ওলিউড নামেৰে জনাজাত ওড়িয়া চিনেমা ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰ আৰু কটকত নিৰ্মাণ কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ ওড়িয়া ভাষাৰ চিনেমা।১২ ওলিউড নামটো ওড়িয়া আৰু হলিউড শব্দৰ পৰ্টমেণ্ট।৩
শিল্প হিচাপে স্বীকৃতি
১৯৭৪ চনত ওড়িশা চৰকাৰে চলচ্চিত্ৰ নিৰ্মাণ আৰু চলচ্চিত্ৰ প্ৰদৰ্শনী ভৱন নিৰ্মাণক এটা উদ্যোগ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।৪ ওড়িশা চৰকাৰে ওড়িশাত চলচ্চিত্ৰ নিৰ্মাণ শিল্পৰ উন্নতিৰ বাবে কটকত কাৰ্যালয় আৰু ওড়িশা চলচ্চিত্ৰ উন্নয়ন নিগম স্থাপন কৰিছে।
ইতিহাস
ওড়িয়া ভাষাত শব্দহীন কথাচিত্ৰ নিৰ্মাণ হোৱা নাছিল। মোহন সুন্দৰ দেৱ গোস্বামীৰ নিৰ্দ্দেশনাত ৰামায়ণৰ কাহিনীৰ আধাৰত ১৯৩৬ চনত নিৰ্মিত হয় প্ৰথম ওড়িয়া কথাছবি সীতা বিবাহ। এইখন কামপাল মিশ্ৰ ৰচিত এখন নাটকৰ ওপৰত আধাৰিত আছিল। মাত্ৰ ৩০,০০০ টকাৰে নিৰ্মিত এই কথাছবি খনত ১৪টা গীত আছিল।৫
১৯৪৯ চনত দ্বিতীয়খন ওড়িয়া চলচ্চিত্ৰ ললিতা মুক্তি লাভ কৰিছিল। ইয়াৰ নিৰ্দ্দেশক আছিল কল্যাণ গুপ্তা। ইয়াৰ মুখ্য ভূমিকাত আছিল লোকনাথ আৰু উমা। ১৯৫০ চনত তৃতীয় ওড়িয়া চলচ্চিত্ৰ সপ্তশয্যা মুক্তি লাভ কৰিছিল। ইয়াৰ নিৰ্দ্দেশক আছিল কল্যাণ গুপ্তা। ইয়াত ব্যোমকেশ ত্ৰিপাঠি, অনিমা আদিয়ে অভিনয় কৰিছিল। ১৯৫০ চনত চতুৰ্থ ওড়িয়া চলচ্চিত্ৰ শ্ৰী জগন্নাথ মুক্তি লাভ কৰিছিল। চিত্ত ৰঞ্জন মিত্ৰ ইয়াৰ নিৰ্দ্দেশক আছিল। ইয়াৰ মুখ্য ভূমিকাত আছিল গোপাল, গ্লোৰিয়া মহান্তি আদি। ১৯৫১ তনত পঞ্চম ওড়িয়া চলচ্চিত্ৰ ৰোলস্-২৮ মুক্তি লাভ কৰিছিল। ইংৰাজী নাম ব্যৱহাৰ কৰা এইখন প্ৰথম ওড়িয়া চলচ্চিত্ৰ। ইয়াৰ নিৰ্দ্দেশক আছিল কল্যাণ গুপ্তা। ইয়াৰ মুখ্য ভূমিকাত আছিল ৰতিকান্ত, কমলা প্ৰমুখ অভিনেতা-অভিনেত্ৰী।৬ প্ৰফুল সেনগুপ্তাৰ দ্বাৰা নিৰ্দ্দেশিত ১১তম ওড়িয়া চলচ্চিত্ৰ শ্ৰীলোকনাথ ছবিঠনে জাতীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল। ১৯৬০-৭০ চনৰ ভিতৰত প্ৰশান্ত নন্দ নিৰ্দ্দেশিত নূআ বোউ, মাটিৰ মণিষ, অদিন মেঘ চলচ্চিত্ৰই সকলো জাতীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল। ১৯৭৬ চনত মুক্তিলাভ কৰিছিল প্ৰথম ৰঙীন ওড়িয়া চলচ্চিত্ৰ গপ হেলে বি সত। এই চলচ্চিত্ৰখনত সঙ্গীতজ্ঞ অক্ষয় মহন্তিৰ সঙ্গীত নিৰ্দ্দেশনাই ওড়িয়া চিনেমা জগতত নতুনত্ব আনি দিছিল।৭ ১৯৯০ চনলৈকে সময়ছোৱাক ওড়িয়া চলচ্চিত্ৰৰ "সুবৰ্ণ যুগ" বুলি কোৱা হয়।৮ অমিয় ৰঞ্জন পট্টনায়ক দ্বাৰা ১৯৮৫ চনত নিৰ্মিত হাকিম্ বাবু চলচ্চিত্ৰখনে জাতীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল।
উপন্যাসৰ আধাৰত নিৰ্মিত কথাচিত্ৰ
বহুতো ওড়িয়া কথাচিত্ৰ উপন্যাসৰ বিষয়বস্তুক আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল, তাৰে ভিতৰত উল্লেখযোগ্য হ'ল:৯ ১০
- অমড়া বাট, ১৯৬৪ - বসন্ত কুমাৰী পট্টনায়ক
- অভিনেত্ৰী, ১৯৬৫ - কান্হু চৰণ মহান্তি
- মলা জন্হ, ১৯৬৫ - উপেন্দ্ৰ কিশোৰ দাস১১
- কা, ১৯৬৬ - কান্হু চৰণ মহান্তি
- মাটিৰ মণিষ, ১৯৬৬ - কালিন্দী চৰণ পাণিগ্ৰাহী
- অদিন মেঘ, ১৯৭০ - কুন্তলা কুমাৰী আচাৰ্য্য
- কনকলতা, ১৯৭৩– নন্দ কিশোৰ বল
- ধৰিত্ৰী, ১৯৭৩ - অমূল্য কুমাৰী পট্টনায়ক
- সিন্দুৰ বিন্দু, ১৯৭৬ - চিন্তামণি জেনা১২
- অপৰিচিতা, ১৯৮০ - প্ৰতিভা ৰায়
- টিকে হস টিকে লুহ, ১৯৮১- বিজয়িনী দাস
- কাবেৰী, ১৯৮৪- গায়ত্ৰী বসু মল্লিক১৩
- মায়া মিৰিগ, ১৯৮৪- বিভূতি পট্টনায়ক
- ছ মাণ আঠ গুণ্ঠ, ১৯৮৬- ফকীৰ মোহন সেনাপতি
- বধূ নিৰুপমা, ১৯৮৭- বিভূতি পট্টনায়ক
- শাস্তি, ১৯৮৭- কান্হু চৰণ মহান্তি
- তুণ্ড বাইদ, ১৯৮৭- কান্হু চৰণ মহান্তি ১৩
- মোক্ষ, ২০০১ - প্ৰতিভা ৰায়
- গাৰে সিন্দূৰ ধাৰে লুহ, ২০০২ - বিভূতি পট্টনায়ক১৩
- চন্দ্ৰভাগা,১৪ ২০১৬ - প্ৰতিভা ৰায়
ওলিউডৰ লগত জড়িত ব্যক্তি
অভিনেতা
- উত্তম মহান্তি
- অনুভৱ মহান্তি
- অৰিন্দম ৰয়
- পপু পম্ পম্
- বাবুশান মহান্তি
- বিজয় মহান্তি
- মিহিৰ দাস
- সব্যসাচি মিশ্ৰ
- সিদ্ধাৰ্থ মহাপাত্ৰ
অভিনেত্ৰী
- অপৰাজিতা মহান্তি
- অৰ্চিতা সাহু
- তন্দ্ৰা ৰয়
- বৰ্ষা প্ৰিয়দৰ্শিনী
- ৰচনা বেনাৰ্জী
- ৰিয়া দে
কণ্ঠশিল্পী
- অক্ষয় মহান্তি
- ইৰা মহান্তি
- হিউমেন সাগৰ
প্ৰসঙ্গ পুথি
- 'ওড়িয়া চলচ্চিত্ৰৰ ইতিহাস', ওড়িশা বুক ষ্টোৰ, ১৯৮৪ (১৯৩৮-১৯৮৪ৰ ভিতৰত নিৰ্মিত কথাছবি),
- 'ওড়িয়া চলচ্চিত্ৰৰ অজ্ঞাত অধ্যায়', ২০০৮, সংকলন: ভীম সিং,
- Ghosh, Kartick Kumar. (1984). Oriya Chalachitrara Itihas. Odisha Book Store Contains information on films from 1934 to 1984.
অধিক তথ্য
- Oriya Cinema Data
- দূৰদৰ্শনৰ সুৰভি ধাৰাবাহিকৰ ১০০ নং খণ্ড
- Orissa: Seventy-Five Years of Oriya Cinema
- archive.today/20130624210753/http://www.odishagl
- archive.today/20130624210811/http://www.odishagl
তথ্যসূত্ৰ
- ↑ The New Capital at Bhubaneswar. Government of Odisha
- ↑ (25 June 2020). First archives for Odia films soon. The New Indian Express
- ↑ History Of Oriya Film Industry. www.fullorissa.com
- ↑ Position of Oriya Film Industry. Directorate of Film Festivals
- ↑ Orissa Cinema:: History of Orissa Cinema, Chronology of Orissa Films. orissacinema.com
- ↑ www.dharitri.com/main/top5_details/290
- ↑ OTV Memory Lane with Akshaya Mohanty: ইউটিউব
- ↑ archive.is/20130624210753/http://www.odishaglitz
- ↑ K. Moti Gokulsing; Wimal Dissanayake. (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 69–. ISBN 978-1-136-77284-9
- ↑ Oriya Movies made from Novels. incredibleorissa.com
- ↑ ঝৰণা দাস ওড়িয়া ফিল্মৰ প্ৰথম ষ্টাৰ. নিতিদিন
- ↑ ‘সিন্দূৰ বিন্দু’ৰ কাহাণীকাৰ নাট্যকাৰ চিন্তামণি আউ নাহান্তি. sambad.in
- ↑ Odia filmmaker, actor Govind Tej passes away. The New Indian Express
- ↑ Sahu, Diana. No Hits, Few to Remember. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওড়িশাৰ চলচ্চিত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭০৩৫৮ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।