বিশ্ব মেলেৰিয়া দিৱস প্ৰতিবছৰে এপ্ৰিল মাহৰ ২৫ তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে মেলেৰিয়া প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে। ১০৬ খন দেশৰ প্ৰায় ৩.৩ বিলিয়ন লোক মেলেৰিয়াৰ কৱলত পৰাৰ সম্ভাৱনা আছে।১ ২০১২ চনত মেলেৰিয়াত প্ৰায় ৬,২৭,০০০ মানুহৰ মৃত্যু হৈছিল। ইয়াৰে সৰহসংখ্যক আফ্ৰিকাৰ শিশু আছিল।২ এছিয়া, লেটিন আমেৰিকা, মধ্য প্ৰাচ্য আৰু ইউৰোপৰ কিছু অংশ মেলেৰিয়াৰ কৱলত পৰিছে।
বিশ্ব মেলেৰিয়া দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস.৩
বিশ্ব মেলেৰিয়া ৰিপৰ্টৰ শেহতীয়া তথ্য অনুসৰি ২০১৫ চনত প্ৰায় ৪,২৯,০০০ মানুহৰ মৃত্যু আৰু ২১২ মিলিয়ন নতুনকৈ মেলেৰিয়াত আক্ৰান্ত হৈছিল। ২০১০ চনৰ পৰা ২০১৫ চনলৈ মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ হাৰ ২১% আৰু মৃত্যুৰ হাৰ ২৯% কমিছে। উপ-চাহাৰান আফ্ৰিকাত সেই হাৰ ক্ৰমে ২১% আৰু ৩১% কমিছে।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ World Health Organization,World Malaria Report 2010.
- ↑ World Health Organization, Malaria. WHO Fact sheet N°94, updated March 2014. Accessed 8 April 2014
- ↑ World Health Organization: WHO campaigns.
- ↑ Jatinder, Kaur. World Malaria Day Asks Malaria Prevention. ABC Live
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মেলেৰিয়া দিৱস” প্ৰবন্ধৰ সংশোধন ৪২০২০৬ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।