অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আজ তক

আজ তক (Aaj Tak; ) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ বাতৰি চেনেল।

হালনাগাদ: ২ আগষ্ট ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আজ তক (Aaj Tak; ) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ বাতৰি চেনেল।১

ইতিহাস

১৯৯৫ চনত প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ডিডি মেট্ৰ’ (ডিডি)ত আজ তক সম্প্ৰচাৰিত হৈছিল। তাৰপাছত ই ১০-২০ মিনিটৰ বাতৰি অনুষ্ঠান হিচাপে সম্প্ৰচাৰিত হৈছিল। ২০০০ চনৰ ডিচেম্বৰ মাহত আজ তকে এটা সুকীয়া নিউজ চেনেলৰ ৰূপ লয় আৰু তাৰপাছত ই দেশৰ প্ৰথমটো চৌবিশ ঘ‌ণ্টাই সম্প্ৰচাৰিত হোৱা সম্পূৰ্ণ হিন্দী নিউজ চেনেল হিচাপে পৰিগণিত হয়। সেইসময়ৰ এজন এংকৰ আছিল সুৰেন্দ্ৰ প্ৰতাপ সিং৷২৩ আজ তকৰ টেগলাইন আছিল "ইয়েহ থী খবৰ আজ তক, ইন্তেজাৰ কীজিয়ে কল তক"।২ ভাৰতত অ’ বি ভেন ব্যৱহাৰ কৰা প্ৰথমটো নিউজ চেনেল আছিল আজ তক৷৪

এটা পূৰ্ণাংগ চেনেলৰ ৰূপ লোৱালৈকে ই ৫২ লাখ পৰিয়ালৰ দৃষ্টিগোচৰ লাভ কৰিছিল আৰু তেতিয়াৰে পৰা ই তিনি কোটি ঘৰলৈকে সম্প্ৰচাৰিত হোৱা চেনেল হৈ পৰিছে আৰু নিউজ চেনেলৰ ক্ষেত্ৰত ইয়াৰ দৰ্শকৰ সংখ্যা ৫৬%।৩ ২০১৮ চনৰ ১৪ ডিচেম্বৰত আজ তকে ভাৰতৰ প্ৰথমটো হিন্দী হাই ডেফিনিশ্যন চেনেল আজ তক এইচ.ডি. মুকলি কৰে।৫ ২০২১ চনৰ জানুৱাৰী মাহত চেনেলটো ৰিব্ৰেণ্ড কৰা হয়।৬

কৰ্মচাৰী

কাৰ্যবাহী কৰ্মচাৰী

  • অৰুণ পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ অধ্যক্ষ
  • কল্লী পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ উপাধ্যক্ষ
  • অঞ্জনা ওম্ কাশ্যপ – কাৰ্যবাহী সম্পাদিকা
  • স্বেতা সিং – কাৰ্যবাহী সম্পাদিকা
  • সুধীৰ চৌধুৰী – পৰামৰ্শদাতা সম্পাদক
  • ছায়দ আনছাৰী – পৰামৰ্শদাতা সম্পাদক ৭
  • বিক্ৰান্ত গুপ্তা – মুখ্য ক্ৰীড়া সম্পাদক

পূৰ্বৰ কৰ্মচাৰী

পূৰ্বৰ এংকৰসকলৰ ভিতৰত আছিল ৰোহিত চৰ্দানা ৮ আৰু সুৰেন্দ্ৰ প্ৰতাপ সিং।২ উদয় শংকৰে আজ তকৰ আৰম্ভ‌ণিৰ বছৰকেইটাত সংবাদ-পৰিচালক হিচাপে কাম কৰিছিল।৪

  • প্ৰভু চাওলা
  • অভিনন্দন ছেখৰী
  • পুণ্য প্ৰসুন বাজপেয়ী
  • বৰীয়া মজুমদাৰ
  • আশুতোষ ৰাণা

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Rodrigues; Maya, Ranganathan. (2014). Indian News Media: From Observer to Participant. SAGE Publications. পৃ. 23–24, 165. ISBN 9789351501589
  2. ↑ Singh. (2021-08-05). Indian Silver Screen. K.K. Publications. পৃ. 147–150
  3. ↑ Television.. India Today Group
  4. ↑ Munshi. (2012-12-15). Remote Control: Indian Television in the New Millennium. Penguin UK. ISBN 978-81-8475-755-2
  5. ↑ (14 December 2018). Aaj Tak launches first of its kind HD news channel - Aaj Tak HD. AdGully
  6. ↑ Baddhan, Lakh. (2021-01-21). Aaj Tak refreshes brand with new look for 20th anniversary. BizAsia
  7. ↑ (11 July 2022). https://www.newslaundry.com/2022/07/11/the-natural-home-for-a-household-name-sudhir-chaudhary-to-join-aaj-tak-as-consulting-editor
  8. ↑ Bhati, Divya. (2 May 2021). RIP Aaj Tak TV Journalist Rohit Sardana died due to Heart Attack after suffering from Covid-19. jagrantv

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজ তক” প্ৰবন্ধৰ সংশোধন ৫২৯৭৯১ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।