অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অদম্য

অদম্য (Adomya) হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ।

হালনাগাদ: ৬ জানুৱাৰী ২০২৪ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অদম্য (Adomya) হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ। এইচ আই ভি এইড্‌ছ ৰোগ আৰু সমাজত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মিত বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰণামী বৰাই।১ চলচ্চিত্ৰখনে ২০১৪ চনৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Spritual film শাখাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে।২

কাহিনী

গাঁৱৰ ছোৱালী জুৰি (প্ৰণামী বৰা) এজন অভিযন্তালৈ বিয়া হয়। কিন্তু বিয়াৰ ৬ মাহৰ পাছতে তেওঁৰ স্বামী এইচ আই ভি এইড্‌ছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। সেই সময়ত জুৰি গৰ্ভৱতী আছিল আৰু স্বাস্থ্য পৰীক্ষাত জুৰিৰ দেহতো এইড্‌ছ ৰোগ ধৰা পৰে। স্বামীৰ পৰিয়ালে ঘৰৰ পৰা উলিয়াই দিয়াত জুৰিয়ে নিজৰ গাঁৱৰ মাক-দেউতাকৰ ঘৰলৈ যায়। পিতৃগৃহতো একেই ব্যৱহাৰ পোৱাত জুৰিয়ে ৰাস্তাৰ কাষৰ এটা সৰু জুপুৰিত থাকিবলৈ লয় আৰু তাতেই এটি কন্যা সন্তান জন্ম দিয়ে। সৌভাগ্যক্ৰমে সন্তানটি এইড্‌ছ ৰোগত আক্ৰান্ত হোৱাৰ পৰা বাচি যায় যদিও সমাজৰ হীন ব্যৱহাৰৰ পৰা সাৰি নাযায়। সমাজৰ পৰা বহিষ্কৃত জুৰিয়ে জীয়াই থকাৰ শেষ আশা কন্যাসন্তান "জোনাক"ক লৈ কেইমাহমানৰ পাছত গুৱাহাটীলৈ যায়গৈ আৰু নিজৰ সংগ্ৰাম অব্যাহত ৰাখে।১২৩

অভিনয়ত

  • প্ৰণামী বৰা (চৰিত্ৰ- জুৰি)
  • সুলক্ষণা বৰুৱা (চৰিত্ৰ- জোনাক)
  • জ্যোতি নাৰায়ণ নাথ (চৰিত্ৰ- জয়ন্ত)
  • সৌৰভ হাজৰিকা (চৰিত্ৰ- জুৰিৰ স্বামী)
  • জলী ভট্টাচাৰ্য (চৰিত্ৰ- জয়ন্তৰ পত্নী)
  • অতুল পাচনি (চৰিত্ৰ- গঞা)
  • জয়ন্ত দাস (চৰিত্ৰ- চিকিৎসক)
  • প্ৰাঞ্জল শইকীয়া (চৰিত্ৰ- চিকিৎসক)
  • পূৰ্ণিমা পাঠক শইকীয়া (চৰিত্ৰ- জুৰিৰ শাহু)
  • ৰুণু দেৱী১৩

কলা-কুশলী

  • প্ৰযোজনা - বসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱা
  • পৰিচালনা/কাহিনী/সংলাপ - ববী শৰ্মা বৰুৱা
  • চিত্ৰনাট্য - সাগৰ সংগম চৰকাৰ, ববী শৰ্মা বৰুৱা
  • সংগীত পৰিচালনা - পংকজ শৰ্মা
  • চিত্ৰগ্ৰহণকাৰী - সত্য প্ৰকাশ ৰথ
  • সম্পাদক - ৰাতুল ডেকা
  • ছাউণ্ড ডিজাইন - দেবজিত গায়ন১৩
  • কলা নিৰ্দেশনা - দিগন্ত ভূঞা

সংগীত

অদম্যৰ সংগীত পৰিচালক পংকজ শৰ্মা। ছবিখনৰ গীতৰ ৰচয়িতা ববী শৰ্মা বৰুৱা। গানকেইটাত কণ্ঠদান কৰিছে প্ৰজ্ঞান বৰুৱা, নন্দিতা শৰ্মা আৰু সুলক্ষণা বৰুৱাই। গীতৰ সুৰ জিত কাশ্যপৰ।৪

সন্মান

  • ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - শ্ৰেষ্ঠ চলচ্চিত্ৰ (Spiritual film শাখা), ২০১৪২৫
  • পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল, লণ্ডনত প্ৰদৰ্শিত, ২০১৪৫
  • প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ, বাংলাদেশত প্ৰদৰ্শিত, ২০১৪৫
  • Cana ফিল্ম ফেষ্টিভেল, ছিংগাপুৰত প্ৰদৰ্শিত, ২০১৪৫
  • দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত, ২০১৪৫
  • Kala Godha Arts festivalত প্ৰদৰ্শিত, ২০১৪৫
  • তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত৬৫
  • মুম্বাই আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ২০১৪৫
  • চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ২০১৪৫
  • বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত, ২০১৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Abhijit Roy. (১৪ ডিচেম্বৰ ২০১৪). Adomya now playing in the theaters directed by Bobby Sarma Baruah. Creativica
  2. ↑ Rajiv Konwar. (১৯ জানুৱাৰী ২০১৪). Assamese film bags honour in Dhaka fest. The Telegraph
  3. ↑ Adomya (Assam) Movie Release on 5th Dec 2014. Cine Forest
  4. ↑ লাইম লাইট. ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত নতুন অসমীয়া ছবি 'অদম্য'ৰ বিশ্ব প্ৰিমিয়াৰ, সপ্তাহান্তিক, পৰিপূৰিকা, আমাৰ অসম, ৯ নৱেম্বৰ, ২০১৩, পৃ: সাংস্কৃতিকী (৪)
  5. ↑ (১২ ডিচেম্বৰ ২০১৪). Why Should You Watch Adomya. Magical Assam
  6. ↑ Pranjal Borah. (২ নৱেম্বৰ ২০১৪). Adomya and Anuradha make it to Delhi International Film Festival, 2014. Assam Portal

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদম্য” প্ৰবন্ধৰ সংশোধন ৪০০৯৬০ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।