অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঘুগুৰা

ঘুগুৰা (Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে। ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট পৃথক হয়।

হালনাগাদ: ১৮ জুলাই ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
কথক নৃত্যশিল্পী নামৰ্তা ৰায়ে ঘুগুৰা পিন্ধি নৃত্য প্ৰদৰ্শন কৰিছে
কথক নৃত্যশিল্পী নামৰ্তা ৰায়ে ঘুগুৰা পিন্ধি নৃত্য প্ৰদৰ্শন কৰিছেছবি: Namrta Rai · CC BY-SA 4.0

ঘুগুৰা (Ghungroo) জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে।১ ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট পৃথক হয়। ই নৃত্যৰ বদ্ধ দিশবোৰ বৃদ্ধি কৰিবলৈ আৰু জটিল পদচালনা দৰ্শকৰ দ্বাৰা শুনিবলৈ সহায় কৰে। ঘুগুৰা ভৰিৰ পতা আৰু বাকী অংশৰ মাজৰ জোৰা অংশৰ ঠিক ওপৰত পিন্ধা হয়। ঘুগুৰা সমূহ এডাল ৰছী বা সৰু কাপোৰত একেলগে গাঁঠি থকা ৫০ৰ পৰা ২০০টা বা ততোধিক সৰু ঘণ্টা থাকে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত ভাৰতনাট্যম, কথক, কুচিপুড়ি, মোহিনীঅট্টম, ওডিছী আৰু অন্যান্য নৃত্য যেনে লাৱনীত ঘুগুৰা পিন্ধা হয়।

নাম

অসমীয়াত ঘুগুৰাক টোৰড়, ঘৰ্ঘৰিকা, ঘাঘৰ, কিঙ্কিশী, ঘাগৰ আদি নামেৰে জনা যায়। উত্তৰ ভাৰত ইযাক ঘুংগুৰু বুলি কোৱা হয়। সেইদৰে তামিল ভাষা চিলানগাই আৰু মালয়ালম ভাষাত চিলানকা বোলে। নেপালৰ লোক-নৃত্যশিল্পীসকলেও ব্যৱহাৰ কৰা ঘুগুৰাক চেপ বোলে।২৩ ইয়াক ৯ৰ পৰা ২৭টা সৰু ব্ৰঞ্জৰ ঘণ্টা থাকে আৰু এইবোৰ প্ৰায় ২৩ চেমি দীঘল ৭.৫ চেমি বহল কাপোৰত চিলাই কৰা হয়। ইয়াক গোৰোহাৰ চাৰিওফালে অলংকাৰ হিচাপে বান্ধি ৰখা হয়।৩২ নেপালীসকলে গীত অনুসৰি বিভিন্ন চেপ বাছনি কৰিব পাৰে। ঘণ্টাৰ সৰু বা ডাঙৰ ব্যৱস্থাৰ সৈতে বাছনি কৰিব পাৰে।৩ ঘণ্টাবোৰক ঘুনগুৰু (ঘুংগুৰু) বুলি কোৱা হয়।২

ইতিহাস আৰু বৈশিষ্ট্যসমূহ

ঘনবাদ্যৰ অধীনত থকা ঘুগুৰা হৈছে পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যৰ এক অত্যাৱশ্যকীয় উপাদান। ইয়াক মুখ্যতঃ লয়বদ্ধ আৰু বিশেষ টিউনিংৰ প্ৰয়োজন নহয়।৪

ই ধ্ৰুপদী নৃত্যশিল্পীসকলৰ মুখ্য অলংকাৰ হোৱাৰ উপৰিও তেওঁলোকে নৃত্য কৰোঁতে পিন্ধা সভ্যতাৰ সৈতেও জড়িত আছিল। সেয়েহে সামাজিক সীমাবদ্ধতাৰ বাবে সাধাৰণ মহিলাৰ দ্বাৰা ঘুগুৰা ব্যৱহাৰ বাধাগ্ৰস্ত হৈছিল। সময়ৰ লগে লগে ঘুগুৰা নৃত্যশিল্পীসকলে ব্যৱহাৰ কৰা অলংকাৰ হিচাপে চিত্ৰিত কবিতা, সাহিত্য আৰু চিনেমাৰ জৰিয়তে ইয়াৰ অস্তিত্ব অৰ্জন কৰিছে।৫

ঘুংগুৰু বাদন

ঘুংগুৰু বাদন হৈছে এগৰাকী প্ৰখ্যাত ভাৰতীয় শাস্ত্ৰীয় কথক নৃত্য প্ৰদৰ্শক ভি অনুৰাধা সিঙৰ দ্বাৰা বিকশিত এক সংগীত শৈলী। তেওঁ এটা মুখ্য বাদ্যযন্ত্ৰ হিচাপে ইয়াক বিকশিত কৰিছিল আৰু বহুতো বিশুদ্ধ সংগীত উৎসৱত প্ৰদৰ্শন কৰিছিল। ঘুংগুৰু বাদনে কেৱল আনন্ধ কলা হিচাপে ভৰিৰ চলাচলৰ ওপৰত গুৰুত্ব দিয়ে।

তথ্যসূত্ৰ

  1. ↑ W. Hesse, Jr., Rayner. (2007). Jewelrymaking Through History: An Encyclopedia. Greenwood Publishing Group. পৃ. 8. ISBN 0-313-33507-9
  2. ↑ Kadel, Ram Prasad. (2007). Musical Instruments of Nepal. Nepali Folk Instrument Museum. পৃ. 183, 289. ISBN 978-9994688302
  3. ↑ Kadel, Ram Prasad. (2006). Haamra Lokbaajaaharu (translation with subtitle: Our Musical Instruments, ‘A course book for school children.’). The [Nepal] Ministry of Education, Curriculum Department of Nepal Government
  4. ↑ Articles - Classification of Indian Musical Instruments - by Chaitanya Kunte. www.swarganga.org
  5. ↑ Centre for Cultural Resources and Training (CCRT). ccrtindia.gov.in

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘুগুৰা” প্ৰবন্ধৰ সংশোধন ৬১৮০১৩ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।