চাকনৈয়া হ'ল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলিকতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰু সম্পাদনাৰ সকলো কাম কলকাতাতে কৰা হৈছিল। এই ছবিৰ কাহিনীৰে ১৯৮৯ত বিজু ফুকনে ভাই ভাই নামৰ ছবিখন পুনৰ্নিমাণ কৰে।১২
কাহিনী
জীৱন আৰু গোৱিন নামৰ দুজন ককাই-ভাইৰ আৱেগৰ কাহিনীৰে চলচ্চিত্ৰখন নিৰ্মিত। পিতৃৰ অকাল বিয়োগৰ পিছত দুয়ো মোমায়েকৰ ঘৰলৈ গুছি আহে। কিন্তু সাধাৰণ গাড়ী মেকানিকৰ কাম কৰা মোমায়েকৰ টান পৰি অহাত জীৱনে ড্ৰাইভৰী শিকি টেক্সি চলাবলৈ লয় আৰু সৰু ভায়েকৰ পঢ়া-শুনাৰ দায়িত্ব লয়। এদিন ভায়েকে ল পাচ কৰি ওকালতি কৰিবলৈ লয়। সময়ত জীৱনে লখিমীক আৰু গোৱিনে চহৰৰ আধ্যৱন্ত ঘৰৰ জীয়ৰী ৰুপাক জীৱন-সঙ্গিনী ৰূপে চপাই লয়। কিন্তু ৰূপাই এজন টেক্সী চালকৰ সৈতে একেখন ঘৰতে থাকিবলৈ অমান্তি হয় আৰু ইয়াতে সমস্যাৰ উদ্ভৱ হয়। গোৱিনক লৈ ৰুপা চহৰলৈ গুছি আহে। যদিও দুয়ো ভায়েকৰ বিচ্ছেদ হ'ল, গোৱিনে সদায় তেওঁৰ বাবে কৰা ককায়েকৰ ত্যাগখিনিক স্মৰণ কৰে। এদিন ৰুপাৰো বোধদয় হ'ল। তাই বুজি পালে যে পাৰিবাৰিক বন্ধন আৰু মূল্যবোধৰ তুলনাত ধন, সম্পদ, সামাজিক স্থান এইবোৰ তেনেই তুচ্ছ।১২৩
অভিনয়ত
- তুলসী দাস (জীৱন ড্ৰাইভাৰ)
- জ্ঞানদা কাকতি (জীৱনৰ ঘৈণীয়েক লখিমী)
- শৈল বৰুৱা (গোৱিন)
- বীণা বৰুৱা (ৰুপা)
- সৰ্বেশ্বৰ চক্ৰৱৰ্তী
- বীণা দাস মান্না
- অনিল দাস
- দুৰ্গেশ্বৰ বৰঠাকুৰ
- সত্যেন চৌধুৰী আদি২৪
সঙ্গীত
চাকনৈয়াৰ সঙ্গীত পৰিচালনা কৰিছিল মুকুল বৰুৱাই। গীত লিখিছিল দুৰ্গেশ্বৰ বৰঠাকুৰ, চৈয়দ আব্দুল মালিক, অনিল ৰায় চৌধুৰী আৰু কেশৱ মহন্তই।৫৩
- হে মিলি গ'ল মিলি গ'ল মিলি গ'ল (কথা- দুৰ্গেশ্বৰ বৰঠাকুৰ, কণ্ঠ- মিহিৰ বৰদলৈ)
- মছগুল দুনীয়াত হায়ৰে হায়ৰে হায়ৰে, দিল আছে দিলদাৰ নাইৰে নাইৰে (কথা- চৈয়দ আব্দুল মালিক, কণ্ঠ- ভূপেন হাজৰিকা, মিহিৰ বৰদলৈ, আদিল আহমেদ, মনীন্দ্ৰ কুমাৰ বৰুৱা, যোগেশ বৰুৱা, মুকুল বৰুৱা)
- সুৰৰ পানচৈ চলে ধীৰে দীৰে সুৰৰে পানচৈ চলে (কথা- লক্ষহীৰা দাস, কণ্ঠ- লবংগ বৰা)
- কথা এটি কম কাণেকাণে, কাকো নজনাবা অ' তুমি গানেগানে (কথা- অনিল ৰায় চৌধুৰী, কণ্ঠ- লবংগ বৰা)
- বেলিৰে মুখৰে কলীয়া মেঘৰ চমকা আঁতৰি যায় (কথা- কেশৱ মহন্ত, কণ্ঠ- মিহিৰ বৰদলৈ)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪২৯৭৭৮ (২৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।