calendar", অসমীয়া খবৰ, গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী ২০১৭।
- ↑ কেলেণ্ডাৰ, হিমজ্যোতি তালুকদাৰৰ পৰিয়ালকেন্দ্ৰিক ছবি. আছাম ত্ৰিবিউন
- ↑ Teaser of upcoming Assamese film "Calendar" released, Promises to touch hearts. unitreed.com
- ↑ Movie Watch "Calendar", The Northeast Today, Guwahati, March 2017
- ↑ https://in.bookmyshow.com/guwahati/movies/calendar-assamese/ET00071012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলেণ্ডাৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৪৯২৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।