অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

থ্ৰী ইডিয়টচ্

থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস Five Point Someone-What not to do at IIT!ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,৪১৩ শব্দ · ৮ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস Five Point Someone-What not to do at IIT!ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল হৈছে আমিৰ খান, কৰিণা কাপুৰ, আৰ. মাধৱন, শৰমন জোশী, বোমন ইৰাণী, অ’মি বৈদ্য আদি।

সফলতা

মুক্তিৰ পাছতে বোলছবিখনে বক্স-অফিচৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। এতিয়ালৈকে এইখনেই, মুক্তিৰ প্ৰথম সপ্তাহত সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় বোলছবি, লগতে মুক্তিৰ প্ৰথম দিনাৰ সৰ্বাধিক উপাৰ্জনকাৰী বলিউড বোলছবিৰ অভিলেখো এইখন ছবিৰ নামতে আছে। মুক্তিৰ ১০ দিনৰ ভিতৰতে ছবিখনৰ উপাৰ্জনে ₹১ বিলিয়ন অতিক্ৰম কৰে, ২০০৯ বৰ্ষত এনে অভিলেখ গঢ়া এইখন প্ৰথম বোলছবি। বছৰৰ শেষ তিনিটা মাহত মুক্তি পোৱা ছবিৰ উপাৰ্জনৰ ক্ষেত্ৰটো এইখনে পূৰ্বৰ অভিলেখকাৰী গজিনীৰ অভিলেখ ভংগ কৰে।

আমিৰ খানৰেই অভিনীত আন এখন ছবি গজিনীৰ অভিলেখ ভংগ কৰি থ্ৰী ইডিয়টচ্ ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী বোলছবিত পৰিণত হয়,১ তদুপৰি পোন প্ৰথম বাৰৰ বাবে কোনো ভাৰতীয় বোলছবিৰ চীনত বৃহৎ মুক্তিৰে ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত ই আন এক অভিলেখ স্থাপন কৰে।২৩ বোলছবিখনে কেইবাটাও বঁটাও অৰ্জন কৰিবলৈ সক্ষম হয়, ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ সৈতে মুঠ ছবিখনে ৬টা ফিল্ম ফেয়াৰ বঁটা,দহটা ষ্টাৰ স্ক্ৰীন বঁটা আৰু ষোল্লটা আইফা বঁটা অৰ্জন কৰে।

অন্যান্য দিশ

ছবিখনত ভাৰতৰ পিছপৰা ঠাইৰ অখ্যাত ব্যক্তিৰ দ্বাৰা নিৰ্মিত কিছুমান মৌলিক উদ্ভাৱনো প্ৰদৰ্শন কৰা হয়, কেৰালাৰ ছাত্ৰ ৰেম্যা জ’ছৰ নিৰ্মিত ব্যায়ামাগাৰ-বাইছাইকেল, ৱাচিং মেচিন, উত্তৰ প্ৰদেশৰ এজন নাপিত মোহম্মদ ইদ্দ্ৰিছৰ বাইছাইকেলৰ শক্তিৰে চলা সূতা কটা যন্ত্ৰ আৰু মহাৰাষ্ট্ৰৰ চিত্ৰকৰ জাহাঙ্গীৰৰ স্কুটাৰৰ শক্তিৰে চালিত ঘেঁহু মিল ছবিখনত প্ৰদৰ্শিত হয়।৪ ছবিখন নানবান নামেৰে তামিল ভাষাত পুনৰ নিৰ্মাণ কৰা হয়, নিৰ্মাতা আছিল এছ. শংকৰ, ছবিখন ২০১২ চনৰ জানুৱাৰীত মুক্তি পায়।৫৬

মূল কাহিনী

ফাৰহান কুৰেচি (আৰ. মাধৱন), ৰাজু ৰাষ্ট'গী (শৰমন জোশী) আৰু ৰাঞ্চুৰদাস চামলদাস চাঞ্চড় (আমিৰ খান) ইম্পিৰিয়েল কলেজ অৱ ইঞ্জিনীয়াৰিঙ (ICE)ৰ তিনিজন ছাত্ৰ। ফাৰহানে নিজৰ পচন্দৰ বিষয় বন্যজীৱন-ফটোগ্ৰাফী বাদ দি দেউতাকৰ ইচ্ছা পূৰণ কৰিবৰ বাবে ICEত নামভৰ্তি কৰে, তেনেদৰে ৰাজুৱে পৰিয়ালৰ চিৰদিনৰ দৈন্য দূৰ কৰিবৰ বাবে ICEত পঢ়া-শুনা কৰিবলৈ আহে। আনহাতে ৰাঞ্চুৱে যন্ত্ৰৰ পাতিৰ প্ৰতি থকা অতীব আকৰ্ষণৰ বাবে তাত ভৰ্তি হয়, ৰাঞ্চুৰ মতে মুখস্ত কৰি পৰীক্ষাত ভাল ফল দেখুওৱাতকৈ কোনো বিষয়ক ভালকৈ বুজি তাৰ প্ৰয়োগ কৰিব পৰাটোহে মূল কথা, তেওঁৰ মতে মানুহে জ্ঞান আৰু কৰ্ম নিপুণতাকহে গুৰুত্ব দিব লাগে, সফলতাক নহয়, নিপুণ এজন এদিন সফল হ’ব‍ই।

অৱশ্যে ৰাঞ্চুৰ মতৰ সম্পূৰ্ণ বিপৰীত মতাদৰ্শৰ লোক আছিল কলেজৰ বহুতো শিক্ষক আৰু কলেজৰ ডিন বীৰু "ভাইৰাচ" শসস্ত্ৰবুদ্ধি (বোমন ইৰাণী)। তেনেদৰে ভাইৰাছৰ প্ৰিয় ছাত্ৰ চতুৰ ৰামলিংগম (অ’মি বৈদ্য) আছিল কোনো কথা বুজি নোপোৱাকৈ মুখস্ত কৰি পৰীক্ষা ভাল ফলাফল আৰু সমাজত ঊচ্চ আসন পোৱাত বিশ্বাসী ছাত্ৰ। এদিন ৰাঞ্চুৱে, ৰাজু আৰু ফাৰহানৰ সৈতে লুকাই চুৰকৈ ভাইৰাছৰ ডাঙৰ জীৰ বিয়াত বিনামূলীয়াকৈ পোৱা আহাৰ খাবলৈ যাওঁতে কইনাৰ ভনীয়েক(ভাইৰাছাৰ সৰু জী) পিয়া (কৰিণা কাপুৰ)ক লগ পায়, পাছত এই লগ পোৱাই দুয়োৰে মাজৰ প্ৰেমলৈ ৰূপান্তৰিত হয়। অৱশ্যে বিয়াত তেওঁলোক ভাইৰাছৰ হাতত ধৰা পৰে আৰু ভাইৰাছে তেওঁলোকক ইডিয়ট (বুৰ্বক) আখ্যা দিয়ে, পাছত ৰাঞ্চুৰ সৈতে আন দুজনৰ বন্ধুত্ব ভাঙিবলৈ উঠি পৰি লাগে।

কথাবোৰ অধিক বেয়াৰ দিশলৈ গতি কৰে যেতিয়া ৰাঞ্চুৱে আন দুই বন্ধুৰ সৈতে ৰাতি পিয়াক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাইৰাছৰ ঘৰত ৰাতি মনে মনে প্ৰবেশ কৰে আৰু ওলটি আহোঁতে দুয়ো বন্ধুৱে মদৰ ৰাগিত ভাইৰাছৰ জপনাতে প্ৰস্ৰাৱ (মূত্ৰ বিসৰ্জন) কৰোঁতে ধৰা পৰে। পিছৰ দিনা ভাইৰাছে ৰাজুক ৰাঞ্চুৰ লগ এৰিবলৈ শেষ বাৰৰ বাবে সকীয়নি দিয়ে অন্যথা কলেজৰ বৰ্খাস্ত কৰিব বুলি ঘোষণা কৰে। দুখ আৰু অপমানত ৰাজুৱে ছাত্ৰ নিবাসৰ চাৰি মহলাৰ পৰা জঁপিয়াই আত্ম হত্যাৰ চেষ্টা কৰে, পিছে এই চেষ্টা ব্যৰ্থ হয় আৰু ৰাজুৰ একাঙী হয়, কিছুদিন মৃত্যুৰ সতে যুঁজি ৰাজু সুস্থ হয় যদিও ই ৰাজুৰ জীৱনটো চিৰদিনলৈ সলাই পেলায়, সফলতাৰ বাবে সদায় ভগৱানত বিশ্বাসী (অন্ধ-বিশ্বাসী) ৰাজুৱে ৰাঞ্চুৰ বুজনিত এনে অমূলক বিশ্বাসবোৰ এৰি পেলায়, আৰু নিজৰ কৰ্ম আৰু নিজৰ শক্তিৰে জীৱনত আগবাঢ়ি যোৱাৰ পণ লয়। তেনেদৰে ফাৰহানেও ৰাঞ্চুৰ সাহসত অভিযান্ত্ৰিকীত নিজৰ অমনোযোগিতা আৰু বন্যজীৱন-আলোকচিত্ৰ গ্ৰহণত নিজৰ হেঁপাহৰ কথা দেউতাকৰ আগত কৈ দিয়ে, পাছত ৰাজুৱে নিজৰ বলত বিচৰা চাকৰি আৰু ফাৰহানে দেউতাকৰ অনুমতি লাভ কৰি চাকৰিৰ বাবে আফ্ৰিকালৈ যায়। দুয়ো নিজৰ কৰ্মক্ষেত্ৰেত পাছৰ জীৱনত যথেষ্ট সফল হয়।

যেতিয়া ভাইৰাছে আৱিষ্কাৰ কৰে যে ৰাজুৱে আৱাসিক ইণ্টাৰভিউত এটা চাকৰিৰ প্ৰস্তাৱ পাইছে, তেওঁ এই বাতৰিত ক্ষুণ্ণ হৈ পৰে আৰু ৰাজুক কলেজৰ শেষৰটো পৰীক্ষাত অকৃতকাৰ্য কৰোৱাৰ বাবে উঠি পৰি লাগে, যাতে ৰাজুৱে সেইটো চাকৰি লাভ কৰাত সফল নহয়। পিয়াই দেউতাকৰ এই অভিসন্ধিৰ কথা গম পায় আৰু ৰাজুৱে গম নোপোৱাকৈ ৰাঞ্চু আৰু ফাৰহানক দেউতাকৰ কাৰ্যালয়ৰ চাবি চুৰি কৰি যোগান ধৰে, ৰাঞ্চু আৰু ফাৰহানেও সেই নিশা মনে মনে ভাইৰাছৰ অফিছত প্ৰৱেশ কৰি ৰাজুৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত চুৰি কৰি আনে, ভাইৰাছে তেওঁলোকক পুনৰবাৰ ধৰা পেলাই আৰু তিনিওকে কলেজৰ পৰা বৰ্খাস্ত কৰে। পিয়াই ইয়াৰ বাবে দেউতাকৰ বিৰোধিতা কৰে আৰু নিজৰ ককায়েকৰ মৃত্যুৰ বাবে দেউতাককে দোষী বুলি কয়, পিয়াৰ ককায়েকে নিজৰ মতৰ বিৰুদ্ধে দেউতাকে অভিযান্ত্ৰিকী পঢ়িবলৈ বাধ্য কৰাৰ বাবে আৰু ICE -ত আসন লাভ নকৰাৰ বাবে আত্মহত্যা কৰিছিল। সেই ৰাতিয়েই পিয়া সন্তান সম্ভৱা বায়েক(ম’না সিং)ৰ প্ৰসৱ আৰম্ভ বেদনা হয় আৰু সেই ৰাতি হোৱা প্ৰবল ধুমুহা বৰষুণত হোৱা বানৰ বাবে কোনো চিকিৎসালয়লৈ যাব নোৱাৰাকৈ ভাইৰাছৰ সৈতে পথৰ মাজতে নিজৰ গাড়ীত আৱদ্ধ হৈ পৰে, তেনেসময়তে তিনি বুৰ্বক সেই স্থানত উপস্থিত হয়, ৰাঞ্চুৱে নিজে আৱিষ্কাৰ কৰা ইনভাৰ্টাৰেৰে পোৱা শক্তিৰে কম্পিউটাৰ চলাই চিকিৎসালয়ত থকা পিয়াৰ লগত যোগাযোগ স্থাপন কৰে আৰু পিয়াৰ উপদেশ মতে আচৰিতভাৱে বায়েকৰ সন্তানটি প্ৰসৱ কৰোৱায়। প্ৰতিটো বিপদৰ সময়ত ৰাঞ্চুৱে বাৰে বাৰে আওঁৰাইছিল Aal izz Well অৰ্থাৎ All is Well (সকলো ঠিকে আছে) বুলি, গোটেই ছবিখনৰ প্ৰতিটো বিপদৰ মুহূৰ্তত এই বাক্যশাৰীয়ে আছিল তিনি বন্ধুৰ সহায় আৰু সাহস।৭ ভাইৰাছে এই ঘটনাৰ পিছত নিজৰ ভুল স্বীকাৰ কৰে আৰু তিনিওকে বৰ্খাস্ত কৰাৰ আদেশ ৰদ কৰে।

এদিন চতুৰক কৰা অপমানৰ বাবে ৰাঞ্চুৰ আগত চতুৰে শপত খায় যে দহ বছৰৰ ভিতৰত চতুৰে ৰাঞ্চুতকৈ সফল হৈ দেখুৱাব। মহাবিদ্যালয়ৰ সমাৱৰ্তনৰ পাছত সকলোৱে নিজৰ নিজৰ কৰ্মস্থানলৈ যায় আৰু ৰাঞ্চুৱে নিজকে আন সকলোৰে লগত নিজৰ যোগাযোগ বিচিন্ন কৰে। দহ বছৰৰ পাছত চতুৰে শপত খোৱাৰ দৰে এজন সফল ব্যক্তি ৰূপে নিজকে গঢ়ি তোলে, আৰু আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰে। বিখ্যাত চীনা বিজ্ঞানী ফুংচুক ৱাংগৰোৰ লগত নিজৰ চুক্তি চহী কৰিবলৈ ভাৰতলৈ অহাৰ সময়তে ৰাঞ্চুক বিচাৰি পূৰ্বৰ প্ৰতিজ্ঞাৰ কথা আৰু নিজৰ বিজয়ৰ কথা সোঁৱৰাই দিয়াৰ কথা ভাবে, আৰু ভাৰতত আহি ৰাঞ্চুৱে লাডাখৰ কোনো এখন বিদ্যালয়ৰ শিক্ষক হৈয়ে জীৱন কটাইছে বুলি গম পাই উৎফুল্ল হৈ পৰে। ফাৰহান আৰু ৰাজুকো ৰাঞ্চুক বিচাৰি পোৱা বুলি চতুৰে মতাই আনে আৰু তিনিও ৰাঞ্চুক লগ কৰিবৰ বাবে লাডাখ অভিমুখে যাত্ৰা কৰে, সেই সময়তে তেওঁলোকে আৱিষ্কাৰ যে পিয়াৰ বিয়া থিক হৈছে, এই খবৰ পাই আধা বাতৰ পৰাই তেওঁলোকে পিয়াৰ বিয়াত গৈ উপস্থিত হয় আৰু পিয়াক বিবাহ বাহৰৰ পৰা পলুৱাই আনি পুনৰ লাডাখলৈ ৰাওনা হয়।

ৰাজু, ফাৰহান, পিয়া ৰাঞ্চুৰ স্কুলত উপস্থিত হয়গৈ, চতুৰে ৰাঞ্চুৰক স্কুলৰ শিক্ষক হৈ থকাৰ বাবে উপহাস কৰে আৰু নিজৰ বিজয় পত্ৰত চহী কৰিবলৈ কয়, চহী কৰাৰ সময়তে সকলোৱে গম পায় যে ৰাঞ্চুৱেই প্ৰকৃততে চতুৰে লগ কৰিবলৈ অহা বিখ্যাত চীনা বিজ্ঞানী ফুংচুক ৱাংগৰো, এই কথা গম পাই চতুৰে নিজৰ ভুলৰ বাবে ৰাঞ্চুৰ ওচৰত ক্ষমা খোজে আৰু নিজে হৰা বুলি স্বীকাৰ কৰি লয়।

অভিনেতা-অভিনেত্ৰী

  • আমিৰ খান - ৰনচ'ৰ দাস শ্যামল দাস চাঞ্চৰ/ ফুনচুখ ৱাংগৰু
  • কৰীণা কাপুৰ - প্ৰিয়া সহস্ৰবুদ্ধী
  • আৰ. মাধৱন - ফাৰহান কুৰেশি
  • শৰমন জোশী - ৰাজু ৰস্তোগি
  • বোমন ইৰাণী - বীৰু সহস্ৰবুদ্ধী
  • অ'মি বৈদ্য - চতুৰ ৰামালিঙ্গম
  • ম'না সিং - ম'না সহস্ৰবুদ্ধী
  • পৰিক্ষিত সাহানী -

বঁটা

৫৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৮

  • শ্ৰেষ্ঠ মনোৰঞ্জনকাৰী জনপ্ৰিয় ছবি - থ্ৰী ইডিয়টচ
  • শ্ৰেষ্ঠ অ’ডিঅ’গ্ৰাফী - অনুপ দেৱ
  • শ্ৰেষ্ঠ গীতিকাৰ- স্বানন্দ কিৰ্কিৰে - বেহতী হৱা চা থা ৱো

আইফা বঁটা - ২০১০৯

  • শ্ৰেষ্ঠ ছবি - থ্ৰী ইডিয়টচ
  • শ্ৰেষ্ঠ পৰিচালক - ৰাজ্কুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ কাহিনী - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা
  • শ্ৰেষ্ঠ সহ: অভিনেতা - সৰমন জোসী
  • শ্ৰেষ্ঠ অভিনেত্ৰী - কৰিণা কাপুৰ
  • শ্ৰেষ্ঠ খলনায়ক - বোমন ইৰাণী
  • শ্ৰেষ্ঠ সংগীতকাৰ - স্বানন্দ কিৰ্কিৰে - বেহতী হৱা চা থা ৱো
  • শ্ৰেষ্ঠ গায়ক - চান - বেহতী হৱা চা থা ৱো
  • শ্ৰেষ্ঠ চিত্ৰায়ন - চি. কে. মুৰলীধৰণ, আ.এচ.চি
  • শ্ৰেষ্ঠ চিত্ৰানাট্য - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা
  • শ্ৰেষ্ঠ সংলাপ - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ সম্পাদনা - ৰাজকুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ শব্দ বাণীবন্ধন - বিশ্বদীপ চেতাৰ্জী, নিহাল ৰঞ্জন চামল
  • শ্ৰেষ্ঠ গীত বাণীবন্ধন - বিশ্বদীপ চেতাৰ্জী, শচীন কে. চাংভী
  • শ্ৰেষ্ঠ শব্দ পুন: বাণীবন্ধন - অনুপ দেৱ
  • শ্ৰেষ্ঠ আৱহ সংগীত - সঞ্জয় ৱানদেৰকাৰ, অতুল ৰাংগানীয়া, শান্তনু মৈত্ৰ

ফিল্মফেয়াৰ বঁটা ২০১০

  • শ্ৰেষ্ঠ ছবি - থ্ৰী ইডিয়টচ - বিধু বিনোন চোপ্ৰা
  • শ্ৰেষ্ঠ পৰিচালক - ৰাজ্কুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ সহ: অভিনেতা - বোমন ইৰাণী
  • শ্ৰেষ্ঠ সংলাপ - ৰাজ্কুমাৰ হিৰাণি, বিধু বিনোন চোপ্ৰা
  • শ্ৰেষ্ঠ কাহিনী - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা
  • শ্ৰেষ্ঠ চিত্ৰানাট্য - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা

মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড ২০১০

  • পঢ়ুৱৈৰ নিৰ্বাচিত বছৰটোৰ তাৰকা (মহিলা)- কৰীণা কাপুৰ
  • পঢ়ুৱৈৰ নিৰ্বাচিত বছৰটোৰ শ্ৰেষ্ঠ ছবি - ৰাজ্কুমাৰ হিৰাণি

ষ্টাৰ স্ক্ৰীন এৱাৰ্ড ২০১০

  • শ্ৰেষ্ঠ ছবি - থ্ৰী ইডিয়টচ - বিধু বিনোন চোপ্ৰা
  • শ্ৰেষ্ঠ পৰিচালক - ৰাজ্কুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী - কৰিণা কাপুৰ
  • শ্ৰেষ্ঠ খলনায়ক - বোমন ইৰাণী
  • শ্ৰেষ্ঠ কৌতুক অভিনেতা - অ’মি বৈদ্য
  • শ্ৰেষ্ঠ চিত্ৰানাট্য - অভিজিত জোসী, ৰাজকুমাৰ হিৰাণি, বিধু বিনোদ চোপ্ৰা
  • শ্ৰেষ্ঠ সংলাপ - ৰাজকুমাৰ হিৰাণি, বিধু বিনোন চোপ্ৰা
  • শ্ৰেষ্ঠ সম্পাদনা - ৰাজকুমাৰ হিৰাণি
  • শ্ৰেষ্ঠ ক’ৰিঅ’গ্ৰাফী - ব’স্কো চিজাৰ
  • শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত (পুৰুষ) - অ’মি বৈদ্য১০১১

চলচ্চিত্ৰখনৰ গীতসমূহ

ছবিখনৰ গীতৰ কথা স্বানন্দ কিৰ্কিৰেৰ সংগীত পৰিচালনা শান্তনু মৈত্ৰৰ।

গীতৰ তালিকা

ক্ৰমিক#গীতগায়কসময়
১অল ইজ ৱেলচনু নিগম, চান, স্বানন্দ কিৰ্কিৰে৪:৩৬
2জুবি ডুবিচনু নিগম, শ্ৰেয়া ঘোষাল৮:০৮
৩বেহতী হাৱা চা থা ৱোচান, শান্তনু মৈত্ৰ৫:০১
৪গিভ মি চাম চানচাইনসুৰজ জাগন, শৰমন জোসী৪:০৭
৫জানে নেহী দেংগে তুঝেচনু নিগম৩:৩২
৬অল ইজ ৱেল (ৰিমিক্স)চনু নিগম, চান, স্বানন্দ কিৰ্কিৰে৪:৪১
৭জুবি ডুবি (ৰিমিক্স)চনু নিগম, জাইভি, শ্ৰেয়া ঘোষাল৩:২৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2010-01-06). Aamir Khan's '3 Idiots' becomes Bollywood's biggest grosser. Independent.co.uk
  2. ↑ Three Idiots Creates History In China. 30 December 2011. BoxOfficeIndia.Com
  3. ↑ / Top Overseas Grossers ALL TIME: Three Idiots Number One
  4. ↑ Sabnis, Vivek. (28 December 2009). The real brains behind 3 idiots. MiD DAY
  5. ↑ Will 'Nanban' repeat the magic of '3 Idiots'? - IBNLive.com. CNBC
  6. ↑ (2012-01-14). Gautaman Bhaskaran’s review: Nanban. হিন্দুস্তান টাইমছ
  7. ↑ abandwidthreview.blogspot.in/2015/01/3-idiots.ht
  8. ↑ 57th National Film Awards For 2009
  9. ↑ (2010-05-10). IIFA Awards 2010 announces Technical Award winners. Glamsham.com
  10. ↑ (2009-12-31). Nominations for Nokia 16th Annual Star Screen Awards 2009. Bollywoodhungama.com
  11. ↑ (2010-01-09). Winnters for Nokia 16th Annual Star Screen Awards 2009. Bollywoodhungama.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থ্ৰী ইডিয়টচ্” প্ৰবন্ধৰ সংশোধন ৬৩৭২৩৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।