অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰদৈচিলা

বৰদৈচিলা বা বাৰদৈচিখলা (बारदैसिख्ला, Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেস্বৰী। অসমীয়া লোককথা অনুসৰি ‘বৰদৈচিলা’ নামৰ অপেস্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায় যি এই বতাহজাকক…

হালনাগাদ: ২২ মে’ ২০২৫ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৰদৈচিলাৰ এখন কাল্পনিক চিত্ৰ।]]

বৰদৈচিলা বা বাৰদৈচিখলা (बारदैसिख्ला১, Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেস্বৰী।২ অসমীয়া লোককথা অনুসৰি ‘বৰদৈচিলা’ নামৰ অপেস্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায় যি এই বতাহজাকক বুজাই।১ বড়ো লোককথা অনুসৰি বাৰদৈচিখলা বতাহ আৰু পানী নিয়ন্ত্ৰণ কৰি বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত সৃষ্টি কৰাৰ ক্ষমতা থকা অপেস্বৰী, তেওঁৰ লগতে সম্পৰ্কিত বাৰদৈ ছিখলা নামৰ এটা বড়ো লোকনৃত্য আছে।৩ প্ৰতিবছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়। চ'ত মাহৰ পৰা ব’হাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়।৪

নামকৰণ

বৰদৈচিলা নামৰ অৰ্থলৈ বিভিন্ন মতভেদ আছে। কিছুলোকৰ মতে ‘বৰদৈ’ আৰু ‘চিলা’ এই দুটা নাম মিলনৰ ফলত বৰদৈচিলা নামৰ সৃষ্টি হৈছে।৫বড়োসকলৰ মতে ‘বাৰ’ (बार; বতাহ), ‘দৈ’ (दै; পানী)আৰু ‘চিখলা’ (सिख्ला; গাভৰু) অৰ্থাৎ বতাহ-বৰষুণৰ গোসাঁনী। এই তিনি নামৰ মিলনৰ ফলত বৰদৈচিখলা (बारदैसिख्ला) বা বাৰহুখা নামৰ সৃষ্টি হৈছিল।৫৬ অন্য এক বিশ্বাসমতে হনুমানৰ বাৰ-দৈ-চিখলা নামে জীয়েক এজনীক পূজা কৰা হৈছিল আৰু তেওঁৰ নাম অনুসাৰে এই ধুমুহাৰ নাম বৰদৈচিলা হয়।৫

লোকবিশ্বাস

বৰদৈচিলা ধুমুহাক শান্ত কৰিবলৈ চোতালত দিয়া দাপোণ, ফণি, সেন্দুৰ আৰু বৰপীৰা।
বৰদৈচিলা ধুমুহাক শান্ত কৰিবলৈ চোতালত দিয়া দাপোণ, ফণি, সেন্দুৰ আৰু বৰপীৰা।ছবি: পাপৰি বৰা · CC BY-SA 4.0

লোকবিশ্বাস মতে বৰদৈচিলা বিবাহিত মহিলা। বৰদৈচিলা প্ৰতি বছৰে ব’হাগ মাহত নিজৰ মাকৰ ঘৰলৈ আহে। প্ৰবল বেগত উৰি অহাৰ কাৰণে ধুমুহাৰ সৃষ্টি হয় আৰু পথত পোৱা খেতিপথাৰ ধ্বংস কৰি দিয়ে। বৰদৈচিলা এই ধুমুহাৰ সৃষ্টিকৰ্তা, সেয়েহে ইয়াৰ নাম বৰদৈচিলা। বৰদৈচিলা ধুমুহাক শান্ত কৰিবলৈ চোতালত দাপোণ, ফণি আৰু বৰপীৰা দিয়া হয়। জেঠ মাহত বৰদৈচিলা মাকৰ পৰা বিদায় লৈ স্বামীগৃহ যাবলৈ সাজু হয়। বিদায়ৰ বেদনাত বৰদৈচিলাই কান্দি উঠে আৰু তেওঁৰ চকুৰ পানী বৰষুণ হৈ পৃথিৱীত পৰে।

বৈজ্ঞানিক দৃষ্টিভংগী

বৰদৈচিলা বিহুৰ সময়ত আহে। সেয়ে বৰদৈচিলাই বিহুৰ বতৰা আনে বুলি কোৱা হয়। সাধাৰণতে ই এক প্ৰাকৃতিক পৰিঘটনা। সেই অনুসৰি বৰদৈচিলাক অসমীয়া সংস্কৃতিত ভূত-প্ৰেতৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। বৰদৈচিলা বায়বীয় প্ৰেত। প্ৰাকৃতিক বুৰঞ্জী অনুসৰি এই ভূত-প্ৰেতবোৰক প্ৰধানকৈ চাৰি ভাগত ভগোৱা হৈছে-৭ আদিম মানুহসকল ৰ’দ-বৰষুণ, ধুমুহা, উল্কাপাত, ভূমিকম্প আদি বিভিন্ন প্ৰাকৃতিক ঘটনাৰ উৎস আৰু হেতু সম্পৰ্কত তেনেই অজ্ঞ আছিল। সেই অজ্ঞতাৰ বাবে তেওঁলোকে প্ৰকৃতিৰ ওচৰত বৰ অসহায় অনুভৱ কৰিছিল। সেই অজ্ঞতা আৰু অসহায়বোধেই তেওঁলোকৰ মনত ৰহস্যময় প্ৰাকৃতিক ঘটনাবোৰৰ সম্পৰ্কত বিভিন্ন ধাৰণাৰ জন্ম দিছিল। আদিম মানুহে প্ৰাকৃতিক ঘটনাবোৰ কোনো অলৌকিক শক্তিয়ে সম্পন্ন কৰে বুলি বিশ্বাস কৰাৰ লগতে সেইবোৰক দেৱ-দেৱতা, ভূত-প্ৰেত আদি নাম দি লৈছিল। মানুহৰ হিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত দেৱ-দেৱতা আৰু মানুহৰ অহিত সাধন কৰা প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত ভূত-প্ৰেত জড়িত থাকে বুলি বিশ্বাস কৰিছিল।৮

সূৰ্যৰ তাপত স্থলভাগৰ আৰ্দ্ৰ গৰম বতাহ ঊৰ্ধ্বগামী হৈ তুলনামূলকভাৱে চেঁচা বায়ুমণ্ডত প্ৰৱেশ কৰাৰ ফলত বিজুলী ঢেৰেকনিৰ সৃষ্টি হয়। এই ঊৰ্ধ্বগামী আৰ্দ্ৰ বতাহ ঘনীভূত হৈ বৰষুণ দিব পৰা ডাৱৰৰ সৃষ্টি কৰে। এই ডাৱৰৰ পৰা বৰষুণ হয় আৰু আৰ্দ্ৰ গৰম বতাহ ঊৰ্ধ্বগামী হৈ একপ্ৰকাৰ খালী হোৱা স্থানলৈ চেঁচা বতাহ প্ৰবল বেগেৰে গতি কৰে; ভূ ভাগৰ সমান্তৰালকৈ থকাই বতাহেও তীব্ৰ গতি লাভ কৰে। বতাহৰ গতি উত্তৰ -পশ্চিম দিশৰ পৰা দশিন- পূবমুখী হয়। এই সমগ্ৰ প্ৰক্ৰিয়াই অসমত বৰদৈচিলা ৰূপে প্ৰৱেশ কৰি প্ৰবল ধুমুহাৰ ৰূপ লয় তথা অজস্ৰ ক্ষতিসাধন কৰে। আশ্চৰ্যকৰ কথাটো হ'ল বৰদৈচিলা উদ্ভৱ হ'বলৈ মাত্ৰ এঘণ্টাৰ পৰা তিনিঘণ্টা মান সময়ৰহে প্ৰয়োজন। সেয়ে ইয়াৰ ভৱিষ্যতবাণী কৰাও সহজ নহয়। এইজাক ধুমুহাৰ গতিবেগ ঘণ্টাত ৬০-৮০ কিল'মিটাৰ হ'ব পাৰে।৯

বাহ্যিক সংযোগ

  • বৰদৈচিলা - English Wiktionary

তথ্যসূত্ৰ

  1. ↑ BORDOICHILA: A PRE-MONSOON WEATHER
  2. ↑ হাকাচাম, ড° উপেন ৰাভা (২০১৮)। মুক্তি দেউল (বিষ্ণু ৰাভা স্মৃতি দিৱস)। সদৌ অসম ছাত্ৰ সন্থা,, পৃষ্ঠা:৫২
  3. ↑ Bhattacharya, Pramod Chandra (1977). A Descriptive Analysis of the Boro Language. Department of Publication, Gauhati University
  4. ↑ মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা, নৱকান্ত বৰুৱা. (2013). আধুনিক অসমীয়া অভিধান. অসম প্ৰকাশন পৰিষদ. পৃ. 332
  5. ↑ হাকাচাম, ড° উপেন ৰাভা. (২০১৩). ভাষা-সাহিত্যৰ দ্ৰষ্টা-স্ৰষ্টা আৰু সমাজ নিৰ্মাতা. আঁক-বাক. পৃ. ৫১. ISBN 978 93 82726 10 4
  6. ↑ (2020). Ankuran, Chaturtha Bhag. Assam State Textbook Production and Publication Corporation Limited. পৃ. 97
  7. ↑ উমেশ চেতিয়া. (২০০৮). অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা. কিৰণ প্ৰকাশন
  8. ↑ শইকীয়া, নগেন. (২০১৬). অসমীয়া মানুহৰ ইতিহাস. কথা পাব্লিকেশ্বন. পৃ. ২৪৭. ISBN 978-81-89148-15-7
  9. ↑ অসম ইয়েৰ বুক, শান্তনু কৌশিক বৰুৱা

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিলোককথাৰ জীৱভূত-প্ৰেত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰদৈচিলা” প্ৰবন্ধৰ সংশোধন ৫১১২৮২ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।