অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অনুৰাধা (চলচ্চিত্ৰ)

অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২৩ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত১ মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ।২ নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।৩ মুখ্য ভূমিকাত অভিনয় কৰিছে মেঘৰঞ্জনীয়ে৪। দিগন্ত শইকীয়াই চলচ্চিত্ৰখনত কাৰ্যবাহী প্ৰযোজকৰ দায়িত্ব লয়।৫ সংগীত পৰিচালনা গীত প্ৰিয়মৰ। গীত প্ৰিয়মে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত সংগীত পৰিচালনা কৰে। চিত্ৰগ্ৰহণ সূৰুয ডেকাৰ।

কাহিনী

ব্যতিক্ৰমধৰ্মী পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি অনুৰাধা এখন সম্পূৰ্ণ নাৰীকেন্দ্ৰিক ছবি। কাৰ্যবাহী প্ৰযোজক দিগন্ত শইকীয়াৰ মতে ছবিখনত এগৰাকী নাৰীৰ অনুভূতি, আদৰ্শ, দৃষ্টিভংগী, প্ৰেম, দৰ্শন আদি সাৱলীলভাৱে উপস্থাপন কৰাৰ প্ৰচেষ্টা কৰা হৈছে৷৬

নিৰ্মাণ

ফাইভ ডি কেমেৰাৰে ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণৰ বাবে জিম্মি জিব প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।৬

অভিনয়

বোলছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰে মেঘৰঞ্জনীয়ে। এইখন তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি। নায়কৰ চৰিত্ৰত অভিনয় কৰে দিগন্ত হাজৰিকাই। আন আন চৰিত্ৰৰ অভিনয়শিল্পীসকল হ'ল:

  • জয় কাশ্যপ
  • প্ৰণামি বৰা
  • সূৰুয কলিতা
  • তানিয়া নন্দী
  • নয়ন শইকীয়া
  • প্ৰশান্ত গোস্বামী
  • মালবিকা ঠাকুৰীয়া২

কলা-কুশলী

ছবিখনৰ কাৰ্য্যবাহী প্ৰযোজক দিগন্ত শইকীয়া। ছবিখনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা ৰাকেশ শৰ্মাৰ৷ বোলছবিখন সম্পাদনা কৰে ৰাতুল দাসে।৫ চিত্ৰগ্ৰহণ কৰে সূৰুয ডেকাই। মুখ্য সহকাৰী পৰিচালক অনুপম বৈশ্য।৩

সংগীত

অনুৰাধাৰ সংগীত পৰিচালনা আৰু গীতৰ কথা গীত প্ৰিয়মৰ। গীত সমূহত কণ্ঠদান কৰিছিল অংগৰাগ মহন্ত, ৰূপম ভূঞা, প্ৰাৰ্থনা গগৈ, অনিতা বি ডেকা, নীহাৰ জিত আৰু সৌৰভ মহন্তই।৭

মুক্তি

শ্ৰব্য গীতৰ অডিঅ'

২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেহৰু পাৰ্কত এক বৰ্ণাঢ্য অনুষ্ঠানত বোলছবিখনৰ সংগীত মুকলি কৰা হয়।৫ এই অনুষ্ঠানত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, গায়ক জ্যোতি প্ৰকাশ দাস আৰু অভিনেতা জয়ন্ত কুমাৰ দাস উপস্থিত আছিল।৬

বোলছবি

২০১৫ চনৰ ২৭ মাৰ্চ তাৰিখে সমগ্ৰ অসমতে বোলছবিখনে মুক্তি লাভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pranjal Borah. (17 মাৰ্চ 2015). Anuradha to Release on 27th March 2015. Kothasobi
  2. ↑ (২০১৪). অনুৰাধাৰ কথা. বিস্ময়. পৃ. ১২৩
  3. ↑ অসমীয়া খবৰ, ১০ নৱেম্বৰ, ২০১৩
  4. ↑ গীতিকা তালুকদাৰ. মেঘৰঞ্জনী আৰু দিগন্ত হাজৰিকাৰ ৰোমাণ্টিক যুটিৰে অনুৰাধা, বহুমুখ, পৰিপূৰিকা, আমাৰ অসম, ১৩ নৱেম্বৰ, ২০১৩, পৃ: চিত্ৰবাণী (৪)
  5. ↑ (১২ মাৰ্চ, ২০১৪). কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ ৰাকেশ শৰ্মাৰ অনুৰাধা. নিয়মীয়া বাৰ্তা
  6. ↑ (২৮ ফেব্ৰুৱাৰী, ২০১৪). অনুৰাধাৰ চিডি মুকলি. দৈনিক অসম
  7. ↑ জ্যোতি প্ৰকাশ নাথ. সম্পাদনা মেজত অসমীয়া কথাছবি অনুৰাধা, শংকৰজ্যোতি, ২০ ডিচেম্বৰ, ২০১৩, পৃ: কলা সংস্কৃতি (১০)

সম্পৰ্কিত শ্ৰেণী

২০১৫ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৮৮৮৮ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।