ৰাজা হৰিশ্চন্দ্ৰ (राजा हरिश्चंद्र) হ'ল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।১
কাহিনী
চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰৰ আৰম্ভণিতে ৰাজা ৰবি বৰ্মাই অঁকা পত্নী-পুত্ৰ সহিতে হৰিশ্চন্দ্ৰৰ এখন চিত্ৰ দেখুওৱা হৈছে। ধাৰ্মিক ৰজা হৰিশ্চন্দ্ৰই কিদৰে বিশ্বামিত্ৰক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে তেওঁ নিজৰ ৰাজ্য, পত্নী তথা সন্তানক বলিদান কৰিছিল, সেই কাহিনীকে কেন্দ্ৰ কৰি এই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনৰ শেষৰফালে হৰিশ্চন্দ্ৰৰ সত্য ৰক্ষাৰ নীতিত মুগ্ধ হৈ দেৱতাসকলে তেওঁৰ পূৰ্ব গৌৰৱ তথা পৰিয়ালক ঘূৰাই দিযে।
অভিনয়ত
দত্তাত্ৰেয় দামোদৰ ডাবকে নামৰ এজন মাৰাঠী মঞ্চ অভিনেতাই ৰজা হৰিশ্চন্দ্ৰৰ ভূমিকাত অভিনয় কৰিছিল। হৰিশ্চন্দ্ৰৰ পত্নী তাৰামতীৰ ভূমিকাত আন্না সালুঙ্কে নামৰ এজন পুৰুষ অভিনেতাই কৰিছিল। দাদাচাহেব ফাল্কেৰ পুত্ৰ বালচন্দ্ৰ ফাল্কেই হৰিশ্চন্দ্ৰৰ পুত্ৰ ৰোহতাশৰ ভূমিকাত অভিনয় কৰিছিল।২
নিৰ্মাণ
দাদাচাহেব ফাল্কে, পাছলৈ যি ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে পৰিগণিত হৈছে,৩ এই চলচ্চিত্ৰৰ প্ৰযোজক তথা পৰিচালক আছিল। তেওঁ দাদৰ ঘাইপথত তেওঁৰ ষ্টুডিঅ'তেই এই চলচ্চিত্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল। এই চলচ্চিত্ৰখন দাদাচাহেব ফাল্কেৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। ৪০ মিনিট সময়ৰ তথা ৩৭০০ ফুট দৈৰ্ঘ্যৰ ৰীলযুক্ত চলচ্চিত্ৰখন নিৰ্মাণ কৰোঁতে সাত মাহ একৈশ দিন সময় লাগিছিল।৪ দাদাচাহেব ফাল্কে চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ অঙ্কণশৈলীৰ দ্বাৰা বহুলাংশে প্ৰভাৱিত হৈছিল। হিন্দু পৌৰাণিক ঘটনাবোৰৰ ওপৰত অঁকা ৰাজা ৰবি বৰ্মাৰ চিত্ৰবোৰক দাদাচাহেব ফাল্কে চলচ্চিত্ৰৰ দ্বাৰা গতি প্ৰদান কৰিছিল।৫ চলচ্চিত্ৰখনত স্ত্ৰী চৰিত্ৰৰ সকলো ভূমিকাত পুৰুষেই অভিনয় কৰিছিল।৬ দাদাচাহেবে এই চলচ্চিত্ৰত নাৰীক অভিনয় কৰাবলৈ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছিল। সেইকাৰণে তেখেতে হৰিশ্চন্দ্ৰৰ পত্নী তাৰামতীৰ ভূমিকাত আন্না সালুঙ্কে নামৰ এজন কমনীয় পুৰুষক অভিনয় কৰাইছিল। আন্না আছিল এজন হোটেলৰ ৰান্ধনী যি পাছলৈ ভালেমান চলচ্চিত্ৰত স্ত্ৰীৰ ভূমিকা পালন কৰি জনপ্ৰিয় হৈ পৰিছিল।৭ এই চলচ্চিত্ৰ নিৰ্মাণৰ ঘটনাক কেন্দ্ৰ কৰি ২০০৯ চনত হৰিশচন্দ্ৰাচী ফেক্টৰী নামৰ এখন মাৰাঠী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।৮
মুক্তি
চহৰৰ কৰোনেচন চিনেমাত ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন প্ৰদৰ্শনীৰ বিজ্ঞাপন]]
১৯১৩ চনৰ ২১ এপ্ৰিলত বোম্বে চহৰৰ গ্ৰাণ্ট ৰোডৰ অলিম্পিয়া থিয়েটাৰত চহৰৰ বহুকেইজন বিখ্যাত ব্যক্তি তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সন্মুখত প্ৰথমে এই চলচ্চিত্ৰখন দেখুওৱা হয়।৯ ১৯১৩ চনৰ ৩ মে'ত বোম্বে চহৰৰ কৰোনেচন চিনেমাত সৰ্বসাধাৰণ ৰাইজৰ বাবে চলচ্চিত্ৰখন মুক্তি দিয়া হয়।১০১১ প্ৰথমে চলচ্চিত্ৰখনৰ মাত্ৰ এটা প্ৰিণ্টেই নিৰ্মাণ কৰা হৈছিল যদিও দ্ৰুত জনপ্ৰিয়তা তথা বাণিজ্যিকভাৱে সফলতা লাভ কৰাত১২ চলচ্চিত্ৰখন গ্ৰামাঞ্চলত দেখুওৱাবৰ কাৰণে দাদাচাহেবে ভালেমান প্ৰিণ্ট তৈয়াৰ কৰিছিল।
বিতৰ্ক
ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন মুক্তি লাভ কৰাৰ প্ৰায় এবছৰ পূৰ্বে দাদাচাহেব টোৰ্ণেৰ চলচ্চিত্ৰ শ্ৰীপুণ্ডলিক ১৯১২ চনৰ ১৮ মে'ত মুক্তিলাভ কৰিছিল। সেইকাৰণে ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন ভাৰতৰ প্ৰথম চলচ্চিত্ৰ হিচাবে গণ্য কৰাৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছিল। পাছলৈ এখন জনপ্ৰিয় মাৰাঠী নাটকৰ ৰেক'ৰ্ডিং তৈয়াৰ কৰি সেইখনক চলচ্চিত্ৰৰ ৰূপ দিয়া বাবে শ্ৰীপুণ্ডলিকক বহুতে চলচ্চিত্ৰ হিচাবে গণ্য নকৰে।১৩১৪
অৱশিষ্ট প্ৰিণ্ট
ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰৰ চাৰিটা ৰীল থাকিলেও বৰ্তমান পুণেৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ম অভিলেখাগাৰত প্ৰথম তথা শেষ ৰীলটো আছে। অনেক ইতিহাসবিদে বিশ্বাস কৰে যে এই ৰীল দুটা ১৯১৭ চনত সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ নামৰ চলচ্চিত্ৰৰহে অংশ।১৫১৬
তথ্যসূত্ৰ
- ↑ Overview New York Times
- ↑ Ramesh Dawar. (1 January 2006). Bollywood Yesterday Today and Tomorrow. Star Publications. পৃ. 1987–. ISBN 978-1-905863-01-3
- ↑ Kirpal Sigh Annie Mathew. Middle School Social Sciences. Frank Brothers. পৃ. 8–. ISBN 978-81-8409-103-8
- ↑ The Beginning: The Silent Movie Era, Asia Studies, University of Berkeley
- ↑ Tamhane, Abhijit. (April 28, 2008). एक मल्याळी चित्रकार 'मराठी' चित्रं रंगवतो... Maharashtra Times
- ↑ Subhash K. Jha,. 10 pre-release big ones. Rediff.com
- ↑ Dadasaheb Phalke: Father of Indian Cinema. Dadasaheb Phalke Academy
- ↑ Plan to showcase making of India's 1st film bignews.big927fm.com
- ↑ Bhingarde, Santosh. (April 21, 2012). भारतातील पहिल्या "प्रीमियर'चे आज शताब्दी वर्षात पदार्पण. Sakal
- ↑ Today in History 3 May, NDTV
- ↑ Anurag Kashyap shoots in Amitabh Bachchan's home - The Times of India. The Times Of India
- ↑ Ramesh Dawar. (1 January 2006). Bollywood Yesterday Today and Tomorrow. Star Publications. পৃ. 1987–. ISBN 978-1-905863-01-3
- ↑ Damle, Manjiri. (21 April 2012). Torne's 'Pundlik' came first, but missed honour. The Times Of India
- ↑ Mishra, Garima. (3 May 2012). Bid to get Pundalik recognition as first Indian feature film. The Indian Express
- ↑ Raja Harishchandra National Film Archive of India
- ↑ Raja Harishchandra" (1913) www.filmthreat.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪২৩৪৮৪ (১৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।