ঈশ্বু (Ishu) উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ মূল কাহিনী মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ এখন উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ ঈশ্বু নামৰ শিশুজনৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যাৰ সমস্যা প্ৰতিফলন কৰিছে। চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।১
কাহিনী
অসমৰ এখন ভিতৰুৱা জনজাতীয় গাঁৱত ঈশ্বৰ প্ৰসাদ ৰাভা বা ঈশ্বুয়ে বাস কৰে। ঈশ্বুৰ বয়স প্ৰায় দহ বছৰ। মাক-দেউতাক, খুড়াক আৰু আইতাকৰ মৰমৰ মাজত বন্ধুবৰ্গ, ভালু বা পোহনীয়া কুকুৰটোৰ সৈতেই ঈশ্বুৰ জীৱন। চুবুৰীয়া অম্বিকা জেঠায়েকৰ সৈতে ঈশ্বুৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক। কিন্তু ঈশ্বুৰ এই সহজ-সৰল জীৱনৰ গতিত এদিন আউল লাগে। গাঁৱৰ বেজ আৰু ঈশ্বুৰ অন্য এগৰাকী জেঠী ভদ্ৰেশ্বৰীয়ে অভিসন্ধি কৰি অম্বিকাক ডাইনী বুলি প্ৰচাৰ কৰে। ইয়াৰ কাৰণ, অম্বিকাই দিয়া বনৌষধি ব্যৱহাৰ কৰি গাঁৱৰ লোকসকলৰ বেমাৰ-আজাৰ নিৰাময় হোৱাত বেজে অম্বিকাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰিবলৈ লয়। ভদ্ৰেশ্বৰী এই অভিসন্ধিত জড়িত হোৱাৰ আঁৰত স্বাৰ্থ আছিল অকালতে বিধৱা হোৱা অম্বিকাৰ সা-সম্পত্তি আত্মাসাৎ কৰা। অন্ধবিশ্বাসী আৰু অশিক্ষিত গঞাই দুয়োৰে কথাত পৰি অম্বিকাৰ ঘৰ জ্বলাই দিয়ে। অম্বিকা গাঁৱৰ পৰা নিৰুদ্দেশ হয়।২
চৰিত্ৰ
- ঈশ্বু: কপিল গাৰো৩
- অম্বিকা: লেইছাংথেম টোনথোইংগাম্বী দেৱী
- বেজ: বিষ্ণু খাৰঘৰীয়া
- ৰাধা: দীপিকা ডেকা
- ভদ্ৰেশ্বৰী: চেতনা দাস
বঁটা আৰু সন্মান
- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (৬৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা)৪
- শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা৫
তথ্যসূত্ৰ
- ↑ scroll.in/reel/846513/a-10-year-old-boy-witnesse
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ themoviean.com/ishu-feature-film-national-film-a link|date=April 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ nenow.in/entertainment/assam-utpal-borpujaris-is
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশ্বু” প্ৰবন্ধৰ সংশোধন ৪৯৯২৮৩ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।