অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাৰাটে

কাৰাটে (Karate) একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।

হালনাগাদ: ২৮ আগষ্ট ২০২৩ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

কাৰাটে (Karate) একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল। আধুনিক কাৰাটেৰ বিকাশ ঘটিছিল জাপানৰ অকিনোৱা দ্বীপপুঞ্জত।

কাৰাটেৰ বিবৰ্তন

পঞ্চম শতিকাৰ শেষৰফালে বুদ্ধধৰ্মা নামৰ এজন বৌদ্ধ ভিক্ষুৱে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে ভাৰতৰ দেশৰ পৰা চীন দেশলৈ গৈছিল। ভাৰতৰ পৰা চীনলৈ এই পথছোৱা আছিল অত্যন্ত দুৰ্গম আৰু বিপদৰে ভৰা। সেয়েহে তেওঁ এই পথৰ বিপদৰ সন্মুখীন হবৰ বাবে এটা বিশেষ ধৰণৰ খালী হাতৰ আত্মৰক্ষাৰ কৌশল উদ্ভাৱন কৰে। চীন দেশৰ জনসাধাৰণক তেখেতে বনৰীয়া জীৱ-জন্তু আৰু দুৰাচাৰী, অসৎ লোক সকলৰ আক্ৰমণৰ পৰা নিজকে বচাবৰ বাবে সেই কৌশল সমূহ শিকাই দিয়ে। চীন দেশৰ জনসাধাৰণে সেই কৌশল সমূহ ভালদৰে আয়ত্ত কৰি তাৰ এক নতুন ৰূপ দিয়ে। তাৰ নাম হ’ল কংফু। সময়ৰ লগে লগে সেই কৌশলবোৰ প্ৰসাৰিত হৈ জাপানত নাম পালে কাৰাটে।১ জাপানী ভাষাত কাৰা মানে খালি আৰু টে মানে হাত। সেয়েহে কাৰাটে বা কাৰাটে ড' মানে হ'ল খালি হাতৰ কৌশল। এই কাৰাটে গৈ কোৰিয়াত নাম পালে টাইকোৱানডো।

এই সমৰ কলা কেইটাৰ ভিতৰত কাৰাটে হ'ল এটা অন্যতম কলা। কেনেদৰে হঠাৎ আক্ৰমণ কৰা শত্ৰুৰ বিৰুদ্ধে খালী হাত আৰু ভৰিৰে, দেহ সঞ্চালন কৰি শত্ৰুপক্ষক ধৰাশায়ী কৰিব পাৰি তাৰ বাৰে প্ৰশিক্ষণৰ দ্বাৰা হাত দুখনক অস্ত্ৰ সজোৱা হয়। এই কলাৰ উদ্দেশ্য হ'ল শত্ৰুৰ হাতৰ পৰা আত্মৰক্ষা কৰা, অত্যাচাৰীক দমন কৰা আৰু সু-স্বাস্থ্যৰ অধিকাৰী হোৱা।

তথ্যসূত্ৰ

  1. ↑ "XXVth ALL ASSAM INTER DISTRICT KARATE-DO CHAMPIONSHIP,2011ৰ মুখপত্ৰ"ত প্ৰকাশিত অৱনী কুমাৰ গোস্বামীৰ সমৰ কলাৰ প্ৰয়োজনীয়তা, প্ৰকাশক: All Style Karate-Do Association,Assam (ASKAA), সম্পাদক: ড॰ মনোজ হাজৰিকা, পৃষ্ঠা: ১০

সম্পৰ্কিত শ্ৰেণী

সমৰ কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰাটে” প্ৰবন্ধৰ সংশোধন ৩৭৬০৯৭ (২৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।