ঘুমৰ নৃত্য (Ghoomar) ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জনগোষ্ঠীৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য কৰিছিল। পিছলৈ আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে।১২৩৪৫ ঘাঘৰা নামৰ প্ৰবাহিত পাৰম্পৰিক পোছাক পিন্ধি ওৰণিলোৱা মহিলাসকলে ঘুমৰ নৃত্য প্ৰদৰ্শন কৰে।৬ ২০১৩ চনত "বিশ্বৰ শীৰ্ষ ১০টা স্থানীয় নৃত্য"ৰ তালিকাত ঘুমৰ নৃত্যক চতুৰ্থ স্থান ৰখা হৈছিল।৭৮ এই নৃত্যত সাধাৰণতে প্ৰদৰ্শকসকলে এক বিস্তৃত বৃত্তৰ ভিতৰত আৰু বাহিৰলৈ যোৱাৰ সময়ত টাকুৰী ঘুৰাৰ দৰে ঘূৰি নৃত্য কৰে। হিন্দীৰ 'ঘুমনা' শব্দটোৱে নৃত্যশিল্পীসকলৰ ঘূৰি ঘূৰি নৃত্য কৰা অৱস্থাক বৰ্ণনা কৰে আৰু ই হৈছে ঘুমৰ শব্দটোৰ আধাৰ।৯১০
পৰম্পৰাগত ৰীতি-নীতি অনুসৰি নৱ বিবাহিত কইনাই তেওঁৰ নতুন বৈবাহিক জীৱনৰ আৰম্ভণিত আদৰণি জনোৱা পৰ্বত ঘুমৰ নৃত্য কৰিব লাগে।১১ প্ৰায়ে বিশেষ অনুষ্ঠান যেনে বিবাহ, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত ঘুমাৰ নৃত্য প্ৰদৰ্শন কৰা হয়।১২ এই নৃত্য কেতিয়াবা কেইবাঘণ্টাৰ জুৰি অব্যাহত থকা দেখা যায়।
১৯৮৬ চনত সন্তৰামপুৰৰ মহাৰাণী ৰাজমাতা গোবৰ্ধন কুমাৰীয়ে ঘুমাৰ লোকনৃত্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে 'গংগৌৰ ঘুমৰ নৃত্য একাডেমী' স্থাপন কৰিছিল।১৩১৪ ভাৰত চৰকাৰে তেওঁক তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।১৫
উৎপত্তি
ঘুমৰ নৃত্য দেৱী সৰস্বতীৰ উপাসনা কৰিবলৈ ভিল জনগোষ্ঠীৰ এক পৰম্পৰাগত লোক নৃত্য। পিছলৈ ইয়াক আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও গ্ৰহণ কৰিছিল।১২৩৪৫ বিশেষকৈ ৰাজপুত ৰজাসকলৰ শাসনকালত ৰাজস্থানত ঘুমৰ নৃত্য জনপ্ৰিয় হৈ পৰে। জয়পুৰ শাসন কৰা ৰাজপুতসকলৰ কচ্ছৱা ফৈদে ভিলসকলক পৰাজিত কৰিছিল আৰু পিছত এক শান্তিপূৰ্ণভাবে একেলগে থাকিবলৈ লৈছিল। সেয়ে ৰাজপুত ৰাজ্যত কিছুমান ভিলসকলৰ পৰম্পৰা আৰু অনুশীলন গ্ৰহণ কৰা হৈছিল। তেতিয়াৰে পৰা ই জয়পুৰৰ ৰাজপৰিয়ালৰ মহিলাসকলৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁলোকে ইয়াক কিছুমান শুভ অনুষ্ঠানত প্ৰদৰ্শন কৰে। এই নৃত্য সাধাৰণতে সমবেত হোৱাৰ সময়ত মহিলাসকলে প্ৰদৰ্শন কৰে।১ মহিলাসকলে মুখ ঢাকি মূৰত ওৰণিৰ সৈতে ঘুৰ্ণন গতিত এই নৃত্য প্ৰদৰ্শন কৰে।
ঘুমৰক কেতিয়াবা ঝুমৰ বুলিও কোৱা হয়। যিকোনো বয়সৰ মহিলাসকলে আনন্দেৰে ঘুমৰ নৃত্য কৰিব পাৰে কিয়নো ইয়াৰ সৰল গতি আছে। ইয়াৰ বিশেষত্ব হৈছে ইয়াৰ বিশেষ প্ৰকাৰৰ পদচালনা। এই লোক নৃত্যৰ কোনো সময় সীমা নাই। ই কেইবাঘণ্টা বা গোটেই ৰাতি অব্যাহত থাকিব পাৰে।১
ঘুমৰ প্ৰদৰ্শন কৰা নৃত্যশিল্পীসকলে ঘড়ী কাঁটাৰ দিশত আৰু বিপৰীত দিশত পদছচালনাৰ সৈতে আৰু প্ৰদৰ্শকসকলৰ মাজত কেতিয়াবা তেওঁলোকৰ হাত একত্ৰিত কৰে আৰু আনকি চাপৰি মাৰি ওলোৱাৰ সৈতে এটা বৃত্তাকাৰ দিশত আগবাঢ়ে। গীতবোৰৰ স্পন্দনৰ সৈতে পদচালনা একঁকালবৰ্তীকৰণ গুৰুত্বপূৰ্ণ আৰু নৃত্যৰ লয় বৃদ্ধি হোৱাৰ লগে লগে নৃত্যশিল্পীসকলেৰ নৃত্যৰ গতি বৃদ্ধি পায়।১
ঘুমৰ গীত
পৰম্পৰাগত নৃত্য হিচাপে, ঘুমৰ নৃত্য প্ৰায়ে "গৰবেণ্ড", "পুদিনা", "ৰুমাল" আৰু "মৰ বোলে ৰে"ৰ দৰে পৰম্পৰাগত গীতত প্ৰদৰ্শন কৰা হয়। ঘুমৰ গীত সমূহত ৰাজকীয় কিংবদন্তি বা তেওঁলোকৰ পৰম্পৰাৰ ওপৰত কেন্দ্ৰিত হ'ব পাৰে। উল্লেখযোগ্য কিছুমান পৰম্পৰাগত ঘুমৰ গীত হৈছে:
- "জয়পুৰ জাও তো"
- "চিৰমি মাহৰি চিৰমালী"
- "আৱে হিচকি"
- "মাহৰি ঘুমৰ চয়ে নখৰালী"
- "জৱাই জী পওনা"
- "তাৰা ৰি চুনদাদি"
- "মহৰো গৰবন্দ নখৰালো"
- "নাইনা ৰা লৱহী"
- "অৰ ৰং দে"
তথ্যসূত্ৰ
- ↑ Ghoomar or Ghumar was basically developed by the Bhil tribe and was adopted by other Rajasthani communities.
- ↑ The song is titled 'Ghoomar', which is actually a traditional Bhil tribe folk dance, originally performed for worshiping goddess Saraswati.
- ↑ Ghoomar, a traditional Bhil tribe folk dance
- ↑ Kumar, Ashok Kiran. (2014). Inquisitive Social Sciences. S. Chand Publishing. পৃ. 93. ISBN 9789352831098
- ↑ Danver, Steven L. (June 28, 2014). Native People of The World. Routledge. পৃ. 522. ISBN 076568294X
- ↑ www.rajasthantour4u.com/blog/index.php/2009/06/2 Ghoomar - Famous Social Folk Dance of Rajasthan
- ↑ (23 July 2013). Ghoomar in top 10 list of world's most amazing local dances. Business Standard
- ↑ (8 July 2013). Top 10 local dances around the world. Hindustan Times
- ↑ Ghoomar Dance, Rajasthan
- ↑ Ghoomar Dance - Rajasthan. rajasthanvisit.com
- ↑ Indian States At A Glance 2008-09: Performance, Facts And Figures - Rajasthan - Bhandari Laveesh (2008-09)
- ↑ Ghoomar in India
- ↑ (June 6, 2007). Image Details. India Today
- ↑ (2016). Rajmata Goverdhan Kumari. Indian Institute of Management, Ahmedabad
- ↑ (2013). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘুমৰ নৃত্য” প্ৰবন্ধৰ সংশোধন ৫৭৮০২৮ (১৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।