আজান ফকীৰ চাহেব হৈছে বাণী কলিতা পৰিচালিত আৰু আছিফ ইকবাল হুছেইন প্ৰযোজিত এখন অসমৰ চলচ্চিত্ৰ। ২০০৮ চনৰ ২৫ এপ্ৰিল তাৰিখে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। বাগদাদৰ পৰা অসমলৈ অহা ছুফী সন্ত আজান পীৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি বোলছবিখন নিৰ্মাণ কৰা হয়।১২
আজান ফকীৰ
মূল প্ৰবন্ধ: আজান পীৰ
১৬৩৪ চনত ইছলাম প্ৰচাৰক সন্ত আজান ফকীৰে (প্ৰকৃত নাম - শ্বাহ মীৰান) তেওঁৰ ভ্ৰাতৃ নবী পীৰৰ সৈতে বাগদাদৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল। কোৱা হয় যে, তেওঁ প্ৰথমে দিল্লীলৈ আহিছিল আৰু তাতে ছুফী সন্ত শ্বে'খ নিজামুদ্দিন আউলিয়াৰ শিষ্য হৈছিল। তাৰ পৰা তেওঁ আহি হাজোৰ গৰুড়াচল পাহাৰৰ ওপৰত থকা পীৰ ঘিয়াছুদ্দিন আউলিয়াৰ দৰগাহৰ ওচৰতে থাকিছিল। হাজো সেই সময়ত অসমত মোগলৰ মুখ্য স্থান আছিল। তাৰ পাছত তেওঁ আহোম ৰাজধানী শিৱসাগৰৰ ওচৰৰ চূণপোৰা নামৰ এখন মুছলমান গাঁৱত থাকিবলৈ লয়। সেই সময়ত কিছুমান ধৰ্মবিৰোধী ৰীতি-নীতিত লিপ্ত থকা মুছলমানসকলৰ মাজত তেওঁ ইছলাম ধৰ্মৰ প্ৰাথমিক ধাৰণাসমূহ আৰু মৌলিক কৰ্তব্যসমূহ প্ৰচাৰ কৰে। ৰাইজৰ লগ লাগি তেওঁ গাঁৱতে এটা মছজিদো সাজি উলিয়ায়। সেই মছজিদত প্ৰথম আজান তেওঁ দিয়ে আৰু সেইবাবে চূণপোৰা গাঁৱৰ মুছলমান ৰাইজে তেওঁক আজান ফকীৰ নাম দিয়ে। ৰংপুৰৰ খণ্ডকাৰ গাঁৱৰ ছৈয়দ উছমান গণি নামৰ এজন ব্যক্তিৰ জীয়েকক তেওঁ বিয়া কৰে। তেওঁ গাঁৱে গাঁৱে ঘূৰি ইছলাম ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰাৰ লগতে ইছলাম ধৰ্মগ্ৰন্থ কোৰআনক অসমীয়ালৈ অনুবাদ কৰি উলিয়ায়। জিকিৰ নামেৰে তেওঁ কিছুমান ভক্তিমূলক গীতো লিখি উলিয়ায় আৰু সুৰ দিয়ে। জিকিৰত তেওঁ ইছলাম ধৰ্মৰ বাণীসমূহ বৰ্ণনা কৰাৰ লগতে বন্ধুত্ব আৰু ভ্ৰাতৃত্ববোধৰ প্ৰয়োজনীয়তা দেখুৱায়।১
আহোম ৰজা চ্যু-পাত-ফাৰ বিষয়া ৰূপাই গঞা নামৰ এজন অসমীয়া মুছলমান আজান ফকীৰৰ ক্ৰমান্বয়ে বাঢ়ি অহা জনপ্ৰিয়তাৰ প্ৰতি ঈৰ্ষান্বিত হৈ পৰে। ১৬৮৫ চনত তেওঁ স্বৰ্গদেউ গদাধৰ সিংহৰ আগত গোচৰ তৰে যে আজান ফকীৰ এজন মোগলৰ চোৰাংচোৱা আৰু তেওঁ গোপনে মোগল সৈন্যৰ লগত যোগাযোগ ৰাখি আছে। গদাধৰ সিংহই প্ৰথমতে গোচৰটো আওকাণ কৰিছিল যদিও বহুবাৰ আপত্তি কৰাৰ পাছত তেওঁ ৰূপাই গঞাক নিজে বিবেচনা কৰি বিহিত ব্যৱস্থা ল'বলৈ অনুমতি দিয়ে। কিন্তু লগতে এইবুলিও সঁকিয়াই দিয়ে যে ইয়াৰ দ্বাৰা মুছলিম অনুভূতিত যাতে কোনো ধৰণৰ আঘাত নালাগে আৰু আহোম ৰাজত্বৰ প্ৰতি যেন কাৰো ভুল ধাৰণা নজন্মে। ৰজাৰ আদেশ পাই ৰূপাই গঞাই আজান ফকীৰক ধৰি আনে আৰু চকু দুটা উলিয়াই পেলায়। গদাধৰ সিংহই নিজৰ ভুল বুজি পাই তেওঁক মুক্তি দিয়ে আৰু ৰূপাই গঞাক মৃত্যুদণ্ড প্ৰদান কৰে। ১
আজান ফকীৰে পাছত দিখৌ নদীৰ পাৰত হুৱাগুৰি নামে ঠাইত থাকিবলৈ লয়। তেওঁক বিনামূল্যে মাটি আৰু সা-সম্পত্তি প্ৰদান কৰা হয়। ১২০ জন শিষ্যৰ সৈতে তেওঁ তাতে কিছু বছৰ থাকে। আনুমানিক ১৬৯০ চনত তেওঁৰ মৃত্যু হয়।১
অভিনয়-শিল্পী
- বিষ্ণু খাৰঘৰীয়া (চৰিত্ৰ- আজান পীৰ)
- পৃথ্বীৰাজ ৰাভা (চৰিত্ৰ- নবী পীৰ)
- জয়ন্ত ভাগৱতী (চৰিত্ৰ- মৌলবী)
- অৰুণ নাথ (চৰিত্ৰ- চ্যু-পাত-ফা)
- মলয়া গোস্বামী (চৰিত্ৰ- জয়মতী কুঁৱৰী)
পুৰস্কাৰ
চিত্ৰলেখা বঁটা (২০০৮) (ইউনাইটেড টি ভি এণ্ড ফিল্মমে'কাৰ্ছ এছ'ছিয়েছনৰ দ্বাৰা)৩
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ পৰিচালক - আছিফ ইকবাল
- শ্ৰেষ্ঠ সংগীত পৰিচালক - দ্বিজেন কোঁৱৰ
- শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ - প্ৰভাত গোস্বামী
- শ্ৰেষ্ঠ সহ-অভিনেত্ৰী - মলয়া গোস্বামী
তথ্যসূত্ৰ
- ↑ Ahmed, Dr Syed. An Assamese Film on the Life of Azan Fakir. Radiance
- ↑ ((Friday, May 9, 2008)). An ode to a preacher. The Telegraph
- ↑ Das, Apurba Kumar. Roving Eye
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজান ফকীৰ চাহেব (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।