খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ১। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়২। এই উৎসৱৰ লগত জড়িত খেৰাই এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়ো জনগোষ্ঠীসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে।
নামৰ অৰ্থ
খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ভগৱানৰ উদ্দেশ্যে কৰা নৃত্য৩।
বিৱৰণ
বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰী কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ৩।
খেৰাই নৃত্য
অসমৰ বড়োসকলৰ মাজত প্ৰচলিত খেৰাই পূজাত খেৰাই নৃত্য প্ৰদৰ্শন কৰা হয়। খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। এই নৃত্য বাৰ প্ৰকাৰৰ:- বাৰ্ন গইদইং গ্ৰয় অৰ্থাৎ বেদী প্ৰদক্ষিণ কৰি কৰা নৃত্য,ছাত্ৰাৱাস মোছানয় অৰ্থাৎ গোড়া ধৰ্ম নৃত্য,খফ্ৰী চইব্ৰয় মানে জাপি লৈ কৰা নৃত্য, খই জোতা পনয় মানে পোক পৰুৱা দূৰ কৰিবলৈ কৰা নৃত্য,গণ্ডোৱালা বন হয় অৰ্থাৎ পখিলা ধৰিবলৈ কৰা নৃত্য,ছাগোলন অৰ্থাৎ এই জগতলৈ জীৱন প্ৰৱাহৰ ধাৰা কিদৰে বৈ আহিল প্ৰদৰ্শন নৃত্য,মিজো জেলে নয় মানে ম'হৰ নৃত্য,নাও বনয় মানে নাৱৰ নৃত্য,গোৰাই দ্ৰাৱাই নৃত্য মানে ঘোঁৰাত উঠা নৃত্য,নফুৰ গেলেনয় মানে ভালুকৰ নৃত্য, দাওহাই লংনয় মানে কুকুৰা কাটি তাৰ ৰক্তপাত কৰা নৃত্য, আৰু পাপলা মোচানয় মানে বীৰৰ নৃত্য।
লগতে চাওক
বাহ্যিক সংযোগ
- ‘Kherai a religious festival’, assamtribune.com.
তথ্যসূত্ৰ
- ↑ Ms. Anjalee Hazowary, Dr. Mangal Singh Hazowary. Kherai Festival: A Traditional Religious Festival of Bodos
- ↑ (18th Jan, 2011). Festivals of the Bodo tribes. vedanti.com
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ৯৮)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেৰাই” প্ৰবন্ধৰ সংশোধন ৫৭৬৫৩৭ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।