অভিমান (Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমৰ চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।১
কাহিনীৰ সাৰাংশ
অৰণ্যৰ প্ৰতি আসক্ত ঋতু এজন ফ্ৰিলাঞ্চ সাংবাদিক। পাপৰিয়ে ভাল পায় ঋতুক আৰু তাৰ মাজতে তাই বিচাৰি পায় জীৱনৰ সেউজ সপোনৰ। ইফালে মাহীমাকে তাইক বিয়া দিব খোজে আদৰ্শহীন, উদ্ধত যুৱক ইন্দ্ৰৰ সৈতে। পাপৰিৰ ঘৰলৈ ইন্দ্ৰৰ সঘন আহ-যাহ দেখি ঋতু অশান্ত হৈ পৰে। বিশ্বাস আৰু সংশয়ৰ দোমোজাত পৰি সি ককবকাই থাকে। কিন্তু পাহৰিয়ে তাক আশ্বাস দিয়ে।১
চোৰাং কাঠৰ ব্যৱসায় সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে ঋতুয়ে প্ৰেছত জইন কৰিবলৈ আমন্ত্ৰণ পায়। আনন্দৰ এই খবৰটো জনাবলৈ গৈ ঋতুয়ে পাপৰিক ইন্দ্ৰৰ বাইকৰ পিছত দেখা পালে। অভিমানত সি পাপৰিৰ ওচৰৰ পৰা আঁতৰি গ’ল। দিন গৈ থাকিল। ইফালে পাপৰিৰ গৰ্ভত সিহঁতৰ মিলনৰ চিন স্বৰূপে সংস্থাপিত ভ্ৰূণটো একলা-দুকলাকৈ ডাঙৰ হৈ আহিল। মাহীমাকৰ ককৰ্থনা বাঢ়ি অহাত সেইখন ঘৰত থকা তাইৰ বাবে অসম্ভৱ হৈ পৰিল। এক অনিশ্চিত ভৱিষ্যতৰ সন্ধানত তাই ঘৰৰ পৰা ওলাই আহিল। লগ পালে অৰ্ণৱক।১
অৰ্ণৱে পাপৰিক আশ্ৰয় দিলে। পত্নীৰ মৰ্যদা দিলে। আনকি ঋতু আৰু পাপৰিৰ মিলনৰ চিনস্বৰূপে জন্ম হোৱা ঋতুমণিকো নিজৰ সন্তানৰ দৰে আঁকোৱালি ল’লে। কিন্তু এদিন হঠাৎ পাপৰিৰ ওচৰত আহি উপস্থিত হ’ল ঋতু। ঋতুমণিৰ সৈতে হোৱা ঋতুৰ ঘনিষ্ঠতাই তাইক উদ্বিগ্ন কৰি তুলিলে। পাপৰিৰ সান্নিধ্য বিচাৰি ব্যাকুল হোৱা ঋতুয়ে তাইক প্ৰস্তাৱ দিলে একেলগে থকাৰ। কিন্তু অৰ্ণৱৰ সৈতে কটোৱা ইমান বছৰৰ সান্নিধ্যখিনি ত্যাগ কৰিবলৈ তাই যে কোনোপধ্যেই মান্তি নহয়।১
অভিনয় শিল্পী
- তপন দাস (ঋতু)
- পূৰবী শৰ্মা (পাপৰি)
- বিজু ফুকন (অৰ্ণৱ)
- জয়া শইকীয়া দুৱৰা
- জেৰিফা ৱাহিদ
- ৰঞ্জিত বে়জবৰুৱা
- চেতনা দাস
- জোৱান দত্ত
- কৃষ্ণাক্ষী
- মানস (শিশুশিল্পী- ঋতুমণি)১
সঙ্গীত
সঙ্গীত প্ৰশান্ত বৰদলৈৰ। গীত লিখিছে হেমন্ত দত্তই। এটা গীতৰ ৰচনা প্ৰশান্ত বৰদলৈৰ। কণ্ঠদান কৰিছে আৰিফুল হক আৰু মুনমী বৰাই।১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 361
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিমান” প্ৰবন্ধৰ সংশোধন ৬৩০৪৫৮ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।