অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইটো সিটো বহুতো

ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৩ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইটো সিটো বহুতো ( Ito Sito Bahuto) ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্পৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।১২

কাহিনী

মোহন চলিহা অৱসৰপ্ৰাপ্ত মেজৰ। সকলো কথাতে মিলিটেৰী মেজাজ। তেওঁৰ পুত্ৰ বিমান। গুৱাহাটীত পঢ়ে। বিমান আন তিনিজন বন্ধুৰ সৈতে মিচেচ গুপ্তা নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত মেচ কৰি থাকে। সিহঁতক শাসন কৰোঁতে মিচেচ গুপ্তা অতিষ্ঠ হৈ পৰে। চলিহাৰ এটা বেমাৰ আছে। খং উঠিলে তেওঁ সকলো কথা পাহৰি যায়। তাৰে সুযোগ লৈ বিমানে মাহেকত দুবাৰকৈ টকা আনে আৰু লগৰীয়াহঁতৰ লগত খাই-বৈ ফুৰ্টি কৰে। কিন্তু শেষত পুতেকৰ চতুৰালি ধৰা পৰাত মেজৰ চলিহা মিচেচ গুপ্তাৰ ঘৰত আহি উপস্থিত হয়হি। এফালে চলিহা আনফালে মিচেচ গুপ্তা; এখন লংকাকাণ্ড হোৱাৰ উপক্ৰম। এনেতে মাজত আহি পৰে এগৰাকী গাভৰু। ঘটনাৰ গতি এনেহে হ'ল যে মেজৰ চলিহা, মিচেচ গুপ্তা, মেচত থকা ল'ৰা চাৰিটা আৰু গাভৰুগৰাকী থানা পালেগৈ।১

ঘৰত থাকিল বন কৰা ছোৱালী কাচনমতী, মেজৰ চাহাবৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। এই হাতুৰীটোৱে কাহিনীৰ গতি-প্ৰবাহত বিশেষ ভূমিকা লৈছে। হাতুৰীটোৱে বিভিন্ন ঘটনাৰ সৃষ্টি কৰি উখল-মাখল লগায় আৰু শেষত হাতুৰীটোৱে সকলো সমস্যাৰ সমাধান কৰে।১

অভিনয়ত

  • ফণী শৰ্মা (মোহন চলিহা, অৱসৰপ্ৰাপ্ত মেজৰ)
  • ব্ৰজেন বৰুৱা (মেজৰৰ পুত্ৰ বিমান)
  • শৰৎ দাস
  • মোৱাজ্জিন আলি
  • গিৰিণ বৰুৱা
  • প্ৰবীন বৰা
  • সুতপা মজুমদাৰ
  • সাধনা ৰায়চৌধুৰী
  • কৰুণা গোস্বামী
  • অমৰেন্দ্ৰ ঠাকুৰ
  • সমৰেন শইকীয়া
  • ৰেণু শইকীয়া
  • বীণা দাস
  • অমলেন্দু বাগচী
  • ধীৰেন দাস
  • মণিদ্বীপা১

সঙ্গীত

সঙ্গীত পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। গীত লিখিছিল নৱকান্ত বৰুৱা আৰু কেশৱ মহন্তই।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Arunlochan Das. (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, গুৱাহাটী. পৃ. 126
  2. ↑ Ito Sito Bahuto (1963) – Assamese Film
  3. ↑ Babul Das. (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, ডিব্ৰুগড়. পৃ. 97

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটো সিটো বহুতো” প্ৰবন্ধৰ সংশোধন ৩৯৮৯৭৯ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।