অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অথেলো (চলচ্চিত্ৰ)

অথেলো হৈছে ২০১৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক আছিল হেমন্ত কুমাৰ দাস। মানবেন্দ্ৰ অধিকাৰীয়ে অৰ্থ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছিল। ৰঞ্জিত শৰ্মাই ৰচনা কৰা কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনে ২০১৫ চনত "শ্ৰেষ্ঠ অসমীয়া ছবি"ৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৩ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অথেলো হৈছে ২০১৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক আছিল হেমন্ত কুমাৰ দাস। মানবেন্দ্ৰ অধিকাৰীয়ে অৰ্থ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছিল। ৰঞ্জিত শৰ্মাই ৰচনা কৰা কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনে ২০১৫ চনত "শ্ৰেষ্ঠ অসমীয়া ছবি"ৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল। দেশ আৰু বিদেশৰ একাধিক মহোৎসৱত অংশগ্ৰহণ কৰা অথেলোৱে ২০১৪ চনৰ ভাৰতীয় ছবি মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়। উল্লেখনীয় যে, ছবিখনৰ চিত্ৰনাট্যও ৰঞ্জিত শৰ্মায়েই লিখিছিল। ছবিখন ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল।১

কাহিনী

ছবিখনৰ লগত ছেইক্সপিয়েৰৰ বিখ্যাত নাট "অথেলো"ৰ কোনো সামঞ্জস্য নাই। 'অথেলো'ৱে সত্তৰৰ বৈপ্লৱিক চেতনাৰ লগত বৰ্তমান সময়ৰ বিপ্লৱৰ এক তুলনামূলক পৰ্যবেক্ষণ কৰিবলৈ প্ৰয়াস কৰে। আৰু দুয়োকালৰ প্ৰতিবাদী সত্তাৰ মাজত থকা পাৰ্থক্যক দৰ্শকৰ সমুখত উপস্থাপন কৰিব বিচাৰে।২ বাসত্তৰ বছৰীয়া বংকিম ভট্টৰ জীৱনক কেন্দ্ৰ কৰিয়েই ছবিখনৰ কাহিনীটোৱে গতি লয়। তেওঁ হৈছে আলজেমাৰ ৰোগত আক্ৰান্ত এজন প্ৰাক্তন বিপ্লৱী। আনহাতে মুনে এখন অট'ৰিস্কা চলায়। সেইখনৰ নাম হৈছে অথেলো। বংকিমে মুনক কয় যে তেওঁ কাৰাগাৰলৈ যাব বিচাৰে, কাৰণ বংকিম দত্তই ডেকাকালত কৰা উগ্ৰবাদ এক আইন-বিৰুদ্ধ কাৰ্য আছিল। সেইটো ঘৰলৈকে টিনা নামৰ কল গাৰ্লজনীয়ে নিজৰ পৰিচয় গোপনে ৰাখি ভাড়াতীয়া হিচাপে থাকিবলৈ আহে। মুনৰ অটোখনত উঠিয়েই টিনাই গ্ৰাহকবোৰক লগ ধৰিবলৈ যায়। এনেকৈয়ে মুন আৰু টিনাৰ মাজত ঘনিষ্ঠতা বাঢ়ে। অটো-আস্থানত সংঘটিত হোৱা এটা বোমা-বিস্ফোৰণ ঘটনাটোতেই ছবিখন সমাপ্তিৰ ফালে আগবাঢ়ে। ৰঞ্জিত দাসে দাবী কৰা মতে, এইখন অসমীয়া ছবিতেই পোনপ্ৰথমবাৰৰ বাবে মুখ্য অভিনেত্ৰীয়ে এগৰাকী কল গাৰ্লৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে।৩

কলা-কুশলী

পৰিচালক হেমন্ত কুমাৰ দাসৰ এইখন প্ৰথমখন ছবি। ইয়াৰ পূৰ্বে তেওঁ কেইবাখনো ধাৰাবাহিক নিৰ্মাণ কৰিছিল। ছবিখনৰ গুৰুত্বপূৰ্ণ কেইটামান চৰিত্ৰত অভিনয় কৰিছিল অৰুণ নাথ, জুপিতৰা ভূঞা আৰু অৰূপ বৈশ্যই। তাৰ বাহিৰেও ৰুণু দেৱী, বিভূতি ভূষণ হাজৰিকা, পৃথ্বীৰাজ ৰাভা, বীণা পটংগীয়া,কল্পনা কলিতা, শিশু শিল্পী জুবিন দাস, জ্যোতি ভূঞা আদি। ছবিখনৰ সংগীত পৰিচালক আছিল তৰালি শৰ্মা। কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ আছিল ৰঞ্জিত শৰ্মা। ৰেড এমএক্স কেমেৰাৰে ছবিখনৰ দৃশ্যসমূহ বন্দী কৰিছিল নাহিদে। কলা-নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্য আৰু গৌতম দাস। সম্পাদনাৰ দায়িত্বত আছিল ৰাজু গগৈ। সাজ-সজ্জাৰ দায়িত্বত আছিল লুকুমণি গগৈ। মেকআপ ববী চক্ৰৱৰ্তীৰ। ডি.আই. কালাৰিষ্ট দিগন্ত খাউণ্ড। জ্যোতি চিত্ৰবনৰ ষ্টুডিঅ'ত ধ্বনি-নিৰ্মাণৰ কাম সম্পন্ন কৰে দীপক দত্ত আৰু বিজয় নাথে। উল্লেখনীয় যে, চিত্ৰনাট্যকাৰ ৰঞ্জিত শৰ্মাই ইয়াৰ আগতেও বহুকেইখন সমাদৃত অসমীয়া ছবিৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তাৰ ভিতৰত হৈছে বিদ্যুৎ চক্ৰৱৰ্তীৰ ৰাগ-বিৰাগ আৰু নিষিদ্ধ নদী; মঞ্জু বৰাৰ বৈভৱ আৰু অন্য এক যাত্ৰা; সঞ্জীৱ হাজৰিকাৰ মীমাংসা আদি।১

মুক্তি

২০১৪ চনৰ নৱেম্বৰত ছবিখন গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ পেনোৰামাত প্ৰদৰ্শিত হৈছিল।৪ ছবিখন সমালোচক আৰু দৰ্শকৰ মাজত বিশেষভাৱে সমাদৃত হয়। ছবিখনে অসমৰ চিত্ৰগৃহত ২০১৭ চনৰ ৩১ মাৰ্চত মুক্তি লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ অথেলো
  2. ↑ rupaliparda.com/archives/2461
  3. ↑ অথ
  4. ↑ www.assamtimes.org/node/12151

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অথেলো (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৮৮৬৯ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।