মইনাজান (Mainajan) ১৯৮০ চনত মুক্তি লাভ কৰা, দেৱকুমাৰ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত খগেন মহন্তৰ। ছবিখন প্ৰেম পিকচাৰচৰ বেনাৰ প্ৰযোজনা কৰিছিল এম পি এন নায়াৰে। এইখন নায়িকা বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা আছিল। প্ৰযোজক নায়াৰ বিদ্যা ৰাও (অভিনেত্ৰী)ৰ স্বামী আছিল।১
কাহিনীৰ সাৰাংশ
মইনাজান এক পাৰিবাৰিক কাহিনীৰে নিৰ্মিত ছবি। জীৱন আৰু জান দুই ভাই-ককাই। জীৱনে বিয়া কৰাইছে জেউতিক। ঘৰত বৃদ্ধা মাক। মইনা সেই গাঁৱৰে সহজ-সৰল, নিৰাখৰী ছোৱালী। সৰুৰে পৰা উমলি-জামলি ডাঙৰ হোৱা জান আৰু মইনাই ইজনে সিজনৰ প্ৰতি আকৃষ্ট হয়।১
এনেতে ঘৰখনত এক অঘটন ঘটিল। বেমাৰত পৰি বৃদ্ধা মাকৰ মৃত্যু হ’ল। ডাক্তৰৰ অভাৱত বিনা চিকিৎসাই মাকৰ মৃত্যু হোৱাত জীৱনে প্ৰতিজ্ঞা কৰিলে যে ভায়েক জানক ডাক্তৰী পঢ়াব। পঢ়ি উঠি ভায়েকে গাঁৱতে চিকিৎসা-সেৱা আগবঢ়াব। ঘৰ-সম্পত্তি, আ-অলংকাৰ সকলো বন্ধকীত দি জানক চহৰলৈ ডাক্তৰী পঢ়াবলৈ পঠালে। জানে কিন্তু ককায়েকে কিমান ত্যাগ আৰু কষ্টৰ বিনিময়ত ভায়েকক পঢ়ুৱাইছে, সেই বিষয়ে অলপো জ্ঞাত নহয়।১
জান ডাক্তৰ হৈ ওলাল। কিন্তু চহৰৰ ৰংচঙীয়া পৰিবেশত তেওঁ গাঁওখনৰ কথা, ঘৰখনৰ কথা পাহৰি গ’ল। মইনাক পাহৰি জান চহৰৰ আধুনিকা গাভৰু ৰীণাৰ প্ৰতি আকৃষ্ট হ’ল। ৰীণাৰ সহযোগত তেওঁ বিদেশলৈ যোৱাৰ প্ৰস্তুতি চলালে।১
কিন্তু এৰি অহা জীৱনটোক পাহৰা জানো ইমান সহজ। এদিন জানৰ জ্ঞানচক্ষু মুকলি হ’ল। অৱশেষত তেওঁ উভতি আহিল নিজৰ ওপজা গাঁওখনলৈ।১
অভিনয় শিল্পী
- নিপন গোস্বামী
- বিদ্যা ৰাও (অভিনেত্ৰী)
- হৰি ডেকা
- অনিল দাস
- মিনতি দাস
- জ্বলী চৌধুৰী
- ইৰাণ দত্ত ফুকন
- অমু (অমিতাভ গগৈ)
- ধৰণী চৌধুৰী (অতিথি শিল্পী)
- আৰতি বৰুৱা১
সংগীত
ছবিৰ সঙ্গীত পৰিচালনা খগেন মহন্তৰ। গীত লিখিছে কেশৱ মহন্তই।১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 289
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মইনাজান” প্ৰবন্ধৰ সংশোধন ৪১৬৭২৮ (৩ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।