অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গুৰু পূৰ্ণিমা

গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে 'আষাঢ়' মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫৯০ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন ধৰ্ম, হিন্দু আৰু বৌদ্ধ ধৰ্মসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ।১ হিন্দু কেলেণ্ডাৰমতে 'আষাঢ়' মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত। ভাৰতীয় সংস্কৃতিৰ মতে গুৰুসকলে কৰ্ম যোগৰ আধাৰত জ্ঞানদানত ব্ৰতী থাকে। এই উৎসৱ ঘাইকৈ ভাৰত, নেপাল আৰু ভূটানত পালন কৰা হয় যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী সকলে এই উৎসৱ পালন কৰে।২৩

হিন্দু আখ্যান

হিন্দু আখ্যান অনুসৰি গুৰু পূৰ্ণিমা তিথিত ঋষি পৰাশৰ ঔৰসত আৰু ধীবৰ ৰাজৰ কন্যা সত্যৱতীৰ সন্তান মহাভাৰতৰ প্ৰণেতা বেদব্যাসৰ জন্ম হৈছিল।৪ বেদব্যাসে সম্পূৰ্ণ বেদ আয়ত্ত কৰি ইহঁতৰ নীতি নিয়ম আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চাৰি ভাগত বিভক্ত কৰিছিল। তাৰপিছত তেওঁ তেওঁৰ চাৰিশিষ্য পাইলা, বৈসম্পায়ন, জৈমিনী আৰু সুমন্তুক প্ৰথমে চাৰি বেদৰ জ্ঞান দিছিল। বেদক বিভক্ত আৰু সম্পাদনা কৰাৰ বাবে তেওঁ বেদব্যাস উপাধি লাভ কৰিছিল। তেওঁ বেদ সমূহক ঋক, সাম, যৰ্যু আৰু অথৰ্ব বেদত বিভক্ত কৰিছিল। ইয়াৰ উপৰিও তেওঁ পুৰাণ সমূহৰ ৰচনা কৰিছিল।৫

বৌদ্ধ আখ্যান

পৰমজ্ঞান লাভ কৰাৰ ৫ সপ্তাহৰ পিছত গৌতম বুদ্ধয়ে বোধগয়াৰ পৰা সাৰনাথলৈ যাত্ৰা কৰিছিল। তেওঁ পৰমজ্ঞান লাভ কৰাৰ আগতে তেওঁ কঠোৰ তপ ত্যাগ কৰিছিল। ইয়াৰ বাবে তেওঁৰ পূৰ্বৰ সংগী পঞ্চবৰ্গীকা সকলে তেওঁক ত্যাগ কৰি সাৰনাথৰ ঋষিপাটনালৈ গৈছিল।৬ বুদ্ধয়ে পৰম জ্ঞান লাভ কৰাৰ পিছত তেওঁলোকক লগ আৰু শিক্ষাদান কৰিবলৈ উৰুবিল্ব এৰি ঋষিপাটনালৈ গৈছিল। বুদ্ধয়ে সাৰনাথলৈ যোৱা পথত গঙ্গা নদী পাৰ হবলগীয়া হৈছিল। ৰজা বিম্বিসাৰে এই কথা গম পোৱাত তেওঁ ঋষি সকলৰ ওপৰত আৰোপ কৰা কৰৰ বিলোপন ঘটায়।৭

গৌতম বুদ্ধয়ে তেওঁৰ পূৰ্বৰ পাঁচ গৰাকী সংগীক লগ পোৱাৰ পিছত তেওঁলোকক ধৰ্মচক্ৰপৰিৱৰ্তন সূত্ৰৰ জ্ঞান দিয়ে। এই পৰিঘটনাক ধৰ্মচক্ৰপৰিৱৰ্তন বোলে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতিৰ অন্যতম 'সংঘ'ৰ প্ৰতিষ্ঠা হয়। আষাঢ় মাহৰ পূৰ্ণিমা তিথিত এই ঘটনা সংঘটিত হৈছিল। তাৰপিছত বুদ্ধয়ে বৰ্ষাকাল সাৰনাথৰ মূলগোন্ধকুটীত কটাইছিল।৮ সাৰনাথত ভিক্ষুসংঘৰ সংখ্যা অতি কম সময়ৰ ভিতৰতে ৬০ গৰাকী সদস্যলৈ বৃদ্ধি হয় আৰু বুদ্ধয়ে তেওঁলোকক সকলো দিশলৈ তেওঁৰ বাণী প্ৰচাৰৰ বাবে প্ৰেৰণ কৰিছিল।

জৈন আখ্যান

জৈন পৰম্পৰা অনুসৰি গুৰু পূৰ্ণিমাৰ পৰা জৈন সকলৰ পৱিত্ৰ 'চতুৰ্মাস' আৰম্ভ হয়। চতুৰ্মাস হৈছে জৈন সকলে পৱিত্ৰ জ্ঞান কৰা বৰ্ষাকালৰ চাৰিমাহ। জৈন সকলৰ ২৪তম তীৰ্থাংকৰ মহাবীৰে 'কৈৱল্য' অৱস্থা লাভ কৰা পিছত এগৰাকী গন্ধৰ্ব ইন্দ্ৰভূতি গৌতমক তেওঁৰ প্ৰথম শিষ্য হিচাপে গ্ৰহণ কৰিছিল। পিছলৈ ইন্দ্ৰভূতি গৌতম গন্ধৰ্বক গৌতম স্বামী হিচাপে জনা যায়। এইদৰে মহাবীৰ এগৰাকী ত্ৰিনক গোহাত পৰিগণিত হৈছিল আৰু জৈন সকলে এই দিন ত্ৰিনক গোহা পূৰ্ণিমা হিচাপে পালন কৰি আহিছে।৯

তাৎপৰ্য আৰু উদযাপন

গুৰু পূৰ্ণিমাত গুৰু সকলৰ উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। গুৰু পূজা এই উৎসৱৰ অন্যতম মূল অনুষ্ঠান।১০ গুৰু শব্দটো 'গু' আৰু 'ৰু' এই দুই শব্দৰ পৰা আহিছে। সংস্কৃত ভাষাত 'গু' মানে অন্ধকাৰ বা অজ্ঞানতা আৰু 'ৰু' মানে অন্ধকাৰ বা অজ্ঞানতা দূৰ কৰোঁতা।১১ অৰ্থাৎ গুৰু মানে অজ্ঞানৰূপী অন্ধকাৰ দূৰ কৰোঁতা।১ ভাৰতীয় সংস্কৃতিত গুৰুক জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।১২১৩ ধৰ্মীয় গুৰুত্বৰ বাহিৰেই এই উৎসৱৰ ভাৰতীয় শিক্ষা-ব্যবস্থাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ।১৪

বৌদ্ধ সকলে পাৰম্পৰিক ভাৱে গৌতম বুদ্ধয়ে সাৰনাথত তেওঁৰ প্ৰথম শ্ৰমণ দিয়া দিন হিচাপে এই উৎসৱ পালন কৰে।১৫ যোগী পৰম্পৰা অনুসৰি এই উৎসৱ ভগৱান শিৱয়ে প্ৰথম গুৰু হিচাপে যোগ বিদ্যা সপ্তৰ্ষি সকলক প্ৰদান কৰা দিৱস হিচাপে পালন কৰা হয়।১৬ তদুপৰি প্ৰাচীন ভাৰতীয় গুৰু শিষ্য পৰম্পৰাত অন্যতম শ্ৰেষ্ঠ গুৰু বেদব্যাসৰ আৱিৰ্ভাৱ তিথি হিচাপে হিন্দু সকলে এই উৎসৱ পালন কৰে। ইয়াৰ লগতে তেওঁ কেইদিন 'আষাঢ় সুধা পদ্যমী' লিখিবলৈ আৰম্ভ কৰিছিল আৰু এই দিনায়ে এই কাব্য শেষ হৈছিল।১৭৪১৮ হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত আটাইকেইটা ধাৰ্মিক ধৰ্মালম্বী সকলে এই দিন গুৰু তথা শিক্ষকলৈ উছৰ্গা কৰি পালন কৰে।১৯ হিন্দু ধৰ্মৰ সাধু, সন্ন্যাসী মহন্ত সকলে তেওঁলোকৰ গুৰুলৈ পূজা আগবঢ়ায়। জৈন সকলে তেওঁলোকৰ পাৰম্পৰিক পৱিত্ৰ চতুৰ্মাস উদযাপন কৰে।২০ গুৰু শিষ্য পৰম্পৰা পালন কৰা ভাৰতীয় ধ্ৰুপদী সংগীত আৰু ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ শিক্ষাৰ্থী সকলে গোটেই বিশ্বজুৰি এই উৎসৱ পালন কৰে।২১ এইদিনা বিভিন্ন মন্দিৰত ব্যাস পূজা অনুষ্ঠিত হয়।

নেপালত এই দিন শিক্ষক দিৱস হিচাপে পালন কৰা হয়। নেপালৰ শিক্ষানুষ্ঠানত এই দিনা শিক্ষকৰ উদ্দেশ্য বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় আৰু শিক্ষকক কৃতজ্ঞতা স্বৰূপে উপঢৌকন দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Guru Purnima 2019: Date, Time and Significance of Vyasa Purnima. News18
  2. ↑ गुरू पूर्णिमा - Guru Purnima: www.bhaktibharat.com/festival/guru-purnima
  3. ↑ Article poornima.html "Guru Poornima (Vyas Puja)" আৰ্কাইভ কপি
  4. ↑ (2008). Awakening Indians to India. Chinmaya Mission. পৃ. 167. ISBN 978-81-7597-434-0
  5. ↑ (2020-06-30). Guru Purnima 2020: Date, time, history and significance of 'Vyasa Purnima'. Jagran English
  6. ↑ Why do Buddhists celebrate Guru Purnima?. Free Press Journal
  7. ↑ (2019-07-16). Guru Purnima 2019: History, Importance, Significance of Guru Purnima. The Indian Express
  8. ↑ (2020-07-04). Guru Purnima 2020: Know the Date, Time and Significance of the Event Celebrated By 3 Faiths. News18
  9. ↑ Mahāvīra. (2006). Guha+Purnima%22+-inpublisher:icon Religion & culture of the Jains. Bhartiya Jnanpith. ISBN 81-263-1274-2
  10. ↑ Article "The Guru Principle" As on 22 July 2013 on www.Sanatan.org
  11. ↑ Guru Purnima: Know Why And How It Is Celebrated. NDTV.com
  12. ↑ (2020-07-01). Guru Purnima 2020 India:Date,Story,Quotes,Importance,Special Messages. S A NEWS
  13. ↑ Guru Purnima 2020: Guru Purnima, Buddh Purnima And Chandra Grahan Date, Time, What To Eat. NDTV Food
  14. ↑ Apr 11, Ritu Shukla · Updated:; 2019; Ist, 10:59. Guru Purnima - Significance of Guru Purnima · - Times of India. The Times of India
  15. ↑ Guru Purnima To Be Celebrated On 16th July; India To Witness Chandra Grahan On 17th July. theindiasaga.com
  16. ↑ The Significance of Guru Purnima. Isha Foundation
  17. ↑ Sharma, Brijendra Nath. (1978). Festivals of India. Abhina Publications. পৃ. 88
  18. ↑ Sehgal, Sunil. (1999). Encyclopaedia of Hinduism: (H - Q)., Volume 3. 8176250643. Sarup & Sons. পৃ. 496. ISBN 9788176250641
  19. ↑ Sivananda, Swami. (1983). Hindu fasts and festivals. Divine Life Society. পৃ. 29
  20. ↑ Wadley, Susan Snow. (2005). Guru +Purnima%22+-inpublisher:icon&cd=86#v=onepage&q=%22Guru%20Purnima%22%20-inpublisher%3Aicon&f=false Essays on North Indian folk traditions. Orient Blackswan. পৃ. 64. ISBN 81-8028-016-0
  21. ↑ Aug 11, Mona Punjabi ·; 2017; Ist, 12:54. Lord Shiva Birth History, How Lord Shiva Born · - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহহিন্দুধৰ্মৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰু পূৰ্ণিমা” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৮১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।