অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব হেপাটাইটিছ দিৱস

বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে। হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ ৰোগৰ চাৰিটা প্ৰকাৰ হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু হেপাটাইটিছ ডিৰ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপাটাইটিছত আক্ৰান্ত হয় আৰু তাৰে ১৩.৪ লাখ লোকৰ মৃত্যু হয়।১ হেপাটাইটিছৰ পৰা যকৃত সম্পৰ্কীয় আন আনুষংগিক ৰোগ সংঘটিত হব পাৰে।

বিশ্ব হেপাটাইটিছ দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ১১ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগ প্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব চগাছ ৰোগ দিৱস, বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু বিশ্ব জীৱাণুৰোধী সজাগতা সপ্তাহ।২

হেপাটাইটিছ গ্ৰুপ, ৰোগী, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে প্ৰতিবছৰে হেপাটাইটিছ দিৱস উদযাপন কৰাত আগ-ভাগ লয়।

ইতিহাস

প্ৰথম আন্তৰ্জাতিক হেপাটাইটিছ চি সজাগতা দিৱস ২০০৪ চনৰ ১ অক্টোবৰ তাৰিখে ইউৰোপ আৰু মধ্য প্ৰাচ্যৰ দেশৰ ৰোগীৰ গোটে উদযাপন কৰিছিল।৩ তেতিয়ায়ে হেপাটাইটিছৰ গোটেইকেইটা ভাগৰ বাবে এক উমৈহতীয়া দিৱস উদযাপন কথা চিন্তা কৰা হৈছিল।৪ তাৰপিছত ২০০৮ চনত বিশ্ব হেপাটাইটিছ সংঘ আৰু বিভিন্ন ৰোগীৰ গোটৰ সহযোগিতাত প্ৰথম হেপাটাইটিছ দিৱস ১৯ মে' তাৰিখে পালন কৰা হৈছিল।

হেপাটাইটিছ দিৱস পালনৰ চিন্তা ওড়িশাৰ কটকত আৰম্ভ হৈছিল। শ্ৰীৰামচন্দ্ৰ ভঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ গেষ্ট্ৰ'এনটোলজি বিভাগৰ মুৰব্বী অধ্যাপক এছ.পি. সিঙে পোন প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰতিষ্ঠানত ২৮ জুলাই তাৰিখে পালন কৰিছিল। পিছলৈ ২০১০ চনৰ মে' মাহত বিশ্ব স্বাস্থ্য সভাৰ ৬৩তম অধিবেশনত বিশ্ব হেপাটাইটিছ দিৱস উদযাপন গৃহীত হয়। হেপাটাইটিছ বি ভাইৰাছৰ আৱিষ্কাৰক ন'বেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী বাৰুছ চেমুৱেল ব্লুমবাৰ্গৰ সন্মানৰ অৰ্থে তেওঁৰ জন্মদিন এই দিৱস উদযাপনৰ বাবে বাচি লোৱা হৈছিল।

বিশ্ব হেপাটাইটিছ দিৱস বৰ্তমান বিশ্বৰ ১০০ তকৈ বেছি দেশত পালন কৰা হয়। এই দিৱসৰ দিনা সজাগতামূলক চলচ্চিত্ৰ প্ৰদৰ্শন, পোষ্টাৰ কেম্পেইন, প্ৰদৰ্শনী, সভা-সমিতি, আলোচনা সত্ৰ আদি অনুষ্ঠিত কৰা হয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World Health Organization, World Hepatitis Day. Accessed 8 April 2014
  2. ↑ World Health Organization: WHO campaigns.
  3. ↑ আৰ্কাইভ কপি
  4. ↑ World Hepatitis Alliance Calls on Governments to Take Urgent Action to Tackle Chronic Viral Hepatitis B & C Epidemic; 2008. World Hepatitis Day: Home Page. World Hepatitis Alliance
  5. ↑ World Hepatitis Alliance, World Hepatitis Day Wrap-Up Report 2012.

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব হেপাটাইটিছ দিৱস” প্ৰবন্ধৰ সংশোধন ৫৭১৪০৬ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।